--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ মইনপুৰীৰ চি এইচ চি কৰ্হলত প্ৰসূতিয়ে নাৰ্ছে বিচৰা ধন নিদিয়াৰ বাবে নৱজাতকৰ পৰিচৰ্যাত গাফিলতি কৰে যাৰ বাবে নৱজাকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি নাৰ্ছে নৱজাতকৰ জন্মৰ পাছত ৫১০০ টকা ধন দাবী কৰিছিল৷ এই ধন নিদিয়াৰ বাবে নাৰ্ছে কাপোৰেৰে মেৰিয়াই ৪০ মিনিট টেবুলত ৰখে৷ পৰিয়ালৰ লোকে হাতযোৰ কৰাৰ পাছতো নৱজাতকক গতাই নিদিলে পিতৃ-মাতৃৰ হাতত৷ টকাখিনি আদয় কৰাৰ পাছতহে নাৰ্ছে শিশুটোক পিতৃ-মাতৃৰ হাতত গতাই দিয়ে৷ তেতিয়ালৈ শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে শিশুটিৰ মৃত্যু হয়। 

পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীকে ধৰি জিলা পৰ্যায়ৰ বিষয়াসকলৰ পৰা কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালটোৱে। চিএমঅ’ ড০ আৰচি গুপ্তাই এই সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে। 

কুৰৰা থানাৰ অনহা পাটাৰা গাঁৱৰ নিবাসী সুজিত কুমাৰে জিলা দণ্ডাধীশ, চিএমঅ’ৰ লগতে মুখ্যমন্ত্ৰীলৈ অভিযোগ নামা দাখিল কৰিছে। অভিযোগ নামাত উল্লেখ কৰা অনুসৰি প্ৰসৱ বেদনাৰ বাবে তেওঁ পত্নী সঞ্জলীক যোৱা ১৮ ছেপ্টেম্বৰত চি এইচ চি কৰ্হালত ভৰ্তি কৰোৱা হৈছিল। ধনদাবী কৰা নাৰ্ছগৰাকীৰ লগতে আৰু অন্যান্য কৰ্মচাৰীয়েওম তেওঁৰ পত্নীৰ লগত বেয়া আচৰণ কৰাৰ লগতে প্ৰসূতিৰ সঠিক যত্ন লোৱা নহ’ল৷প্ৰসৱৰ পাছত তেওঁক ৫১০০ টকা বিচৰা হৈছিল। টকাখিনি নিদিয়াত জ্যোতি নামৰ নাৰ্চগৰাকীয়ে শিশুটিক কাপোৰেৰে মেৰিয়াই টেবুলত ৰাখে। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো জ্যোতিয়ে সন্তানটো পৰিয়ালক গতাই দিয়া নাছিল।ধন নিদিয়ালৈকে শিশুটি লাভ গতাই দিয়া নহ’ব বুলি দাবী কৰিছিল নাৰ্চগৰাকীয়ে৷ 

বাধ্যতামূলকভাৱে পৰিয়ালটোৱে নাৰ্ছগৰাকীক ৫১০০ টকা দিলে। শিশুটিক প্ৰায় ৪০ মিনিট সময় টেবুলত ৰাখিছিল, যাৰ বাবে শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটে। পৰিয়ালৰ লোকে শিশুটিৰ অৱস্থা দেখি কৰ্মচাৰীসকলক খবৰ দিয়ে আৰু শিশুটিক চাইফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ছাইফাই পোৱাৰ লগে লগে শিশুটিৰ মৃত্যু হয়। ছাইফাইৰ চিকিৎসকে শিশুটিৰ প্ৰসৱৰ সময়ত উপযুক্ত যত্নৰ অভাৱত মৃত্যু হোৱা বুলি সদৰি কৰিছে। ঘটনাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়লটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement