--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৭ বছৰীয়া কিউচেংহান ফুকনে বুধবাৰে মহাৰাষ্ট্ৰৰ আৰব সাগৰত ভয়ংকৰ সাগৰীয় পথ হিচাপে জনাজাত এলিফেণ্টা দ্বীপৰ পৰা মুম্বাইৰ গে'টৱে অব্ ইণ্ডিয়ালৈকে সাঁতুৰি ইতিহাস ৰচনা কৰে।

ডিজিটেল ডেস্ক: ভাৰতৰ অন্যতম প্রত্যাহ্বানমূলক আৰু ভয়ংকৰ সাগৰীয় পথ হিচাপে জনাজাত আৰব সাগৰত বিশ্বৰ সৰ্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে অভিলেখ সৃষ্টি কৰিলে অসমৰ কণমানি কিউচেংহান ফুকনে। 


৭ বছৰীয়া কিউচেংহান ফুকনে বুধবাৰে মহাৰাষ্ট্ৰৰ আৰব সাগৰত ভয়ংকৰ সাগৰীয় পথ হিচাপে জনাজাত এলিফেণ্টা দ্বীপৰ পৰা মুম্বাইৰ গে'টৱে অব্ ইণ্ডিয়ালৈকে সাঁতুৰি ইতিহাস ৰচনা কৰে। 


মাত্র ৩ ঘণ্টা ২৯ মিনিটতে তীব্র প্রত্যাহ্বানপূর্ণ এই পথছোৱা সাঁতুৰি কণমানি কিউচেংহানে সকলোকে আচৰিত কৰে। তেওঁ উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা সাঁতোৰবিদ হিচাপে এই পথছোৱা সাঁতুৰি সমগ্ৰ অসমকে গৌৰৱান্বিত কৰি তোলে। 


কিউচেংহানে এলিফেণ্টা দ্বীপৰ পৰা দুপৰীয়া ২-৩৬ বজাত সাঁতুৰিবলৈ আৰম্ভ কৰি সন্ধিয়া ৬-০৫ বজাত মুঠ ১২ কিল'মিটাৰ পথ অতিক্ৰম কৰি গে'টৱে অব্ ইণ্ডিয়াত উপস্থিত হয়। চৰাইদেউ জিলাৰ চেপনৰ হলৌগুৰিৰ বাসিন্দা হেমাংগ ফুকন আৰু ৰিমলী হাজৰিকা ফুকনৰ কন্যা কিউচেংহান পৰিয়ালসহ সম্প্ৰতি গুৱাহাটীৰ ছয়মাইলত বাস কৰে। 


গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰী বৰুৱা ক্রীড়া প্ৰকল্পৰ ড° জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত বাবুল গুৰুঙৰ তত্ত্বাৱধানত সাঁতোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কিউচেংহানৰ এই কৃতিত্বত অসম সাঁতোৰ সন্থা উৎফুল্লিত হৈ পৰিছে। সন্থাৰ সম্পাদক ভাস্কৰ দাসে কিউচেংহানক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে। 


ইফালে কিউচেংহানৰ এই অভিলেখৰ বাবে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গার্লোচায়ো সামাজিক মাধ্যমৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কিউচেংহানৰ ফটোও সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু