--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালবৰ্গই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

ডিজিটেল ডেস্ক: অসমৰ সাহিত্য-সংস্কৃতিৰ মহানায়ক, যুগস্রষ্টা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি গৱেষণা তথা শৈক্ষিক দিশত ব্যৱহাৰৰ উদ্দেশ্যে সংৰক্ষণ, নথিভুক্তকৰণ আৰু ডিজিটেল ৰূপত সংৰক্ষণৰ উদ্দেশ্যে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগ আৰু মহান শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ মাজত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। 


গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড° ভাৰতী ভৰালী তথা ছাত্রী সংগীতা বৰাৰ 'জয়মতী' চলচ্চিত্র সম্পর্কীয় গৱেষণাৰ সময়ত লাভ কৰা চলচ্চিত্ৰখনৰ ভৱিষ্যৎ প্রজন্মৰ বাবে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পাণ্ডুলিপি, চিঠিপত্র, নাটক, কবিতা আৰু অন্যান্য দুষ্প্রাপ্য নথিপত্রসমূহ এই গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা হৈছে। 


চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্তই উক্ত পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয়, 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কেৱল এজন শিল্পী নহয়, তেওঁ অসমীয়া জাতিৰ আত্মাৰ কণ্ঠস্বৰূপ। তেওঁৰ চলচ্চিত্ৰ, সাহিত্য আৰু সৃষ্টিসমূহত অসমৰ সামাজিক, সাংস্কৃতিক আৰু মানৱিক চেতনাৰ এক জীৱন্ত আৰু গভীৰ প্ৰতিফলন প্রতীয়মান হয়। এনে অমূল্য বৌদ্ধিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাটো কেৱল এক শৈক্ষিক দায়িত্ব নহয়, ই আমাৰ জাতিগত দায়িত্ব। 


গুৱাহাটী বিশ্ববিদ্যালয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুষ্প্রাপ্য আৰু অমূল্য সৃষ্টিসমূহ সু-সংগঠিতভাৱে সংৰক্ষণ, নথিভুক্তকৰণ আৰু ডিজিটেল ৰূপত সংৰক্ষণ কৰি ভৱিষ্যৎ প্ৰজন্মৰ গৱেষক, ছাত্র-ছাত্ৰী আৰু সাধাৰণ পাঠকৰ বাবে সহজলভ্য কৰাৰ দিশে এক দৃঢ় আৰু সময়োপযোগী পদক্ষেপ গ্রহণ কৰিছে।' এই পদক্ষেপে অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে। 


প্রণিধানযোগ্য যে, 'Preservation and Documentation of the Original Works of Jyotiprasad Agarwala' শীর্ষক প্ৰকল্পৰ জৰিয়তে সংগ্ৰহ আৰু নথিভুক্ত কৰা সকলো সামগ্রী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ পুৰণি পাণ্ডুলিপি সংৰক্ষণ শাখাৰ অধীনত যথাযথভাৱে সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ কৰা হ'ব তথা পৰৱৰ্তী সময়ত সকলোৰে বাবে উপলব্ধ হ'ব। 


ইফালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালবৰ্গই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। ড° ভাৰতী ভৰালীয়ে উল্লেখ কৰে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালবৰ্গই গুৱাহাটী বিশ্ববিদ্যালয়ে গ্রহণ কৰা এই গুৰুত্বপূৰ্ণ আৰু দূৰদৰ্শী পদক্ষেপক আন্তৰিকতাৰে আদৰণি জনাইছে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰূপকোঁৱৰৰ অমৰ সৃষ্টিসমূহ বৈজ্ঞানিক পদ্ধতিত নথিভুক্তকৰণ আৰু ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ পথ সুগম হৈছে।' এই বুজাবুজিৰ চুক্তি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক দায়িত্ববোধৰ এক উজ্জ্বল নিদর্শন আৰু অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ বুলিও তেওঁ কয়। 


অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালবৰ্গৰ উপৰি শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ গ্রন্থাগাৰিক ড° প্রশান্ত ডেকা, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামী, অধ্যাপক অংকুৰণ দত্ত, পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ সঞ্চালক অধ্যাপক প্রাঞ্জল শইকীয়া, বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ