--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সংবাদমেলত দেৱলাল গাৰ্লচাই কয় পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া পুঁজিৰ জৰিয়তে ডিমা হাছাও জিলাৰ প্ৰত্যন্ত চেমখৰ গাঁৱৰ বিদ্যুতৰ সমস্যাৰ সমাধান হৈছে।

ডিজিটেল ডেস্ক: অসমৰ অন্যতম পাহাৰীয়া জিলাৰ উন্নয়নৰ বাবে ২০২৬-২৭ চনৰ কেন্দ্ৰীয় বাজেটত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদক ৭০ কোটি টকা দিয়াৰ প্ৰস্তাৱ ৰখা হৈছে বুলি জানিবলৈ দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই। আজি হাফলং অটল বিহাৰী বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি দেৱলাল গাৰ্লচাই কয় এই বাৰ কেন্দ্ৰীয় বাজেটত ডিমা হাছাও জিলাৰ বাবে ৭০ কোটি টকা দিয়া হৈছে। 


সংবাদমেলত দেৱলাল গাৰ্লচাই কয় পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া পুঁজিৰ জৰিয়তে ডিমা হাছাও জিলাৰ প্ৰত্যন্ত চেমখৰ গাঁৱৰ বিদ্যুতৰ সমস্যাৰ সমাধান হৈছে। জলমিত্ৰ সকলৰ দৰমহাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজি আবন্টন দিছে। ২০২৬-২৭ বিত্তীয় বছৰত ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় বাজেটত ৭০ কোটি টকা আবন্টন দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে দেৱলাল গাৰ্লচাই। 


আজি সংবাদমেলত আকৌ এবাৰ বিৰোধী কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লয় দেৱলাল গাৰ্লচাই কয় কংগ্ৰেছ চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ধনৰ ব্যাপক খেলিমেলি হৈছে। এতিয়া কেন্দ্ৰীয় চৰকাৰে ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদক মুকলি কৰি দিয়া পুঁজিৰ সফল ৰূপায়ন হৈ আছে যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ডিমা হাছাও জিলাত ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণৰ বাবে ৬৫ কোটি টকা আবণ্টন দিছে ইয়াৰ উপৰি মানদাৰডিচাত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ৭৫ কোটি টকা ব্যয়ত নিৰ্মাণ কৰা হৈছে বেম্বু উদ্যোগ পার্ক। তেওঁ কয় এনেদৰে আগন্তুক পাঁচ দহ বছৰ কাম কৰি গলে ডিমা হাছাও জিলাৰ সকলো সমস্যাৰ সমাধান হ’ব বুলি মন্তব্য কৰি দেৱলাল গাৰ্লচাই কয় প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী স্বপ্নৰ শিলচৰ -সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ কাম কংগ্ৰেছৰ দিনত কাম বন্ধ হৈ পৰিছিল এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অহা ধনৰ ব্যাপক হাৰত অনিয়ম হৈছিল কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিচতে শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ কামৰ বাবে নতুন নিৰ্মান সংস্থাক পথ নিৰ্মাণৰ কাম দিয়াৰ পিচতে এতিয়া কাম সম্পূৰ্ণ হোৱাৰ পথত। 


মাৰ্চত এই চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিয়া হ’ব বুলি মন্তব্য কৰি কংগ্ৰেছৰ নিৰ্মল লাংথাচাই সামাজিক মাধ্যমত কৰা মন্তব্য বিজেপি চৰকাৰ থাকিলে ডিমা হাছাও জিলাৰ সাধাৰণ ৰাইজ হাতত থালি লৈ পথত বহিব লাগিব এই সন্দৰ্ভত দেৱলাল গাৰ্লচাই নিৰ্মল লাংথাচাই কৰা এনে মন্ত্যবৰ তীব্ৰ সমালোচনা কৰি কয় নিৰ্মল লাংথাচাই পাহৰি গৈছে এই কংগ্ৰেছ চৰকাৰৰ দিনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কৰ্মচাৰী সকলৰ দৰমহা মুকলি কৰি দিয়াৰ বাবে থালি হাতত লৈ বহিব লগা হৈছিল পাহৰি জিলাৰ ৰাইজে কংগ্ৰেছৰ এই দিনৰ কথা এতিয়া পাহৰি যোৱা নাই। 


কিন্তু যোৱা ৯ বছৰে বিজেপি ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে যি কাম কৰিছে সেয়া পাহৰি জিলাৰ ৰাইজে দেখি আছে বুলি মন্তব্য কৰি দেৱলাল গাৰ্লচাই কয় কংগ্ৰেছ দলে অভিযোগ কৰিয়াছে ডিমা হাছাও জিলাত বিজেপি দলে উপজাতি জনগোষ্ঠীৰ মানুহৰ ভূমি কৰি লৈছে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি জানিবলৈ দি তেওঁ কয় বিজেপিয়ে কেতিয়া ও উপজাতি জনগোষ্ঠীৰ মানুহৰ ভূমি কৰি লোৱা নাই বৰঞ্চ কংগ্ৰেছৰ দিনত হাজাৰ হাজাৰ বিঘা ভূমি নিপোক ডালমিয়া চিমেণ্ট জে পি চিমেণ্টক ভূমি আবণ্টন দিছিল যি সকল ভূমি আমি পুনৰ ঘূৰাই লৈছোঁ বুলি মন্তব্য কৰি কয় বিজেপিয়ে কেতিয়া ও উপজাতি জনগোষ্ঠীৰ মানুহৰ ভূমি কৰি লোৱা নাই বা বিক্ৰী কৰা নাই। 


আমি উদ্যোগ কোম্পানী বিলাকক মাতি আনিছোঁ জিলাৰ উন্নয়নৰ বাবে। এটা সময়ত এই পাহাৰীয়া জিলাখনৰ সম্পদ বিক্ৰী কৰি দিছিল কংগ্ৰেছ দলে এনে অভিযোগ কৰি দেৱলাল গাৰ্লচাই কয় ২০১৮ চনত নাগালেণ্ডক ডিমা হাছাও জিলাৰ ভূমি গতাই দিয়াৰ অভিযোগ সহ পাহাৰীয়া জিলাত পঞ্চায়তৰাজ প্ৰৱৰ্তন কৰিব বিচাৰিছে বিজেপি দলে বুলি অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছে। ইমানতেই নহে কয়লা ইছ্যুত মোৰ নাম আৰু মোৰ পত্নীৰ নামত বহু গোচৰ ৰুজু কৰিছে কংগ্ৰেছ দলে বুলি জানিবলৈ দি তেওঁ কয় কিছু দিনৰ মাজতে মধ্য ইংৰাজী বিদ্যালয় হাই স্কুলত ১০০ পদত শিক্ষক নিযুক্তি দিয়াৰ উপৰি নিম্ন প্ৰাথমিক বিদ্যালয়ত ২০০ শিক্ষক শিক্ষিক নিযুক্তি দিয়া হব বুলি জানিবলৈ দি কয় কংগ্ৰেছ চৰকাৰৰ সময়ত বন বিভাগৰ ৰাজহ সংগ্ৰহ হৈছিল মাত্ৰ ৩ কোটি টকা কিন্তু বিজেপি চৰকাৰৰ দিনত এই ৰাজহ সংগ্ৰহৰ পৰিমাণ হৈছে ৭০ কোটি টকা জানিবলৈ দিয়ে দেৱলাল গাৰ্লচাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ