--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব অসমৰ ৫টা সমষ্টিত উপ-নিৰ্বাচন৷ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত নীতিন খাড়েয়ে এই সন্দৰ্ভত আজি এখনি সংবাদমেল আয়োজন কৰে৷ শুকুৰবাৰে প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন৷ ক’ভিডৰ বাবে নিৰ্বাচন আয়ুক্তই কিছু নীতি-নিয়ম বান্ধি দিয়ে৷ সেইবোৰ হ’ল - মনোনয়ন দাখিলৰ সময়ত থাকিব পাৰিব ৩জনকৈ প্ৰাৰ্থী৷

কোনো প্ৰাৰ্থীয়ে বাহিৰ কৰিব নোৱাৰিব সমদল৷ মুকলি স্থানৰ প্ৰচাৰত ৫০ শতাংশ লোকৰ অনুমতি প্ৰদান৷ ৰোডশ্ব’, বাইক ৰে’লীৰ নাই অনুমতি৷ প্ৰচাৰৰ সময়ত ২০খন গাড়ী ব্যৱহাৰৰ অনুমতি ঘোষণা কৰে তেওঁ৷ ক’ভিড বিধি উলংঘা কৰিলে বাতিল হ’ব নিৰ্বাচনী প্ৰচাৰ বুলিও উল্লেখ কৰে নিৰ্বাচন আয়ুক্তই৷

সন্ধিয়া ৭ বজাৰ পাছত চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৬অক্টোবৰ বুলি ধাৰ্য কৰা হয়৷ ২ নৱেম্বৰত হ’ব উপ-নিৰ্বাচনৰ ভোটগণনা৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটকেন্দ্ৰত ক’ভিড বিধি মানি চলাটো বাধ্যতামূলক কৰা হ'ব বুলিও মন্তব্য নীতিন খাড়েৰ৷ সকলো পুলিং-প্ৰিজাইডিং বিষয়াক প্ৰদান কৰা হৈছে ভেকচিন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু