--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘ইণ্ডিয়াতে টাকত হ’বলে, হিম্মৎ হ’বলে, মই দুটা মানুহ পঠাইছে, আছাম ৰাইফলছতে৷ একটা মানুহ আজি মৰিছে, একটা আছে…৷ ইণ্ডিয়াৰ কাৰণে খুন দিছে মোৰ বাচ্চাখান, বেছি খুচি পাইছে… এগৰাকী শ্বহীদ পিতৃৰ মন্তব্যই এতিয়া তোলপাৰ লগাইছে দেশত। নিজৰ সন্তানক হাঁহিমুখে দেশৰ বাবে বলিদান দিয়াৰ কাহিনী কেৱল ৰূপকথাতে নাই, আজিৰ সমাজকো যে আছে সেইকথা পুনৰ প্ৰতীয়মান কৰি তুলিছে এইগৰাকী বীৰৰ পিতৃয়ে। দেশৰ শক্তি বৃদ্ধি কৰিবলৈ নিজৰ দুটাকৈ সন্তানক আগুৱাই দিয়াৰ কথা তেওঁ সগৌৰৱে ঘোষণা কৰিছে। শেষকৃত্যৰ বাবে ৰখা পুত্ৰৰ মৃতদেহৰ কাষত ঠিয় হৈ তেওঁ গৰ্বেৰে কৈছে, মোৰ সন্তানে দেশ কাৰণে তেজ দিছে। মোৰ বহুত গৰ্ববোধ হৈছে… শ্বহীদ পিতৃৰ দেশভক্তি আৰু বীৰোচিত মন্তব্যই এতিয়া সকলোকে কৰি তুলিছে অনুপ্ৰাণিত, উদ্বেলিত।

১৩ নৱেম্বৰত সন্ত্ৰাসবাদীৰ এক কাপুৰুষোচিত আক্ৰমণত শ্বহীদ হৈছিল তেওঁৰ বীৰ পুত্ৰ আছাম ৰাইফলছৰ ৰাইফলমেন কাঠনেই কোন্যাকহো। মণিপুৰত সংঘটিক এই সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা পুত্ৰৰ মৃতদেহৰ কাষত ঠিয় হৈ তেওঁ পিছে শোকত ভাঙি পৰা নাই। বৰং গৰ্বত উদ্বেলিত হৈ উঠিছে আৰু স্থানীয় লোকসকলক উদ্দেশ্যি কৈছে, ‘ভাৰতৰ শক্তিশালী কৰিবলৈ মই মোৰ পৰিয়ালৰ দুজনক আগুৱাই দিছিলোঁ। তাৰে এজনৰ আজি মৃত্যু হ’ল। এজনে এতিয়াও কৰ্তব্য কৰি আছে। মোৰ সন্তানে ভাৰতৰ কাৰণে তেজ বোৱাইছে। মোৰ খুব গৰ্ব হৈছে, ভাল লাগিছে। এই সাহস অটুট থাকিব লাগিব। ভাৰতক শক্তিশালী কৰিবলৈ আমি, আমাৰ সমাজে আৰু অধিক সন্তানক আগুৱাই দিব লাগিব…’।

আৰু পঢ়কঃ ৫০০০ শিশুক দেখুৱাইছিল পৃথিৱীৰ পোহৰ, পিছে নিজ সন্তান প্ৰসৱৰ সময়ত প্ৰাণ হেৰুৱালে জ্যোতিয়ে

স্থানীয় লোকে এই ভিডিঅ’ বাণীবদ্ধ কৰি প্ৰচাৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰিছে। নগালেণ্ডৰ টিজিতত শ্বহীদগৰাকীৰ শেষকৃত্য কৰাৰ সময়তে এনে বীৰোচিত আৰু দেশবাসীৰ দেশপ্ৰেমেৰে উদ্বেলিত কৰিবপৰা মন্তব্য কৰে শ্বহীদ পিতৃগৰাকীয়ে। উল্লেখ্য যে, মণিপুৰত সংঘটিত হোৱা এই ঘাতক সন্ত্ৰাসবাদী আক্ৰমণত এগৰাকী কৰ্নেল, তেওঁৰ পত্নী-পুত্ৰসহ আন চাৰিজন আছাম ৰাইফলছৰ জোৱানে প্ৰাণ হেৰুৱাইছিল। তাৰ ভিতৰত আছিল এইগৰাকী কাঠনেই কোন্যাকহো। দেশৰ বাবে তেওঁৰ বলিদানৰ পাছত তেওঁৰ পিতৃৰ এই দৃঢ়তা তথা আত্মোসৰ্গিত দেশপ্ৰেমে প্ৰমাণ কৰিছে আজিও প্ৰকৃত দেশপ্ৰেমেৰে উদ্বুদ্ধ এনে একাংশ লোকৰ বাবেই আমাৰ দেশ সুৰক্ষিত হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে