--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • আদানিয়ে পি টি আইক দিয়া এটা সাক্ষাৎকাৰত কয় যে ভাৰতত বিনিয়োগৰ বৃহৎ সম্ভাৱনীয়তা আছে। অহা দুবছৰত ১০-১২ লাখ কোটি টকা দেশত বিনিয়োগ কৰিব তেওঁলোকে।

ডিজিটেল ডেস্ক: বন্দৰৰ পৰা শক্তি খণ্ডলৈকে ব্যাপী থকা আদানি গ্রুপে অহা ছয় বছৰত ভাৰতত ১২ লাখ কোটি টকা বিনিয়োগ কৰিব। আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে বুধবাৰে এই কথা ঘোষণা কৰে। আদানিয়ে কয় যে ২০৩১ চনৰ ভিতৰত দেশৰ আন্তঃগাঁথনি, খনি, নবীকৰণীয় শক্তি আৰু বন্দৰসমূহত এই ধন বিনিয়োগ কৰিব আদানি গ্রুপে। 


আদানিয়ে পি টি আইক দিয়া এটা সাক্ষাৎকাৰত কয় যে ভাৰতত বিনিয়োগৰ বৃহৎ সম্ভাৱনীয়তা আছে। অহা দুবছৰত ১০-১২ লাখ কোটি টকা দেশত বিনিয়োগ কৰিব তেওঁলোকে। বিলিয়নেয়াৰজনে কয় যে আত্মনির্ভৰশীলতাৰ বাবে কৰ্প'ৰেট ভাৰত আৰু উদ্যোগীসকলক লৈ প্রধানমন্ত্রী মোদীয়ে চলোৱা অভিযান হৈছে 'ভাৰতৰ নতুন স্বাধীনতা'। 


ভাৰতৰ প্ৰতিজন উদ্যোগী আৰু প্রতিষ্ঠানে প্রধানমন্ত্রী মোদীৰ আত্মনির্ভৰশীলতাৰ অভিযানৰ কাম কৰি আছে বুলি আদানিয়ে কয়। আই আই টি (আই এছ এম) ধানবাদৰ শতবর্ষিকী অনুষ্ঠানত অংশ ল'বলৈ আহি বিশিষ্ট উদ্যোগপতিজনে এইদৰে কয়। আদানিয়ে কয় যে তেওঁলোকে বিশ্বৰ দ্রুত বিকশিত নবীকৰণীয় শক্তি কোম্পানীসমূহৰ ভিতৰত অন্যতম এটা কোম্পানী হ'বলৈ বিনিয়োগ কৰি আছে। আহি থকা দশকসমূহত ভাৰতৰ আকাংক্ষা পূৰণৰ দিশত আদানি গ্রুপে ব্যাপক পৰিসৰত কাম কৰি আছে বুলি তেওঁ কয়। 


গুজৰাটৰ খাবদাত আদানি গ্রুপে ৫২০ কিল'মিটাৰ ব্যাপী বিশ্বৰ বৃহত্তম নবীকৰণীয় শক্তি উদ্যান নির্মাণ কৰি আছে বুলি তেওঁ কয়। ২০৩০ চনৰ ভিতৰত কাৰ্যক্ষম হ'বলগীয়া এই উদ্যানখনত ৩০ গিগাৱাট সেউজ শক্তি উৎপাদন কৰিব পৰা যাব বুলি তেওঁ কয়। এই সেউজ শক্তিয়ে দেশৰ ৬ কোটি ঘৰলৈ প্ৰতি বছৰে শক্তি যোগান ধৰিব বুলি আদানিয়ে কয়। ইয়াৰ উপৰি, গ্ৰুপটোৱে খনি খণ্ডতো বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। 


আদানিয়ে কয় যে ২১ শতিকাত ভাৰতৰ সাৰ্বভৌমত্ব ইয়াৰ প্ৰাকৃতিক সম্পদ আৰু শক্তি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে, ধানবাদ আই আই টিৰ অনুষ্ঠানত অংশ লৈ আদানিয়ে কয় যে অহা পাঁচ বছৰত দেশৰ শক্তি খণ্ডৰ ৰূপান্তৰৰ দিশত আদানি গ্রুপে ৭৫ বিলিয়ন মার্কিন ডলাৰ ভাৰতত বিনিয়োগ কৰিব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ