--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মুম্বাইৰ বৰিভলি ৱেষ্টত৷ এগৰাকী মাতৃয়ে নিজৰ কণমানি শিশুক গাখীৰ খোৱাই থকাৰ সময়তে চাৰিচকীয়া বাহনৰ খুন্দাত নিহত হয় মহিলাগৰাকী৷ কথমপি ৰক্ষা পৰে দেৱ শিশুটি৷ মঙলবাৰে নিশা মুম্বাইৰ বৰিভলিৰ কোৰা কেন্দ্ৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো৷ লাডবাই বাৱাৰিয়া নামৰ এগৰাকী ২৯ বছৰীয়া বেলুন বিক্ৰেতাই তেওঁৰ পাঁচ মহীৰ পুত্ৰক গাখীৰ খোৱাই আছিল আৰু তেনে সময়তে এখন চাৰিচকীয়া বাহন মহিলাগৰাকীৰ ওপৰেৰে পাৰ হৈ যায়৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনখন৷ ইপিনে বুধবাৰে হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত বুলি ঘোষণা কৰে চিকিৎসকে৷ আনহাতে নৱজাতক ৰিভান্সক কান্দিভলী পশ্চিমৰ শতাব্দী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ মাতৃগৰাকীৰ মৃত্যুৰ পাছতেই চিকিৎসক সুস্থ বুলি ঘোষণা কৰে নৱজাতকক৷ মৃতকৰ স্বামী ধনৰাজ বাৱাৰিয়াৰ মতে, তেওঁ আৰু তেওঁৰ পত্নীয়ে ঘোদ্বান্দৰত এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁলোকে বিভিন্ন বেলুন আৰু ম'বাইল ষ্টেণ্ড বিক্ৰী কৰিবলৈ বৰিভলি ৱেষ্টলৈ গৈছিল। বাৱাৰিয়াই তেওঁৰ বিবৃতিত কৈছিল যে নিশা ৮ বজাত তেওঁক এজন ষ্ট্ৰবেৰী বিক্ৰেতাই জনাইছিল যে তেওঁৰ পত্নী আৰু পুত্ৰ কোৰা কেন্দ্ৰৰ নিৰ্মাণাধীন উৰণীয়া সেতুৰ তলত দুৰ্ঘটনাত পতিত হৈছিল। তেওঁলোকৰ ৰক্তক্ষৰণ আৰু অচেতন অৱস্থাত বিচাৰি ধনৰাজে দৌৰিছিল। বাৱাৰিয়াই আৰক্ষী জনোৱা তথ্য অনুসৰি, এখন সেউজীয়া নম্বৰ প্লেট লগোৱা গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰিছিল৷ মঙলবাৰে নিশা লাডবাই বাৱাৰিয়াই আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল। ইতিমধ্যে অচিনাক্ত চালকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে স্থানীয় আৰক্ষী চকীত৷ লগতে তদন্তৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ইপিনে চিচিটিভি ফুটেজৰ বাবে ওচৰৰ অঞ্চলবোৰত অনুসন্ধান কৰি আছে আৰক্ষী বিষয়াসকলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র