--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব অসমৰ ৫টা সমষ্টিত উপ-নিৰ্বাচন৷ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত নীতিন খাড়েয়ে এই সন্দৰ্ভত আজি এখনি সংবাদমেল আয়োজন কৰে৷ শুকুৰবাৰে প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন৷ ক’ভিডৰ বাবে নিৰ্বাচন আয়ুক্তই কিছু নীতি-নিয়ম বান্ধি দিয়ে৷ সেইবোৰ হ’ল - মনোনয়ন দাখিলৰ সময়ত থাকিব পাৰিব ৩জনকৈ প্ৰাৰ্থী৷

কোনো প্ৰাৰ্থীয়ে বাহিৰ কৰিব নোৱাৰিব সমদল৷ মুকলি স্থানৰ প্ৰচাৰত ৫০ শতাংশ লোকৰ অনুমতি প্ৰদান৷ ৰোডশ্ব’, বাইক ৰে’লীৰ নাই অনুমতি৷ প্ৰচাৰৰ সময়ত ২০খন গাড়ী ব্যৱহাৰৰ অনুমতি ঘোষণা কৰে তেওঁ৷ ক’ভিড বিধি উলংঘা কৰিলে বাতিল হ’ব নিৰ্বাচনী প্ৰচাৰ বুলিও উল্লেখ কৰে নিৰ্বাচন আয়ুক্তই৷

সন্ধিয়া ৭ বজাৰ পাছত চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৬অক্টোবৰ বুলি ধাৰ্য কৰা হয়৷ ২ নৱেম্বৰত হ’ব উপ-নিৰ্বাচনৰ ভোটগণনা৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটকেন্দ্ৰত ক’ভিড বিধি মানি চলাটো বাধ্যতামূলক কৰা হ'ব বুলিও মন্তব্য নীতিন খাড়েৰ৷ সকলো পুলিং-প্ৰিজাইডিং বিষয়াক প্ৰদান কৰা হৈছে ভেকচিন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ