--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিহাৰৰ ভাগলপুৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ধাৰাবাহিক বোমা বিস্ফোৰণ৷ এই বিস্ফোৰণত ৪ জন নিহত হোৱাৰ লগতে ১২ জন লোক গুৰুতৰভাৱে আহত হয়৷ ঘটনাটো কোতৱালী আৰক্ষী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰৰ এটা ঘৰত সংঘটিত হৈছিল। জানিব পৰা মতে যে ঘৰটোত বাৰুদ, ফটকা আৰু দেশীয় বোমা তৈয়াৰ কৰা হৈছিল। নিশা এটা এটাকৈ হোৱা ধাৰাবাহিক বিস্ফোৰণৰ ফলত সমগ্ৰ চহৰখন কঁপি উঠে। বিস্ফোৰণটো ইমান শক্তিশালী আছিল যে ই দুটাৰ পৰা তিনিটা ঘৰ ক্ষতিগ্ৰস্ত কৰিছিল। ভাগলপুৰ বোমা বিস্ফোৰণৰ ঘটনাত চাৰিজন লোক নিহত আৰু ১২ জন গুৰুতৰভাৱে আহত হোৱাটো নিশ্চিত কৰা হৈছে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছত ডিআইজি সুজিত কুমাৰ, ডিআইজি সুব্ৰত কুমাৰ সেন, এছএছপি বাবু ৰামৰ লগতে আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাস্থলীৰ বুজ লয়। ঘটনাস্থলীত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰি দুখন জেচিবিৰ সহায়ত ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাৰ কাম দ্ৰুত গতিত আৰম্ভ কৰা হৈছিল। আহত লোকসকলক ভাগলপুৰৰ জেএলএন চিকিৎসালয় মায়াগঞ্জত ভৰ্তি কৰোৱা হৈছে। বিস্ফোৰণত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও প্ৰশাসনে সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত স্থানীয় যুৱক ইউছুফে অভিযোগ কৰে যে ঘটনা সংঘটিত হোৱা ঘৰৰ লোকসকলে বোমা তৈয়াৰ কৰাৰ ব্যৱসায় তৈয়াৰ কৰি আহিছিল। আৰক্ষীৰ দলটোৱে ফটকা প্ৰস্তুত কৰা দুজন লোকক জিম্মাত লৈছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন