--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুপৰিচিত ইউটিউবাৰ ধ্ৰুৱ ৰাথীক প্ৰায়ে শিৰোনামত দেখা পোৱা যায়। ইউটিউব আৰু আন সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ লাখ লাখ ফ’ল’ৱাৰছ আছে। এতিয়া আকৌ এবাৰ ধ্ৰুৱ ৰাথী চৰ্চালৈ আহিছে। এইবাৰ ধ্ৰুৱ শিৰোনাম হোৱাৰ কাৰণ হ’ল তেওঁৰ ব্যক্তিগত জীৱন। আচলতে তেওঁক অনুসৰণ কৰাসকলে ভালদৰেই গম পাব যে তেওঁৰ পত্নী গৰ্ভৱতী আছিল ।


এই তথ্য তেওঁ নিজৰ সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল। আপোনালোকক জনাও যে ধ্ৰুৱ ৰাথী এতিয়া পিতৃ হ’ল। সন্তানৰ প্ৰথমখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷

ধ্ৰুৱই নিজৰ ছ’চিয়েল মিডিয়া ইনষ্টাগ্ৰামত দুখন ফটো শ্বেয়াৰ কৰিছে। প্ৰথম ফটোখনত ইউটিউবাৰ গৰাকীয়ে শিশুটিক কোলাত লৈ বহি থকা দেখা গৈছে। আনহাতে, দ্বিতীয়খন ফটোত শিশুটো শুই থকা দেখা গৈছে। এই ফটোবোৰ শ্বেয়াৰ কৰি ইউটিউজনে লিখিছে যে ‘আমি আমাৰ সৰু ল’ৰাটোক এই পৃথিৱীলৈ আদৰণি জনাইছো। তেওঁৰ এই পোষ্টটোৰ প্ৰতি বহু চেলিব্ৰিটিয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে।


উল্লেখ্য যে ইউটিউবাজনৰ পত্নীৰ নাম জুলি আৰু দুয়োৰে প্ৰথম লগ হৈছিল ২০১৪ চনত। জুলি জাৰ্মানীৰ বাসিন্দা। ধ্ৰুৱৰ বহু ভিডিঅ'ত জুলিয়ে ধ্ৰুৱৰ কেমেৰাত সহায় কৰে বুলি প্ৰায়ে শুনা যায়। প্ৰথম লগ পোৱাৰ ৫ বছৰৰ পাছত ভেলেণ্টাইন ডে’ত ধ্ৰুৱে জুলিক প্ৰস্তাৱ দিছিল। তাৰ পিছত ৭ বছৰ সম্পৰ্কত থকাৰ পিছত ২০২১ চনত ধ্ৰুৱ আৰু জুলি বিবাহ পাশত আৱদ্ধ হয়।

ধ্ৰুৱ ৰাথী হাৰিয়ানাৰ বাসিন্দা। প্ৰথম পঢ়া-শুনা ৰোহটকত কৰিছিল যদিও স্নাতক ডিগ্ৰীৰ বাবে জাৰ্মানীলৈ গৈছিল। ৰাথীয়ে মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছে। তাৰ পিছত তাৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰীও লৈছিল। বৰ্তমান তেওঁৰ ইনষ্টাগ্ৰামত ১ কোটি ২৫ লাখ আৰু ইউটিউবত ২.৫ কোটি ছাবস্ক্ৰাইবাৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক