--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসম চৰকাৰে ছিপাঝাৰৰ ঢলপুৰত কৰা উচ্ছেদ অভিযানত দুগৰাকীকৈ ব্যক্তিক ‘অসম আৰক্ষী’-এ গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই দাখিল কৰা পিআইএলৰ ওপৰত ‘গুৱাহাটী উচ্চ ন্যায়ালয়’ৰ সিদ্ধান্ত আৰু ন্যায়ালয়ে লোৱা ব্যৱস্থাক অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই আদৰণি জনাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ঘটনাটোক ‘তেজেৰে ৰাঙলী ভূমি আৰু সেয়ে এয়া এক অত্যন্ত দুৰ্ভাগ্যজনক, মৰ্মান্তিক ঘটনা’-বুলি আখ্যা দিয়া কাৰ্যক অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে পূৰ্ণ সমৰ্থন জনাইছে।

অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে মঙলদৈত প্ৰদেশ কংগ্ৰেছৰ বৃহৎ সংখ্যক নেতা-কৰ্মীৰ উপস্থিতিত এক শক্তিশালী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি দৰং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এক স্মৰক-পত্ৰ প্ৰেৰণ কৰিছে। কংগ্রেছ নেতাসকলে এই ভুক্তভোগী পৰিয়ালসমূহক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লোৱা বুলি আমালৈ খবৰ আহিছে। বিৰোধী দলপতিগৰাকীয়ে দাখিল কৰা পিআইএলত উল্লেখ কৰা অনুসৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াত সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ বিভিন্ন অনুসূচিত জাতি/অনুসূচিত জনজাতীয় লোকক উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদিত লোকক সংস্থাপিত কৰা অঞ্চলসমূহক ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে।

চৰকাৰখনে নগাঁও মিকিৰ বামুনি গাঁৱৰ বহু অনুসূচিত জনজাতি/অনুসূচিত জাতি/অন্যান্য পিছপৰা জাতি-জনগোষ্ঠীয় লোকক প্ৰতাৰণা কৰি তেওঁলোকৰ পৰা ভূমি অধিকাৰ কাঢ়ি আনি ব্যক্তিগত কোম্পানীৰ হাতত গটাইছে। অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰশংসা কৰিছে কিয়নো উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ পৰা এখন শপতনামা বিচাৰিছে আৰু অসমত ৰাষ্ট্ৰীয় সংস্থাপন নিয়মৰ ভিতৰত অন্তৰ্ভুক্ত হয়নে নহয় তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ‘এনেকুৱা ঘটনা সভ্য সমাজৰ বাবে কেতিয়াও হ’ব নোৱাৰে’-বুলি অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে মতপোষণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু