--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ মইনপুৰীৰ চি এইচ চি কৰ্হলত প্ৰসূতিয়ে নাৰ্ছে বিচৰা ধন নিদিয়াৰ বাবে নৱজাতকৰ পৰিচৰ্যাত গাফিলতি কৰে যাৰ বাবে নৱজাকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি নাৰ্ছে নৱজাতকৰ জন্মৰ পাছত ৫১০০ টকা ধন দাবী কৰিছিল৷ এই ধন নিদিয়াৰ বাবে নাৰ্ছে কাপোৰেৰে মেৰিয়াই ৪০ মিনিট টেবুলত ৰখে৷ পৰিয়ালৰ লোকে হাতযোৰ কৰাৰ পাছতো নৱজাতকক গতাই নিদিলে পিতৃ-মাতৃৰ হাতত৷ টকাখিনি আদয় কৰাৰ পাছতহে নাৰ্ছে শিশুটোক পিতৃ-মাতৃৰ হাতত গতাই দিয়ে৷ তেতিয়ালৈ শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে শিশুটিৰ মৃত্যু হয়। 

পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীকে ধৰি জিলা পৰ্যায়ৰ বিষয়াসকলৰ পৰা কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালটোৱে। চিএমঅ’ ড০ আৰচি গুপ্তাই এই সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে। 

কুৰৰা থানাৰ অনহা পাটাৰা গাঁৱৰ নিবাসী সুজিত কুমাৰে জিলা দণ্ডাধীশ, চিএমঅ’ৰ লগতে মুখ্যমন্ত্ৰীলৈ অভিযোগ নামা দাখিল কৰিছে। অভিযোগ নামাত উল্লেখ কৰা অনুসৰি প্ৰসৱ বেদনাৰ বাবে তেওঁ পত্নী সঞ্জলীক যোৱা ১৮ ছেপ্টেম্বৰত চি এইচ চি কৰ্হালত ভৰ্তি কৰোৱা হৈছিল। ধনদাবী কৰা নাৰ্ছগৰাকীৰ লগতে আৰু অন্যান্য কৰ্মচাৰীয়েওম তেওঁৰ পত্নীৰ লগত বেয়া আচৰণ কৰাৰ লগতে প্ৰসূতিৰ সঠিক যত্ন লোৱা নহ’ল৷প্ৰসৱৰ পাছত তেওঁক ৫১০০ টকা বিচৰা হৈছিল। টকাখিনি নিদিয়াত জ্যোতি নামৰ নাৰ্চগৰাকীয়ে শিশুটিক কাপোৰেৰে মেৰিয়াই টেবুলত ৰাখে। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো জ্যোতিয়ে সন্তানটো পৰিয়ালক গতাই দিয়া নাছিল।ধন নিদিয়ালৈকে শিশুটি লাভ গতাই দিয়া নহ’ব বুলি দাবী কৰিছিল নাৰ্চগৰাকীয়ে৷ 

বাধ্যতামূলকভাৱে পৰিয়ালটোৱে নাৰ্ছগৰাকীক ৫১০০ টকা দিলে। শিশুটিক প্ৰায় ৪০ মিনিট সময় টেবুলত ৰাখিছিল, যাৰ বাবে শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটে। পৰিয়ালৰ লোকে শিশুটিৰ অৱস্থা দেখি কৰ্মচাৰীসকলক খবৰ দিয়ে আৰু শিশুটিক চাইফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ছাইফাই পোৱাৰ লগে লগে শিশুটিৰ মৃত্যু হয়। ছাইফাইৰ চিকিৎসকে শিশুটিৰ প্ৰসৱৰ সময়ত উপযুক্ত যত্নৰ অভাৱত মৃত্যু হোৱা বুলি সদৰি কৰিছে। ঘটনাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়লটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু