--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা দশকৰো অধিক সময়ৰ পাছত ভাৰতৰ চিনেমা দৰ্শকে ৰুপালী পৰ্দাত প্ৰথমখন পাকিস্তানী ছবি মুক্তি। ফাৱাদ খান আৰু মাহিৰা খান অভিনীত ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ৰ প্ৰিমিয়াৰ হ’ব ২ অক্টোবৰত ভাৰতীয় ছবিগৃহত। প্ৰথমে ২০২২ চনত মুক্তি পোৱাৰ কথা আছিল এই একচন-থ্ৰিলাৰ। বুধবাৰে মেকাৰে ছবিখনৰ পোষ্টাৰখন ইনষ্টাগ্ৰামত মুকলি কৰি  মুক্তিৰ তাৰিখ ঘোষণা কৰে নিৰ্মাতাই।

২ ঘন্টা ৩৩ মিনিটৰ ফাৱাদ খান অভিনীত পাকিস্তানী ছবি ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ ভাৰতত মুক্তি পাবলৈ দুবছৰ অপেক্ষা কৰিবলগীয়া হৈছে। ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ পাকিস্তানী চিনেমাৰ ইতিহাসত নিৰ্মিত আটাইতকৈ ব্যয়বহুল আৰু বৃহৎ পৰিসৰৰ ছবি। যি সময়ত এই ছবিখনে পাকিস্তান আৰু আৰব দেশকে ধৰি বিশ্বৰ বহু দেশত ঢৌ তুলিছিল, সেই সময়ত ভাৰতৰ চিনেমাপ্ৰেমীসকল ইয়াক চাবলৈ আশাবাদী আছিল। দুয়োখন দেশৰ মাজত বহু অসুবিধা আৰু ৰাজনৈতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছত অৱশেষত মুক্তি পাবলৈ ওলাইছে এই ছবিখন।


70 करोड़ बजट, 400 करोड़ कमाई, 2 घंटे 33 मिनट की 'द लेजेंड ऑफ मौला जट्ट' को भारत आने में दो साल क्यों लगे?

২০২২ চনৰ ১২ অক্টোবৰত পাকিস্তানত মুক্তি পাইছিল ‘দ্য লিজেণ্ড অৱ মৌলা জাট’। এই ছবিখন পৰিচালক, অভিনেতা আৰু প্ৰযোজকৰ কঠোৰ পৰিশ্ৰমৰ ফল। ইয়াক নিৰ্মান কৰাত প্ৰায় ১০ বছৰ সময় লাগিছিল। ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ ছবিখনত পাকিস্তানৰ তাৰকা অভিনেতাসকলক অভিনয় কৰিছে। ফৱাদ খান, মাহিৰা খান, হামজা আলী আব্বাছি, হুমাইমা মালিক, গৌহৰ ৰছিদ, ছামুন, শ্বাফকাত চিমা, আদনান জাফৰ, ফাৰিছ ছাফি, আহছান খান, বাবৰ আলী আদি বহু তাৰকাই ইয়াত কাম কৰিছিল। ছবিখনৰ পৰিচালক বিলাল লশৰী। বিলালে নাছিৰ আদীবৰ সৈতে সহযোগীভাৱে ৰচনা কৰিছিল ছবিখন। বিলাল লছাৰী, আম্মাৰা হিকমত আৰু আলী মুৰ্তাজাই প্ৰযোজনা কৰিছিল  ছবিখন।


এই নিৰ্মাণৰ বাবে নিৰ্মাতাসকলে প্ৰায় ৭০ কোটি টকা (পাকিস্তানী টকা) ব্যয় কৰিছিল। উল্লেখ্য যে এইখনেই পাকিস্তানৰ আটাইতকৈ দামী ছবি।  ছবিখন মুক্তি পোৱাৰ সময়ত পাকিস্তানকে ধৰি বিশ্বৰ বহু দেশৰ চিনেমাগৃহত হাউচফুল বৰ্ড লগাব লগা হৈছিল। পাকিস্তান, ব্ৰিটেইন, ইউ এ ই, চৌদি আৰব, নৰৱে, ডেনমাৰ্ক, বাহৰেইন, নেদাৰলেণ্ড, ওমান, জাৰ্মানী, কুৱেইট, ফ্ৰান্স, ছুইডেন, স্পেইন, নিউজিলেণ্ড, ছিংগাপুৰ, মালয়েছিয়াকে ধৰি ২৫খন দেশৰ ৫০০ৰো অধিক পৰ্দাত মুক্তি লাভ কৰে ছবিখন। এই ছবিখনে প্ৰথম সপ্তাহৰ শেষৰ ফালে বিশ্বজুৰি প্ৰায় ৫১ কোটি টকা (পাকিস্তান টকা) বিপুল পৰিমাণৰ উপাৰ্জন কৰে। ছবিখনে সামগ্ৰিকভাৱে বিশ্বজুৰি ৪০০ কোটিতকৈও অধিক ব্যৱসায় কৰিছিল।

It's official! The Legend Of Maula Jatt is finally releasing in India this  October - Culture - Images


ফাৱাদ খান আৰু মাহিৰাৰ এই ছবিখন ২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰতত মুক্তি পোৱাৰ কথা আছিল। ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ৰ বিতৰণৰ অধিকাৰ জি ষ্টুডিঅ’ৰ হাতত আছে। কিন্তু সেই সময়ত বিতৰ্কৰ বাবে ছবিখন পিছুৱাই দিয়া হৈছিল। সেই সময়ত চিনেমা চেইন ইনক্সৰ এগৰাকী মুখপাত্ৰই কৈছিল, “বিতৰকজনে জনাইছে যে ভাৰতত ছবিখনৰ মুক্তি অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে। “আমাক কোনো নতুন তাৰিখ দিয়া হোৱা নাই আৰু মুক্তি বন্ধ কৰাৰ কাৰণো কোৱা হোৱা নাই।” সেই সময়ত জি ষ্টুডিঅ’ই এই ছবিখন দিল্লী আৰু পঞ্জাৱত মুক্তি দিবলৈ ওলাইছিল। ছবিখনৰ মুক্তিৰ বিষয়ে আলোচনা হোৱাৰ লগে লগে এম এন এছেও মুক্তিৰ বিৰোধিতা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ