--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ঈশা ফাউণ্ডেশ্যনৰ সদগুৰু জগ্গী বাসুদেৱক তেওঁৰ শিক্ষাৰ ওপৰত প্ৰশ্ন কৰে। সোমবাৰে অৰ্থাৎ ৩০ ছেপ্টেম্বৰত আদালতৰ শুনানিৰ সময়ত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছএম সুব্ৰমণিয়াম আৰু ন্যায়াধীশ ভি শিৱগনামে তেওঁক প্ৰশ্ন কৰে যে তেওঁ কিয় যুৱতীসকলক সন্ন্যাস গ্ৰহণ কৰিবলৈ কৈছে?

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰে যে সদগুৰুৰ নিজৰ কন্যাই যেতিয়া বিবাহ হৈ সুখেৰে জীৱন যাপন কৰি আছে, তেতিয়া তেওঁ কিয় আন যুৱতীক সাংসাৰিক জীৱন ত্যাগ কৰি তেওঁৰ যোগ কেন্দ্ৰত তপস্বী হৈ থাকিবলৈ উৎসাহিত কৰিছে ?


কইম্বাটুৰৰ এখন কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক এছ কামৰাজৰ হৈ উচ্চ ন্যায়ালয়ত হাবিয়াছ কৰ্পাছৰ আবেদনৰ শুনানিৰ সময়ত এই প্ৰশ্ন উত্থাপন হয়। আবেদনকাৰীয়ে দাবী কৰে যে তেওঁৰ শিক্ষিত কন্যা দুগৰাকীক অলৌকিক পাঠ পঢ়ায় ঈশা ফাউণ্ডেশ্যনৰ যোগ কেন্দ্ৰত ৰখা হৈছিল।


Madras High Court asks Sadhguru Jaggi Vasudev daughter married why he Encouraging Women To Live Like Hermits 'जब उनकी बेटी शादीशुदा तो दूसरी लड़कियों को क्यों बना रहे संन्यासी', हाई कोर्ट का सद्गुरु से सवाल


উল্লেখ্য যে তেওঁৰ দুগৰাকী কন্যাৰ বয়স ৪২ আৰু ৩৯ বছৰ। অৱশ্যে বন্দী হৈ থকা বুলি অভিযোগ উত্থাপন হোৱা ছোৱালী দুগৰাকীয়ে যোৱা ৩০ ছেপ্টেম্বৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত উপস্থিত হয়। এই সময়ত তেওঁলোকে জনায় যে তেওঁলোকে কইম্বাটুৰৰ যোগ কেন্দ্ৰত নিজ ইচ্ছামতে আছে আৰু তেওঁলোকক কোনেও বন্দী কৰা নাই।

কিন্তু মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কিছু সময় যুৱতী দুগৰাকীৰ সৈতে কথা পতাৰ পিছত বিষয়টো গুৰুতৰভাৱে তদন্ত কৰাৰ সিদ্ধান্ত লয়। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত স্তম্ভিত হৈ ঈশা ফাউণ্ডেশ্যনৰ অধিবক্তাই কয় যে ‘আদালতে এই গোচৰৰ পৰিসৰ বৃদ্ধি কৰিব নোৱাৰে।’ ইয়াৰ উত্তৰত ন্যায়াধীশ সুব্ৰমণিয়ামে কয় যে সংবিধানৰ ২২৬ নং অনুচ্ছেদৰ অধীনত ৰিট জুৰিচিডিকচন প্ৰয়োগ কৰাৰ সময়ত আদালতৰ পৰা সম্পূৰ্ণ ন্যায় আশা কৰা হয় আৰু বিষয়টোৰ গভীৰলৈ যোৱাটো প্ৰয়োজনীয়।
ইয়াৰ উত্তৰত অধিবক্তাগৰাকীয়ে কয় যে এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ নিজৰ জীৱন বাছি লোৱাৰ অধিকাৰ আছে ৷ ইয়াৰ প্ৰত্যুত্তৰত উচ্চ ন্যায়ালয়ে কয় যে আপুনি এই কথা বুজিব নোৱাৰিব, কাৰণ এই গোচৰত আপুনি সদগুৰু জগ্গী বাসুদেৱ দলৰ হৈ হাজিৰ হৈছে, কিন্তু এই আদালত কাৰো পক্ষত নহয়, কাৰো বিৰোধী নহয়।


Madras High Court

শুনানিৰ সময়ত যেতিয়া যুৱতীকেইগৰাকীয়ে নিজৰ বক্তব্য দিবলৈ দাবী জনায়, তেতিয়া মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তেওঁলোকক প্ৰশ্ন কৰে যে, ‘‘আপুনি আধ্যাত্মিকতাৰ পথত খোজ দিয়াৰ কথা কৈছে।মাক-দেউতাকক আওকাণ কৰাটো পাপ নহয়নে? ভক্তিৰ সাৰমৰ্ম সকলোকে ভালপোৱা আৰু কাকো ঘৃণা নকৰা, কিন্তু আমি আপোনাৰ মাজত আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰতি বহুত ঘৃণা দেখিবলৈ পাইছো, তেওঁলোকৰ লগত কিয় কথা পতা নাই।’’


আবেদনকাৰীয়ে আৱেদনখনত উল্লেখ কৰিছে যে তেওঁৰ কন্যাই ব্ৰিটেইনৰ পৰা এম.টেক ডিগ্ৰী লাভ কৰি প্ৰতিমাহে ১ লাখ টকা উপাৰ্জন কৰিছিল। ২০০৭ চনত ব্ৰিটেইনৰ এজন পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হয় কিন্তু ২০০৮ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছতহে তেওঁ ঈশা ফাউণ্ডেশ্যনৰ যোগ কেন্দ্ৰত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। তেওঁক দেখি তেওঁলোকৰ কনিষ্ঠ কন্যাও সেই যোগ কেন্দ্ৰত থাকিবলৈ ধৰিলে।


তেওঁলোকে কয় যে ‘যেতিয়াৰ পৰা দুগৰাকী কন্যাই আমাক এৰি থৈ গৈছে তেতিয়াৰ পৰা আমাৰ জীৱনটো নৰকৰ দৰে হৈ পৰিছে। যোগ কেন্দ্ৰত আমাৰ কন্যাসকলক কিবা এটা খাদ্য বা ঔষধ দিয়া হৈছিল, যাৰ বাবে তেওঁলোকৰ চিন্তাশক্তি হেৰুৱাই পেলাইছিল।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা