--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৭ বছৰীয়া কিউচেংহান ফুকনে বুধবাৰে মহাৰাষ্ট্ৰৰ আৰব সাগৰত ভয়ংকৰ সাগৰীয় পথ হিচাপে জনাজাত এলিফেণ্টা দ্বীপৰ পৰা মুম্বাইৰ গে'টৱে অব্ ইণ্ডিয়ালৈকে সাঁতুৰি ইতিহাস ৰচনা কৰে।

ডিজিটেল ডেস্ক: ভাৰতৰ অন্যতম প্রত্যাহ্বানমূলক আৰু ভয়ংকৰ সাগৰীয় পথ হিচাপে জনাজাত আৰব সাগৰত বিশ্বৰ সৰ্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে অভিলেখ সৃষ্টি কৰিলে অসমৰ কণমানি কিউচেংহান ফুকনে। 


৭ বছৰীয়া কিউচেংহান ফুকনে বুধবাৰে মহাৰাষ্ট্ৰৰ আৰব সাগৰত ভয়ংকৰ সাগৰীয় পথ হিচাপে জনাজাত এলিফেণ্টা দ্বীপৰ পৰা মুম্বাইৰ গে'টৱে অব্ ইণ্ডিয়ালৈকে সাঁতুৰি ইতিহাস ৰচনা কৰে। 


মাত্র ৩ ঘণ্টা ২৯ মিনিটতে তীব্র প্রত্যাহ্বানপূর্ণ এই পথছোৱা সাঁতুৰি কণমানি কিউচেংহানে সকলোকে আচৰিত কৰে। তেওঁ উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা সাঁতোৰবিদ হিচাপে এই পথছোৱা সাঁতুৰি সমগ্ৰ অসমকে গৌৰৱান্বিত কৰি তোলে। 


কিউচেংহানে এলিফেণ্টা দ্বীপৰ পৰা দুপৰীয়া ২-৩৬ বজাত সাঁতুৰিবলৈ আৰম্ভ কৰি সন্ধিয়া ৬-০৫ বজাত মুঠ ১২ কিল'মিটাৰ পথ অতিক্ৰম কৰি গে'টৱে অব্ ইণ্ডিয়াত উপস্থিত হয়। চৰাইদেউ জিলাৰ চেপনৰ হলৌগুৰিৰ বাসিন্দা হেমাংগ ফুকন আৰু ৰিমলী হাজৰিকা ফুকনৰ কন্যা কিউচেংহান পৰিয়ালসহ সম্প্ৰতি গুৱাহাটীৰ ছয়মাইলত বাস কৰে। 


গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰী বৰুৱা ক্রীড়া প্ৰকল্পৰ ড° জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত বাবুল গুৰুঙৰ তত্ত্বাৱধানত সাঁতোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কিউচেংহানৰ এই কৃতিত্বত অসম সাঁতোৰ সন্থা উৎফুল্লিত হৈ পৰিছে। সন্থাৰ সম্পাদক ভাস্কৰ দাসে কিউচেংহানক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে। 


ইফালে কিউচেংহানৰ এই অভিলেখৰ বাবে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গার্লোচায়ো সামাজিক মাধ্যমৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কিউচেংহানৰ ফটোও সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ