--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • নেহৰু ষ্টেডিয়ামেই নহয়, আৰ জি বৰুৱা ক্রীড়া প্রকল্পত থকা সকলো ক্রীড়াক্ষেত্র ভাঙি অত্যাধুনিক ৰূপত নতুনকৈ নিৰ্মাণ কৰা হ'ব।

ডিজিটেল ডেস্ক : ন-ৰূপ পাব আৰ জি বৰুৱা ক্রীড়া প্রকল্প আৰু ইয়াৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামে। অহা ২১ ডিচেম্বৰৰ পৰাই ক্ৰীড়া প্রকল্পটোত চলিব বুলডজাৰ। 


সেয়েহে, নীৰৱে চকুলো টুকিছে বহুজনে। তাৰ মাজত আছে অজস্র প্রতিষ্ঠিত, স্বনামধন্য খেলুৱৈ, সংগঠক, ক্ষেত্র কর্মী, গছ-লতিকা। তাৰ মাজতো উঠিছে আনন্দৰ লহৰ উঠিছে সংখ্যাধিকৰ মাজত। কাৰণ পুৰণিক বিদায় দি নতুনক আঁকোৱালি লোৱাটোৱেই পৃথিৱীৰ নিয়ম। মূলতঃ ১৯৬২ চনতেই সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ ঐকান্তিক চেষ্টাত গুৱাহাটীৰ মাজমজিয়াত নির্মাণ হোৱা ষ্টেডিয়ামখনৰ ম্যাদ উকলিছে। সেইটো ১০০ শতাংশ সঁচা কথা। সেই হেতু ৰাজ্য তথা দেশৰ ক্রীড়াক্ষেত্ৰৰ বহু ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰোৱা ষ্টেডিয়ামখনক এতিয়া ন-ৰূপ দিয়া হ'ব। 


নেহৰু ষ্টেডিয়ামেই নহয়, আৰ জি বৰুৱা ক্রীড়া প্রকল্পত থকা সকলো ক্রীড়াক্ষেত্র ভাঙি অত্যাধুনিক ৰূপত নতুনকৈ নিৰ্মাণ কৰা হ'ব। ২১ ডিচেম্বৰৰ পৰাই পুৰণি ষ্টেডিয়ামখন নিশ্চিহ্ন কৰাৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে অসম ক্রীড়া ব'র্ডে ২১ ডিচেম্বৰৰ পৰা নেহৰু ষ্টেডিয়ামৰ গ্রাউণ্ডত সকলো ধৰণৰ ক্রীড়া অনুশীলন, মেচ বন্ধ ৰখাৰ নিৰ্দেশ দিছে। 


একেধৰণে ২৫ ডিচেম্বৰৰ ভিতৰত আৰ জি বৰুৱা ক্রীড়া প্রকল্পত থকা সকলো কাৰ্যালয় খালী কৰাৰ জাননী সংশ্লিষ্ট সকলো কর্তৃপক্ষলৈ প্ৰেৰণ কৰিছে। তদুপৰি, অসম চৰকাৰৰ কেবিনেটে নেহৰু স্টেডিয়ামসহ আৰ জি বৰুৱা ক্রীড়াপ্রকল্প পুনৰ নিৰ্মাণৰ বাবে ইতিমধ্যে ৭৬৫ কোটি টকা পুঁজি ধার্য কৰিছে। ষ্টেডিয়ামৰ নৱনিৰ্মাণৰ দায়িত্ব এল এণ্ড টি কোম্পানীক ন্যস্ত কৰা হৈছে। ক্রীড়া বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, স্টেডিয়ামখনত অত্যাধুনিক সা-সুবিধা উপলব্ধ হ'ব। ঘাইকৈ গ্রাউণ্ডখন ৩০-৩৫ হাজাৰ সক্ষমতা বিশিষ্ট হোৱাৰ উপৰি ফিফাৰ মানবিশিষ্ট কৰা হ'ব। ক্রীড়া প্রকল্পত ৪টা ব্লক থাকিব। বিভিন্ন ক্রীড়া সংস্থাৰ কাৰ্যালয়, ক্রীড়া সঞ্চালকালয়ৰ কাৰ্যালয়, স্পর্টছ হোষ্টেল, প্রায় ২,৫০০ বাহনৰ পার্কিংস্থলী, প্রেক্ষাগৃহ, ইনড'ৰ গেমছৰ অনুশীলনৰ সুবিধা, কমাচিয়েল ব্লক, ফুটবলৰ অনুশীলন গ্রাউণ্ড, বেডমিন্টন, টেবুল টেনিছ, বিভিন্ন সমৰকলা, ছুইমিং পুল আদিৰ বাবে ব্যৱস্থা থাকিব। বেডমিন্টন, টেবুল টেনিছ, মার্চিয়েল আর্টছৰ বাবে ২,০০০ আসন বিশিষ্ট ইনড'ৰ হল নিৰ্মাণ কৰা হ'ব। 


সূত্ৰটোৰ মতে, ক্রীড়া প্রকল্পটোত জি-১২ বিল্ডিং নির্মাণ কৰা হ'ব। বর্তমান দেশভক্ত তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়াম, কনকলতা ইনড'ৰ হল, এবিটা ইনড'ৰ হলৰ উপৰি স্কোৱাছ ক'ৰ্ট, বিমলা প্রসাদ চলিহা ছুইমিং পুল, কোনো বিকল্প স্থান নির্ধাৰণ নকৰাকৈ হঠাৎ কম দিনৰ জাননীৰে ষ্টেডিয়ামখনত থকা বিভিন্ন সংস্থা, ক'চিং চেণ্টাৰ খালী কৰিবলৈ দিয়াত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। 


১৯৭৯ চনৰ পৰাই ষ্টেডিয়ামখনত ফুটবল খেলুৱৈ গঢ়াত আত্মনিয়োগ কৰি অহা গুৱাহাটী ইয়ং ষ্টাৰ ফুটবল ক'চিং চেণ্টাৰৰ প্ৰবীণ প্রশিক্ষক হেম দাসে এই সংক্রান্তত কয় যে ষ্টেডিয়ামখন পুনৰ নিৰ্মাণৰ উদ্দেশ্যে ভঙাত আপত্তি নাই যদিও দুখ লাগিছে। ফুটবলৰ অনুশীলনৰ বাবে চৰকাৰে এতিয়াও বিকল্প স্থান দিয়া নাই। আনকি কার্যালয় খালী কৰিবলৈ এমাহো সময় দিয়া নাই। এনে অৱস্থাত ক'চিং চেণ্টাৰটোত থকা প্রায় ৭৯জন প্রশিক্ষার্থীৰ অনুশীলন এতিয়া বাধাপ্রাপ্ত হ'ব। উল্লেখযোগ্য যে ক'চিং চেণ্টাৰটোৰ পৰাই গোবিন্দ বড়ো, সাবন থাপা, লখেশ্বৰ কাকতী, এলেন দেউৰী, বিকাশ বৰুৱা, দেৱজিৎ কলিতা আদিৰ দৰে ভালেমান ফুটবলাৰ ওলাই আহিছিল। 


উদীয়মান খেলুৱৈসকলে নিয়মীয়া অনুশীলন কৰিব পৰাকৈ শীঘ্ৰে বিকল্প স্থান নিৰ্ধাৰণ কৰি দিবলৈ প্রশিক্ষক দাসে চৰকাৰক অনুৰোধ জনাই আহিছে। তদুপৰি, আৰ জি বৰুৱা ক্রীড়া প্ৰকল্পৰ নৱনিৰ্মাণ আঁচনিয়ে কাৰ্যালয়হাৰা কৰিব ২২টা ৰাজ্যিক ক্রীড়া সন্থা, সংগঠন, প্রশিক্ষণ কেন্দ্ৰৰ। 


অনুষ্ঠানসমূহ হ'ল অসম বেডমিন্টন সন্থা, গুৱাহাটী ক্রীড়া সন্থা, অসম বক্সিং সন্থা, অসম ক্রিকেট সন্থা, ক্রীড়া সাংবাদিক কল্যাণ সন্থা, অসম, অসম উছু সন্থা, অসম টাইকোৱাণ্ডো সন্থা, অসম ফেন্সিং সন্থা, অসম ভলীবল সন্থা, অসম ছেপাকটাক্র' সন্থা, অসম পৰ্বতাৰোহণ সন্থা, অসম হেণ্ডবল সন্থা, অসম ৰাগবী সন্থা, অসম ফুটবল সন্থা, অসম পেৰা অলিম্পিক সন্থা, অসম ক্রীড়া সাংবাদিক সন্থা, লক্ষ্যভেদা শুটিং ৰেঞ্জ, গুৱাহাটী ল'ন টেনিছ সন্থা, গুৱাহাটী ইয়ং ষ্টাৰ ফুটবল ক'চিং চেণ্টাৰ, অসম এক্সপ্লৰাৰ্ছ সন্থা আৰু গুৱাহাটী ক্রিকেট ক'চিং চেণ্টাৰ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ