--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘ইণ্ডিয়াতে টাকত হ’বলে, হিম্মৎ হ’বলে, মই দুটা মানুহ পঠাইছে, আছাম ৰাইফলছতে৷ একটা মানুহ আজি মৰিছে, একটা আছে…৷ ইণ্ডিয়াৰ কাৰণে খুন দিছে মোৰ বাচ্চাখান, বেছি খুচি পাইছে… এগৰাকী শ্বহীদ পিতৃৰ মন্তব্যই এতিয়া তোলপাৰ লগাইছে দেশত। নিজৰ সন্তানক হাঁহিমুখে দেশৰ বাবে বলিদান দিয়াৰ কাহিনী কেৱল ৰূপকথাতে নাই, আজিৰ সমাজকো যে আছে সেইকথা পুনৰ প্ৰতীয়মান কৰি তুলিছে এইগৰাকী বীৰৰ পিতৃয়ে। দেশৰ শক্তি বৃদ্ধি কৰিবলৈ নিজৰ দুটাকৈ সন্তানক আগুৱাই দিয়াৰ কথা তেওঁ সগৌৰৱে ঘোষণা কৰিছে। শেষকৃত্যৰ বাবে ৰখা পুত্ৰৰ মৃতদেহৰ কাষত ঠিয় হৈ তেওঁ গৰ্বেৰে কৈছে, মোৰ সন্তানে দেশ কাৰণে তেজ দিছে। মোৰ বহুত গৰ্ববোধ হৈছে… শ্বহীদ পিতৃৰ দেশভক্তি আৰু বীৰোচিত মন্তব্যই এতিয়া সকলোকে কৰি তুলিছে অনুপ্ৰাণিত, উদ্বেলিত।

১৩ নৱেম্বৰত সন্ত্ৰাসবাদীৰ এক কাপুৰুষোচিত আক্ৰমণত শ্বহীদ হৈছিল তেওঁৰ বীৰ পুত্ৰ আছাম ৰাইফলছৰ ৰাইফলমেন কাঠনেই কোন্যাকহো। মণিপুৰত সংঘটিক এই সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা পুত্ৰৰ মৃতদেহৰ কাষত ঠিয় হৈ তেওঁ পিছে শোকত ভাঙি পৰা নাই। বৰং গৰ্বত উদ্বেলিত হৈ উঠিছে আৰু স্থানীয় লোকসকলক উদ্দেশ্যি কৈছে, ‘ভাৰতৰ শক্তিশালী কৰিবলৈ মই মোৰ পৰিয়ালৰ দুজনক আগুৱাই দিছিলোঁ। তাৰে এজনৰ আজি মৃত্যু হ’ল। এজনে এতিয়াও কৰ্তব্য কৰি আছে। মোৰ সন্তানে ভাৰতৰ কাৰণে তেজ বোৱাইছে। মোৰ খুব গৰ্ব হৈছে, ভাল লাগিছে। এই সাহস অটুট থাকিব লাগিব। ভাৰতক শক্তিশালী কৰিবলৈ আমি, আমাৰ সমাজে আৰু অধিক সন্তানক আগুৱাই দিব লাগিব…’।

আৰু পঢ়কঃ ৫০০০ শিশুক দেখুৱাইছিল পৃথিৱীৰ পোহৰ, পিছে নিজ সন্তান প্ৰসৱৰ সময়ত প্ৰাণ হেৰুৱালে জ্যোতিয়ে

স্থানীয় লোকে এই ভিডিঅ’ বাণীবদ্ধ কৰি প্ৰচাৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰিছে। নগালেণ্ডৰ টিজিতত শ্বহীদগৰাকীৰ শেষকৃত্য কৰাৰ সময়তে এনে বীৰোচিত আৰু দেশবাসীৰ দেশপ্ৰেমেৰে উদ্বেলিত কৰিবপৰা মন্তব্য কৰে শ্বহীদ পিতৃগৰাকীয়ে। উল্লেখ্য যে, মণিপুৰত সংঘটিত হোৱা এই ঘাতক সন্ত্ৰাসবাদী আক্ৰমণত এগৰাকী কৰ্নেল, তেওঁৰ পত্নী-পুত্ৰসহ আন চাৰিজন আছাম ৰাইফলছৰ জোৱানে প্ৰাণ হেৰুৱাইছিল। তাৰ ভিতৰত আছিল এইগৰাকী কাঠনেই কোন্যাকহো। দেশৰ বাবে তেওঁৰ বলিদানৰ পাছত তেওঁৰ পিতৃৰ এই দৃঢ়তা তথা আত্মোসৰ্গিত দেশপ্ৰেমে প্ৰমাণ কৰিছে আজিও প্ৰকৃত দেশপ্ৰেমেৰে উদ্বুদ্ধ এনে একাংশ লোকৰ বাবেই আমাৰ দেশ সুৰক্ষিত হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক