--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিহাৰৰ ভাগলপুৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ধাৰাবাহিক বোমা বিস্ফোৰণ৷ এই বিস্ফোৰণত ৪ জন নিহত হোৱাৰ লগতে ১২ জন লোক গুৰুতৰভাৱে আহত হয়৷ ঘটনাটো কোতৱালী আৰক্ষী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰৰ এটা ঘৰত সংঘটিত হৈছিল। জানিব পৰা মতে যে ঘৰটোত বাৰুদ, ফটকা আৰু দেশীয় বোমা তৈয়াৰ কৰা হৈছিল। নিশা এটা এটাকৈ হোৱা ধাৰাবাহিক বিস্ফোৰণৰ ফলত সমগ্ৰ চহৰখন কঁপি উঠে। বিস্ফোৰণটো ইমান শক্তিশালী আছিল যে ই দুটাৰ পৰা তিনিটা ঘৰ ক্ষতিগ্ৰস্ত কৰিছিল। ভাগলপুৰ বোমা বিস্ফোৰণৰ ঘটনাত চাৰিজন লোক নিহত আৰু ১২ জন গুৰুতৰভাৱে আহত হোৱাটো নিশ্চিত কৰা হৈছে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছত ডিআইজি সুজিত কুমাৰ, ডিআইজি সুব্ৰত কুমাৰ সেন, এছএছপি বাবু ৰামৰ লগতে আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাস্থলীৰ বুজ লয়। ঘটনাস্থলীত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰি দুখন জেচিবিৰ সহায়ত ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাৰ কাম দ্ৰুত গতিত আৰম্ভ কৰা হৈছিল। আহত লোকসকলক ভাগলপুৰৰ জেএলএন চিকিৎসালয় মায়াগঞ্জত ভৰ্তি কৰোৱা হৈছে। বিস্ফোৰণত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও প্ৰশাসনে সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত স্থানীয় যুৱক ইউছুফে অভিযোগ কৰে যে ঘটনা সংঘটিত হোৱা ঘৰৰ লোকসকলে বোমা তৈয়াৰ কৰাৰ ব্যৱসায় তৈয়াৰ কৰি আহিছিল। আৰক্ষীৰ দলটোৱে ফটকা প্ৰস্তুত কৰা দুজন লোকক জিম্মাত লৈছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান