--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মুম্বাইৰ বৰিভলি ৱেষ্টত৷ এগৰাকী মাতৃয়ে নিজৰ কণমানি শিশুক গাখীৰ খোৱাই থকাৰ সময়তে চাৰিচকীয়া বাহনৰ খুন্দাত নিহত হয় মহিলাগৰাকী৷ কথমপি ৰক্ষা পৰে দেৱ শিশুটি৷ মঙলবাৰে নিশা মুম্বাইৰ বৰিভলিৰ কোৰা কেন্দ্ৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো৷ লাডবাই বাৱাৰিয়া নামৰ এগৰাকী ২৯ বছৰীয়া বেলুন বিক্ৰেতাই তেওঁৰ পাঁচ মহীৰ পুত্ৰক গাখীৰ খোৱাই আছিল আৰু তেনে সময়তে এখন চাৰিচকীয়া বাহন মহিলাগৰাকীৰ ওপৰেৰে পাৰ হৈ যায়৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনখন৷ ইপিনে বুধবাৰে হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত বুলি ঘোষণা কৰে চিকিৎসকে৷ আনহাতে নৱজাতক ৰিভান্সক কান্দিভলী পশ্চিমৰ শতাব্দী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ মাতৃগৰাকীৰ মৃত্যুৰ পাছতেই চিকিৎসক সুস্থ বুলি ঘোষণা কৰে নৱজাতকক৷ মৃতকৰ স্বামী ধনৰাজ বাৱাৰিয়াৰ মতে, তেওঁ আৰু তেওঁৰ পত্নীয়ে ঘোদ্বান্দৰত এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁলোকে বিভিন্ন বেলুন আৰু ম'বাইল ষ্টেণ্ড বিক্ৰী কৰিবলৈ বৰিভলি ৱেষ্টলৈ গৈছিল। বাৱাৰিয়াই তেওঁৰ বিবৃতিত কৈছিল যে নিশা ৮ বজাত তেওঁক এজন ষ্ট্ৰবেৰী বিক্ৰেতাই জনাইছিল যে তেওঁৰ পত্নী আৰু পুত্ৰ কোৰা কেন্দ্ৰৰ নিৰ্মাণাধীন উৰণীয়া সেতুৰ তলত দুৰ্ঘটনাত পতিত হৈছিল। তেওঁলোকৰ ৰক্তক্ষৰণ আৰু অচেতন অৱস্থাত বিচাৰি ধনৰাজে দৌৰিছিল। বাৱাৰিয়াই আৰক্ষী জনোৱা তথ্য অনুসৰি, এখন সেউজীয়া নম্বৰ প্লেট লগোৱা গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰিছিল৷ মঙলবাৰে নিশা লাডবাই বাৱাৰিয়াই আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল। ইতিমধ্যে অচিনাক্ত চালকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে স্থানীয় আৰক্ষী চকীত৷ লগতে তদন্তৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ইপিনে চিচিটিভি ফুটেজৰ বাবে ওচৰৰ অঞ্চলবোৰত অনুসন্ধান কৰি আছে আৰক্ষী বিষয়াসকলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক