--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উল্লেখযোগ্য যে লালকিল্লাত ইউনেস্ক'ৰ আন্তঃচৰকাৰী কমিটীৰ ২০সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছে। ইফালে ইউনেস্ক'ৰ এই ঘোষণাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তুষ্টি প্রকাশ কৰে।

ডিজিটেল ডেস্ক: ভাৰতৰ সৰ্ববৃহৎ সাংস্কৃতিক উৎসৱ দীপাৱলীক ইউনেস্ক'ই আনুষ্ঠানিকভাৱে মানৱ জাতিৰ অমূর্ত সাংস্কৃতিক ঐতিহ্যৰ (আই চি এইচ) সন্মানীয় তালিকাত স্থান দিয়ে। কালি দিল্লীৰ লালকিল্লাৰ পৰা এই ঘোষণা কৰা হয়। 


উল্লেখযোগ্য যে লালকিল্লাত ইউনেস্ক'ৰ আন্তঃচৰকাৰী কমিটীৰ ২০সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছে। ইফালে ইউনেস্ক'ৰ এই ঘোষণাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তুষ্টি প্রকাশ কৰে। ইউনেস্ক'ই সামাজিক মাধ্যমত এই বিষয়ে জনাই ভাৰতক অভিনন্দন জনায়। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰৰ বাবে ইউনেস্ক'ৰ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে দীপাৱলীক এই তালিকাত অন্তর্ভুক্ত কৰা হয়। 


ইউনেস্ক'ৰ এই বৈঠকৰ ১৩ ডিচেম্বৰত অন্ত পৰিব। ইউনেস্ক'ৰ অমূর্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত স্থান পোৱা দীপাৱলী ভাৰতৰ ১৫সংখ্যক সাংস্কৃতিক পর্ব। এই তালিকাত ঘানা, জর্জিয়া, কংগো, ইথিওপিয়া আৰু ইজিপ্তকে ধৰি আন কেইবাখনো দেশৰ পৰ্বই স্থান লাভ কৰিছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত কয়, 'ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ জনসাধাৰণ উৎসাহিত হৈছে। আমাৰ বাবে দীপাৱলী, সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে জড়িত। ই আমাৰ সভ্যতাৰ আত্মা। ই জ্ঞান আৰু ধৰ্মৰ প্ৰতীক। 


দীপাৱলীক ইউনেস্ক'ৰ অমূর্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰৰা পাছত এই উৎসৱৰ বিশ্ব পৰ্যায়ত জনপ্রিয়তা আৰু অধিক বৃদ্ধি পাব। প্রভু শ্ৰীৰামৰ আদৰ্শই আমাক শাশ্বত ৰূপত মাৰ্গ দৰ্শন কৰি থাকিব।' ইফালে দিল্লীৰ মন্ত্রী কপিল মিশ্রই কালি কেন্দ্রীয়শাসিত অঞ্চলটোত পুনৰ দীপাৱলী উদযাপন কৰাৰ কথা ঘোষণা কৰে। দিল্লীৰ সকলো চৰকাৰী কাৰ্যালয়ক সজাই-পৰাই তোলা হয়। লাল কিল্লাত বন্তি প্রজ্বলন কৰা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ