--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • উল্লেখযোগ্য যে এই বিশুদ্ধ 'মালবেৰী ছিল্ক'ৰ শ্বলবোৰ মুখ্য দাতাসকলক প্ৰদান কৰা হয় আৰু মন্দিৰত ৰীতি-নীতি, যেনে- বেদসিৰবচম আদিত ব্যৱহাৰ কৰা হয়।

ডিজিটেল ডেস্ক : অন্ধ্র প্রদেশৰ তিৰুপতি মন্দিৰত পুনৰ এটা কেলেংকাৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০১৫-ৰ পৰা ২০২৫ চনলৈ এটা দশকজুৰি চলি থকা ৫৪ কোটি টকাৰ ছিল্কৰ শ্বলৰ এটা ব্যাপক কেংলেংকাৰিৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। 


প্রসিদ্ধ মন্দিৰটোৰ এটা অভ্যন্তৰীণ অনুসন্ধানত পোহৰলৈ আহিছে যে এজন ঠিকাদাৰে নিৰৱচ্ছিন্নভাৱে ছিল্কৰ শ্বলৰ পৰিৱৰ্তে ১০০ শতাংশ পলিয়েষ্টাৰ শ্বল যোগান ধৰি আহিছে আৰু তেওঁৰ নিবিদা নথি-পত্রত বিশুদ্ধ 'মালবেৰী ছিল্ক প্রডাক্ট' বুলি বিলৰ ধন সৰকাই আছে। তিৰুমালা তিৰুপতি দেৱস্থানমৰ (টি টি ডি) পৰিচালনা ন্যাসৰক্ষীসকলে চলোৱা অভ্যন্তৰীণ অনুসন্ধানত এই ব্যাপক কেলেংকাৰিৰ তথ্য উদ্ধাৰ হৈছে। টি টি ডি ব'ৰ্ডৰ অধ্যক্ষ বি আৰ নাইডুৱে এই বিষয়ত উদ্বেগ প্রকাশ কৰাৰ পাছতেই অনুসন্ধান আৰম্ভ কৰা হৈছিল। শ্বলসমূহৰ বাবে বাধ্যতামূলক বিশুদ্ধ 'মালবেৰী ছিল্ক'ৰ পৰিৱৰ্তে ঠিকাদাৰে সস্তীয়া পলিয়েষ্টাৰ সামগ্রী যোগান ধৰি আছিল। 


উল্লেখযোগ্য যে এই বিশুদ্ধ 'মালবেৰী ছিল্ক'ৰ শ্বলবোৰ মুখ্য দাতাসকলক প্ৰদান কৰা হয় আৰু মন্দিৰত ৰীতি-নীতি, যেনে- বেদসিৰবচম আদিত ব্যৱহাৰ কৰা হয়। আনহাতে, এই সস্তীয়া পলিয়েষ্টাৰ শ্বল এখনৰ প্ৰকৃত দাম ৩৫০ টকা, কিন্তু প্রতিখন শ্বলৰ বাবত ১৩০০ টকাকৈ বিল কৰা হৈছিল। ইফালে, ভেজাল শ্বলসমূহৰ নমুনা বিজ্ঞানসন্মত বিশ্লেষণৰ বাবে দুটা লেবৰেটৰীলৈ পঠিওৱা হৈছিল। দুয়োটা পৰীক্ষাতে নিশ্চিত কৰা হৈছিল যে শ্বলসমূহ পলিয়েষ্টাৰৰ আছিল। এই সময়ছোৱাত এটা প্রতিষ্ঠানে টি টি ডিক এই শ্বলবোৰ যোগান ধৰিছিল। টি টি ডিৰ ন্যাসৰক্ষী ব'র্ডে ইতিমধ্যে প্রতিষ্ঠানটোৰ যোগান কাৰ্য বাতিল কৰিছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ