--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আগন্তুক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে। সেনাৰ হাৰকুলিছ বিমানত আহি পূৰ্বাঞ্চল এক্সপ্ৰেছৱে উদ্বোধন কৰিলে মোদীয়ে। গুৰুত্বপূৰ্ণ যে ৩৪১ কিলোমিটাৰ দৈৰ্ঘৰ এই এক্সপ্ৰেছৱেত আছে বিমান অৱতৰণৰ সুবিধা।

মোদীৰ হাৰকুলিছ বিমানে অৱতৰণ কৰাৰ পাছত আজি এক্সপ্ৰেছৱেটোত অৱতৰণ কৰিলে মিৰাজ-২০০০ বিমানেও। উত্তৰ প্ৰদেশ চৰকাৰে ২২ হাজাৰ ৪৯৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিছে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে। লক্ষ্ণৌৰ পৰা গাজিপুৰলৈকে ৯খন চহৰ সংযুক্ত কৰিছে এই ৰাজপথে। উল্লেখ্যযোগ্য যে, ২০১৮ চনৰ ১৪ জুলাইত পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে, পূৰ্বৰ চৰকাৰসমূহৰ কাৰ্যকালত অবিকশিত হৈ থকা উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এলেকাৰ বিকাশৰ কাৰণে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে প্ৰদান কৰিছে বিশেষ গুৰুত্ব।

পূৰ্বাঞ্চল এক্সপ্ৰেছৱে

উল্লেখ্য যে, পূৰ্বাঞ্চলৰ ১৫৯খন বিধানসভা নিৰ্বাচনত প্ৰদৰ্শন কৰা ফলাফলৰ ওপৰতে নিৰ্ভৰ কৰিছে উত্তৰ প্ৰদেশলৈ পুনৰ চৰকাৰ আহিব নে নাহে। তাৰ বাবেই নিৰ্বাচনৰ পূৰ্বে পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব দিছে বিজেপিয়ে। কেন্দ্ৰত বিজেপি ক্ষমতালৈ পুনৰ অহাৰ ক্ষেত্ৰতো আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক