--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • আদানিয়ে পি টি আইক দিয়া এটা সাক্ষাৎকাৰত কয় যে ভাৰতত বিনিয়োগৰ বৃহৎ সম্ভাৱনীয়তা আছে। অহা দুবছৰত ১০-১২ লাখ কোটি টকা দেশত বিনিয়োগ কৰিব তেওঁলোকে।

ডিজিটেল ডেস্ক: বন্দৰৰ পৰা শক্তি খণ্ডলৈকে ব্যাপী থকা আদানি গ্রুপে অহা ছয় বছৰত ভাৰতত ১২ লাখ কোটি টকা বিনিয়োগ কৰিব। আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে বুধবাৰে এই কথা ঘোষণা কৰে। আদানিয়ে কয় যে ২০৩১ চনৰ ভিতৰত দেশৰ আন্তঃগাঁথনি, খনি, নবীকৰণীয় শক্তি আৰু বন্দৰসমূহত এই ধন বিনিয়োগ কৰিব আদানি গ্রুপে। 


আদানিয়ে পি টি আইক দিয়া এটা সাক্ষাৎকাৰত কয় যে ভাৰতত বিনিয়োগৰ বৃহৎ সম্ভাৱনীয়তা আছে। অহা দুবছৰত ১০-১২ লাখ কোটি টকা দেশত বিনিয়োগ কৰিব তেওঁলোকে। বিলিয়নেয়াৰজনে কয় যে আত্মনির্ভৰশীলতাৰ বাবে কৰ্প'ৰেট ভাৰত আৰু উদ্যোগীসকলক লৈ প্রধানমন্ত্রী মোদীয়ে চলোৱা অভিযান হৈছে 'ভাৰতৰ নতুন স্বাধীনতা'। 


ভাৰতৰ প্ৰতিজন উদ্যোগী আৰু প্রতিষ্ঠানে প্রধানমন্ত্রী মোদীৰ আত্মনির্ভৰশীলতাৰ অভিযানৰ কাম কৰি আছে বুলি আদানিয়ে কয়। আই আই টি (আই এছ এম) ধানবাদৰ শতবর্ষিকী অনুষ্ঠানত অংশ ল'বলৈ আহি বিশিষ্ট উদ্যোগপতিজনে এইদৰে কয়। আদানিয়ে কয় যে তেওঁলোকে বিশ্বৰ দ্রুত বিকশিত নবীকৰণীয় শক্তি কোম্পানীসমূহৰ ভিতৰত অন্যতম এটা কোম্পানী হ'বলৈ বিনিয়োগ কৰি আছে। আহি থকা দশকসমূহত ভাৰতৰ আকাংক্ষা পূৰণৰ দিশত আদানি গ্রুপে ব্যাপক পৰিসৰত কাম কৰি আছে বুলি তেওঁ কয়। 


গুজৰাটৰ খাবদাত আদানি গ্রুপে ৫২০ কিল'মিটাৰ ব্যাপী বিশ্বৰ বৃহত্তম নবীকৰণীয় শক্তি উদ্যান নির্মাণ কৰি আছে বুলি তেওঁ কয়। ২০৩০ চনৰ ভিতৰত কাৰ্যক্ষম হ'বলগীয়া এই উদ্যানখনত ৩০ গিগাৱাট সেউজ শক্তি উৎপাদন কৰিব পৰা যাব বুলি তেওঁ কয়। এই সেউজ শক্তিয়ে দেশৰ ৬ কোটি ঘৰলৈ প্ৰতি বছৰে শক্তি যোগান ধৰিব বুলি আদানিয়ে কয়। ইয়াৰ উপৰি, গ্ৰুপটোৱে খনি খণ্ডতো বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। 


আদানিয়ে কয় যে ২১ শতিকাত ভাৰতৰ সাৰ্বভৌমত্ব ইয়াৰ প্ৰাকৃতিক সম্পদ আৰু শক্তি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে, ধানবাদ আই আই টিৰ অনুষ্ঠানত অংশ লৈ আদানিয়ে কয় যে অহা পাঁচ বছৰত দেশৰ শক্তি খণ্ডৰ ৰূপান্তৰৰ দিশত আদানি গ্রুপে ৭৫ বিলিয়ন মার্কিন ডলাৰ ভাৰতত বিনিয়োগ কৰিব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু