--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • উল্লেখযোগ্য যে এই বিশুদ্ধ 'মালবেৰী ছিল্ক'ৰ শ্বলবোৰ মুখ্য দাতাসকলক প্ৰদান কৰা হয় আৰু মন্দিৰত ৰীতি-নীতি, যেনে- বেদসিৰবচম আদিত ব্যৱহাৰ কৰা হয়।

ডিজিটেল ডেস্ক : অন্ধ্র প্রদেশৰ তিৰুপতি মন্দিৰত পুনৰ এটা কেলেংকাৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০১৫-ৰ পৰা ২০২৫ চনলৈ এটা দশকজুৰি চলি থকা ৫৪ কোটি টকাৰ ছিল্কৰ শ্বলৰ এটা ব্যাপক কেংলেংকাৰিৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। 


প্রসিদ্ধ মন্দিৰটোৰ এটা অভ্যন্তৰীণ অনুসন্ধানত পোহৰলৈ আহিছে যে এজন ঠিকাদাৰে নিৰৱচ্ছিন্নভাৱে ছিল্কৰ শ্বলৰ পৰিৱৰ্তে ১০০ শতাংশ পলিয়েষ্টাৰ শ্বল যোগান ধৰি আহিছে আৰু তেওঁৰ নিবিদা নথি-পত্রত বিশুদ্ধ 'মালবেৰী ছিল্ক প্রডাক্ট' বুলি বিলৰ ধন সৰকাই আছে। তিৰুমালা তিৰুপতি দেৱস্থানমৰ (টি টি ডি) পৰিচালনা ন্যাসৰক্ষীসকলে চলোৱা অভ্যন্তৰীণ অনুসন্ধানত এই ব্যাপক কেলেংকাৰিৰ তথ্য উদ্ধাৰ হৈছে। টি টি ডি ব'ৰ্ডৰ অধ্যক্ষ বি আৰ নাইডুৱে এই বিষয়ত উদ্বেগ প্রকাশ কৰাৰ পাছতেই অনুসন্ধান আৰম্ভ কৰা হৈছিল। শ্বলসমূহৰ বাবে বাধ্যতামূলক বিশুদ্ধ 'মালবেৰী ছিল্ক'ৰ পৰিৱৰ্তে ঠিকাদাৰে সস্তীয়া পলিয়েষ্টাৰ সামগ্রী যোগান ধৰি আছিল। 


উল্লেখযোগ্য যে এই বিশুদ্ধ 'মালবেৰী ছিল্ক'ৰ শ্বলবোৰ মুখ্য দাতাসকলক প্ৰদান কৰা হয় আৰু মন্দিৰত ৰীতি-নীতি, যেনে- বেদসিৰবচম আদিত ব্যৱহাৰ কৰা হয়। আনহাতে, এই সস্তীয়া পলিয়েষ্টাৰ শ্বল এখনৰ প্ৰকৃত দাম ৩৫০ টকা, কিন্তু প্রতিখন শ্বলৰ বাবত ১৩০০ টকাকৈ বিল কৰা হৈছিল। ইফালে, ভেজাল শ্বলসমূহৰ নমুনা বিজ্ঞানসন্মত বিশ্লেষণৰ বাবে দুটা লেবৰেটৰীলৈ পঠিওৱা হৈছিল। দুয়োটা পৰীক্ষাতে নিশ্চিত কৰা হৈছিল যে শ্বলসমূহ পলিয়েষ্টাৰৰ আছিল। এই সময়ছোৱাত এটা প্রতিষ্ঠানে টি টি ডিক এই শ্বলবোৰ যোগান ধৰিছিল। টি টি ডিৰ ন্যাসৰক্ষী ব'র্ডে ইতিমধ্যে প্রতিষ্ঠানটোৰ যোগান কাৰ্য বাতিল কৰিছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু