--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আগন্তুক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে। সেনাৰ হাৰকুলিছ বিমানত আহি পূৰ্বাঞ্চল এক্সপ্ৰেছৱে উদ্বোধন কৰিলে মোদীয়ে। গুৰুত্বপূৰ্ণ যে ৩৪১ কিলোমিটাৰ দৈৰ্ঘৰ এই এক্সপ্ৰেছৱেত আছে বিমান অৱতৰণৰ সুবিধা।

মোদীৰ হাৰকুলিছ বিমানে অৱতৰণ কৰাৰ পাছত আজি এক্সপ্ৰেছৱেটোত অৱতৰণ কৰিলে মিৰাজ-২০০০ বিমানেও। উত্তৰ প্ৰদেশ চৰকাৰে ২২ হাজাৰ ৪৯৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিছে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে। লক্ষ্ণৌৰ পৰা গাজিপুৰলৈকে ৯খন চহৰ সংযুক্ত কৰিছে এই ৰাজপথে। উল্লেখ্যযোগ্য যে, ২০১৮ চনৰ ১৪ জুলাইত পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে, পূৰ্বৰ চৰকাৰসমূহৰ কাৰ্যকালত অবিকশিত হৈ থকা উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এলেকাৰ বিকাশৰ কাৰণে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে প্ৰদান কৰিছে বিশেষ গুৰুত্ব।

পূৰ্বাঞ্চল এক্সপ্ৰেছৱে

উল্লেখ্য যে, পূৰ্বাঞ্চলৰ ১৫৯খন বিধানসভা নিৰ্বাচনত প্ৰদৰ্শন কৰা ফলাফলৰ ওপৰতে নিৰ্ভৰ কৰিছে উত্তৰ প্ৰদেশলৈ পুনৰ চৰকাৰ আহিব নে নাহে। তাৰ বাবেই নিৰ্বাচনৰ পূৰ্বে পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব দিছে বিজেপিয়ে। কেন্দ্ৰত বিজেপি ক্ষমতালৈ পুনৰ অহাৰ ক্ষেত্ৰতো আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা