--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নগ্ন ফটোশ্বুট কৰি দেশজুৰি চৰ্চা লাভ কৰিলেও এতিয়া যেন বিপদে আহি দুৱাৰত টুকুৰিয়াইছে অভিনেতা ৰণবীৰ সিঙৰ৷ অলপতে ৰণবীৰে ‘পেপাৰ’ আলোচনীখনৰ বাবে এটা নগ্ন ফটোশ্বুট কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল৷ বহু আগতে চেম্বুৰ আৰক্ষী থানাত অভিনেতাজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। এইবাৰ এই বিতৰ্ক পালেগৈ ন্যায়ালয়ৰ মজিয়া৷ কলকাতা উচ্চ ন্যায়ালয়ৰ মজিয়াত এতিয়া ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুটৰ প্ৰসংগ৷

সংখ্যালঘু মহিলা সংগঠনৰ অধ্যক্ষা নাজিয়া ইলাহি খানে ৰণবীৰ সিঙৰ ফটো শ্বুটক লৈ কলকাতা উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত গোচৰ ৰুজু কৰিছে। নাজিয়াই কলকাতা উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে, যাতে ৰণবীৰৰ নগ্ন ছবি ৰাজ্যখনত বিয়পি নপৰে। তেওঁৰ মতে, ৰণবীৰৰ এই ছবিখনে জনতাৰ মন আৰু শিশুসকলৰ মনত বেয়া প্ৰভাৱ পেলাব পাৰে। নাজিয়াই দাখিল কৰা গোচৰটোত মিলিন্দ সুমনৰ পুৰণি ফটোশ্বুট আৰু সাংসদ নুছৰত জাহানে নিৰ্মাণ কৰা এটা পুৰণি টিকটক ভিডিঅ’ৰ কথাও উল্লেখ কৰা হৈছে। 

উল্লেখযোগ্য যে, আলোচনীৰ বাবে ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুটৰ ঠিক পাছতেই বিতৰ্কৰ সৃষ্টি হৈছিল। মুম্বাইৰ বাসিন্দা বেদিকা চৌবে নামৰ এগৰাকী অধিবক্তাই এই নগ্ন ফটোশ্বুটক লৈ চেম্বুৰ আৰক্ষী থানাত ৰণবীৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। বেদিকা চৌবেয়ে অভিযোগ কৰে, এনে ফটোশ্বুটে মহিলাসকলৰ নাৰীত্বক দুৰ্বল কৰি তুলিছে আৰু তেওঁলোকৰ অনুভূতিক আঘাত কৰিছে।

কেৱল সেয়াই নহয়, মুম্বাইৰ এটা বেচৰকাৰী সংগঠনেও ৰণবীৰৰ বিৰুদ্ধে চেম্বুৰ আৰক্ষীৰ কাষ চাপিছিল। এই দুটা অভিযোগৰ ভিত্তিত ৰণবীৰক মুম্বাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে, যেনে ২৯৩ (যুৱক-যুৱতীক অশ্লীল বস্তু বিক্ৰী কৰা), ২৯২ (অশ্লীল কিতাপ বিক্ৰী কৰা ইত্যাদি), ৫০৯ (শব্দ, ভংগী বা কাৰ্যৰ জৰিয়তে নাৰীত্বক অপমান কৰা)।

ৰণবীৰে আমেৰিকান অভিনেতা বাৰ্ট ৰেনল্ডছৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে এই ফটোশ্বুটটো কৰিছে। অৱশ্যে, অৰ্জুন কাপুৰ, ৰাখী সাৱন্ত, আলিয়া ভাট আৰু পৰিচালক ৰামগোপাল বৰ্মাই বিতৰ্কত ৰণবীৰৰ পক্ষত থিয় দিছে। তৃণমূলৰ সাংসদ আৰু অভিনেত্ৰী মিমি চক্ৰৱৰ্তীয়েও ৰণবীৰৰ ফটোশ্বুটৰ বিষয়ে সোচ্চাৰ হৈছিল। তেওঁৰ প্ৰশ্ন আছিল, যদি ছোৱালী এজনীয়ে এনে কৰে তেন্তে ইয়াক এনেদৰে প্ৰশংসা কৰা হ’লহেঁতেন নেকি?

শুকুৰবাৰে মিমি চক্ৰৱৰ্তীয়ে ৰণবীৰৰ ফটো শ্বুটৰ বিষয়ে টুইটাৰত লিখিছিল, ৰণবীৰৰ ফটো শ্বুটে নেটপৃথিৱীত জুই লগাই দিছে। মন্তব্যৰ বন্যা হৈছে। বহুলোকে মন্তব্য বাকচত জুইৰ ইমোজি দি আছে। মই আচৰিত হওঁ, যদি এজনী ছোৱালীয়ে এনে ফটোশ্বুট কৰিলেহেঁতেন, তেন্তে তেৱোঁ একে প্ৰশংসা অৰ্জন কৰিলেহেঁতেননে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ