--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসম চৰকাৰে ছিপাঝাৰৰ ঢলপুৰত কৰা উচ্ছেদ অভিযানত দুগৰাকীকৈ ব্যক্তিক ‘অসম আৰক্ষী’-এ গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই দাখিল কৰা পিআইএলৰ ওপৰত ‘গুৱাহাটী উচ্চ ন্যায়ালয়’ৰ সিদ্ধান্ত আৰু ন্যায়ালয়ে লোৱা ব্যৱস্থাক অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই আদৰণি জনাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ঘটনাটোক ‘তেজেৰে ৰাঙলী ভূমি আৰু সেয়ে এয়া এক অত্যন্ত দুৰ্ভাগ্যজনক, মৰ্মান্তিক ঘটনা’-বুলি আখ্যা দিয়া কাৰ্যক অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে পূৰ্ণ সমৰ্থন জনাইছে।

অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে মঙলদৈত প্ৰদেশ কংগ্ৰেছৰ বৃহৎ সংখ্যক নেতা-কৰ্মীৰ উপস্থিতিত এক শক্তিশালী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি দৰং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এক স্মৰক-পত্ৰ প্ৰেৰণ কৰিছে। কংগ্রেছ নেতাসকলে এই ভুক্তভোগী পৰিয়ালসমূহক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লোৱা বুলি আমালৈ খবৰ আহিছে। বিৰোধী দলপতিগৰাকীয়ে দাখিল কৰা পিআইএলত উল্লেখ কৰা অনুসৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াত সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ বিভিন্ন অনুসূচিত জাতি/অনুসূচিত জনজাতীয় লোকক উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদিত লোকক সংস্থাপিত কৰা অঞ্চলসমূহক ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে

চৰকাৰখনে নগাঁও মিকিৰ বামুনি গাঁৱৰ বহু অনুসূচিত জনজাতি/অনুসূচিত জাতি/অন্যান্য পিছপৰা জাতি-জনগোষ্ঠীয় লোকক প্ৰতাৰণা কৰি তেওঁলোকৰ পৰা ভূমি অধিকাৰ কাঢ়ি আনি ব্যক্তিগত কোম্পানীৰ হাতত গটাইছে। অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰশংসা কৰিছে কিয়নো উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ পৰা এখন শপতনামা বিচাৰিছে আৰু অসমত ৰাষ্ট্ৰীয় সংস্থাপন নিয়মৰ ভিতৰত অন্তৰ্ভুক্ত হয়নে নহয় তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ‘এনেকুৱা ঘটনা সভ্য সমাজৰ বাবে কেতিয়াও হ’ব নোৱাৰে’-বুলি অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে মতপোষণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ