--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতি বছৰে ৭ আগষ্ট দিনটোত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰা হয়। এই দিৱস পালন কৰি আজিৰ দিনটোত ভাৰতীয় স্থানীয় হস্ততাঁতক উৎসাহিত কৰা তথা ভাৰতীয় ব্ৰেণ্ড আৰু খাদীক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ পদক্ষেপ গ্ৰহণ কৰা হয়। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে হস্ততাঁত উদ্যোগক আৰ্থিকভাৱে শক্তিশালী কৰা আৰু বিশ্বত ইয়াক ব্ৰেণ্ড হিচাপে উপস্থাপন কৰা। খাদী শাৰী, চুট, দুপট্টা বা কুৰ্তা আৰু হস্ততাঁতেৰে বনোৱা চাৰ্ট যথেষ্ট আৰামদায়ক আৰু এতিয়াও বহুতৰে প্ৰথম পছন্দ।

 হস্ততাঁতৰ ইতিহাস-

লৰ্ড কাৰ্জনে ১৯০৫ চনত বংগ বিভাজনৰ কথা ঘোষণা কৰে, তাৰ পাছত আজিৰ দিনটোতে কলকাতাৰ টাউন হলত এখন জনসভাৰ পৰা স্বদেশী আন্দোলন আৰম্ভ হয়। ইয়াৰ স্মৃতিত ভাৰত চৰকাৰে প্ৰতি বছৰে ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰে। ২০১৫ চনৰ ৭ আগষ্টত প্ৰধানমন্ত্ৰীয়ে (নৰেন্দ্ৰ মোডী) দিনটো আৰম্ভ কৰিছিল। তাৰ পাছত তেওঁ চেন্নাইৰ মাদ্ৰাজ মহাবিদ্যালয়ৰ শতাব্দী কৰিডৰত দিনটো আৰম্ভ কৰি শিপিনীসকলক আগুৱাই নিয়াৰ কথা ঘোষণা কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। আজিৰ দিনটোতে অৰ্থাৎ ৮ম হস্ততাঁত দিৱস আজি উদযাপন কৰা হয়।

 হস্ততাঁত ভাৰতৰ ঐতিহ্য-

হস্ততাঁত ভাৰতৰ ঐতিহ্য, গতিকে ইয়াৰ গুৰুত্বও অপৰিসীম। অন্ধ্ৰ প্ৰদেশৰ কালামকাৰী, গুজৰাটৰ বন্ধনী, তামিলনাডুৰ কাঞ্জীৱৰাম আৰু মহাৰাষ্ট্ৰৰ পৈথানী আদি হস্ততাঁতেৰে তৈয়াৰ কৰা কিছুমান বস্তু। বহুত সময়ৰো প্ৰয়োজন হয় সেই কাৰণেই হস্ততাঁত উদ্যোগক ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ এক অপৰিহাৰ্য অংশ হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰি ই এক বৃহৎসংখ্যক লোকৰ কৰ্মসংস্থাপনৰ মাধ্যম। মাত্ৰ ৭০ শতাংশ মহিলাই এই খণ্ডত কাম কৰে।

 হস্ততাঁত ট্ৰেণ্ড-

হেণ্ডলুমৰ ট্ৰেণ্ডক প্ৰচাৰ কৰি ব্ৰেণ্ড হিচাপে গঢ়ি তুলিবলৈ বহু চেলিব্ৰেটী আগবাঢ়ি আহিছে। বহু অভিনেত্ৰীয়ে ইয়াৰ প্ৰচাৰ কৰা দেখা যায় কাপোৰ হস্ততাঁতেৰে নিৰ্মিত শাৰী পিন্ধি। ২০১৫ চনত যেতিয়া প্ৰথমবাৰৰ বাবে এই দিনটো আৰম্ভ হৈছিল, তেতিয়া তেতিয়াৰ বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে ছ’চিয়েল মিডিয়াত আৰম্ভ কৰিছিল ‘আই ৱেৰ হেণ্ডলুম অভিযান। যাৰ উদ্দেশ্য আছিল হস্ততাঁত কাপোৰ জনপ্ৰিয় কৰা আৰু বয়ন সমাজক সহায় কৰা। ইয়াৰ পিছত হস্ততাঁত সম্পৰ্কে বহু ধৰণৰ অভিযান চলোৱা হৈছিল। টুইটাৰত ‘হেচটেগ শাৰী টুইটাৰৰ ট্ৰেণ্ডো যথেষ্ট জনপ্ৰিয় হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ