--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উল্লেখযোগ্য যে লালকিল্লাত ইউনেস্ক'ৰ আন্তঃচৰকাৰী কমিটীৰ ২০সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছে। ইফালে ইউনেস্ক'ৰ এই ঘোষণাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তুষ্টি প্রকাশ কৰে।

ডিজিটেল ডেস্ক: ভাৰতৰ সৰ্ববৃহৎ সাংস্কৃতিক উৎসৱ দীপাৱলীক ইউনেস্ক'ই আনুষ্ঠানিকভাৱে মানৱ জাতিৰ অমূর্ত সাংস্কৃতিক ঐতিহ্যৰ (আই চি এইচ) সন্মানীয় তালিকাত স্থান দিয়ে। কালি দিল্লীৰ লালকিল্লাৰ পৰা এই ঘোষণা কৰা হয়। 


উল্লেখযোগ্য যে লালকিল্লাত ইউনেস্ক'ৰ আন্তঃচৰকাৰী কমিটীৰ ২০সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছে। ইফালে ইউনেস্ক'ৰ এই ঘোষণাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তুষ্টি প্রকাশ কৰে। ইউনেস্ক'ই সামাজিক মাধ্যমত এই বিষয়ে জনাই ভাৰতক অভিনন্দন জনায়। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰৰ বাবে ইউনেস্ক'ৰ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে দীপাৱলীক এই তালিকাত অন্তর্ভুক্ত কৰা হয়। 


ইউনেস্ক'ৰ এই বৈঠকৰ ১৩ ডিচেম্বৰত অন্ত পৰিব। ইউনেস্ক'ৰ অমূর্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত স্থান পোৱা দীপাৱলী ভাৰতৰ ১৫সংখ্যক সাংস্কৃতিক পর্ব। এই তালিকাত ঘানা, জর্জিয়া, কংগো, ইথিওপিয়া আৰু ইজিপ্তকে ধৰি আন কেইবাখনো দেশৰ পৰ্বই স্থান লাভ কৰিছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত কয়, 'ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ জনসাধাৰণ উৎসাহিত হৈছে। আমাৰ বাবে দীপাৱলী, সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে জড়িত। ই আমাৰ সভ্যতাৰ আত্মা। ই জ্ঞান আৰু ধৰ্মৰ প্ৰতীক। 


দীপাৱলীক ইউনেস্ক'ৰ অমূর্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰৰা পাছত এই উৎসৱৰ বিশ্ব পৰ্যায়ত জনপ্রিয়তা আৰু অধিক বৃদ্ধি পাব। প্রভু শ্ৰীৰামৰ আদৰ্শই আমাক শাশ্বত ৰূপত মাৰ্গ দৰ্শন কৰি থাকিব।' ইফালে দিল্লীৰ মন্ত্রী কপিল মিশ্রই কালি কেন্দ্রীয়শাসিত অঞ্চলটোত পুনৰ দীপাৱলী উদযাপন কৰাৰ কথা ঘোষণা কৰে। দিল্লীৰ সকলো চৰকাৰী কাৰ্যালয়ক সজাই-পৰাই তোলা হয়। লাল কিল্লাত বন্তি প্রজ্বলন কৰা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু