--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্মজীৱনত তেওঁ কেতিয়াও এদিনৰ বাবেও ছুটী লোৱা নাই। ৰ’দ, বৰষুণ, ধুমুহা অথবা শৰীৰ বেয়া হ’লেও তেওঁ কামলৈ গৈছে। তেওঁ অতি কম  বয়সতে এটা ডিপাৰ্টমেণ্টেল ষ্টোৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়াৰে পৰা কেৱল কাম আৰু কাম। 

তেওঁ তাত ৭৪ বছৰ ধৰি কাম কৰিছে। কিন্তু সাত দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত তেওঁৰ নাম কেইবাটাও বিশেষ কাৰণত সমগ্ৰ বিশ্বতে 'ভাইৰেল' হৈ পৰিছে। তেওঁ কাম কৰা কোম্পানীটোৱে জনোৱা অনুসৰি ৯১ বছৰীয়া মেলবা মেবানে কামত যোগদান কৰাৰ পিছত এদিনো ছুটী লোৱা নাছিল। 

আনকি তেওঁৰ দীঘলীয়া কেৰিয়াৰত তেওঁ প্ৰতিদিনে সঠিক সময়ত তেওঁৰ কাৰ্যালয়ত উপস্থিত হৈছিল। মেলবা ডিপাৰ্টমেণ্টেল ষ্টোৰত উপস্থিত হয়  নিৰ্ধাৰিত সময়  পুৱা ১০ বজাৰ প্ৰায় এঘণ্টা আগতে । মেলবাই ৯:১৫ বজাত কাৰ্যালয়ত উপস্থিত হোৱাৰ কেইটামান কাৰণো আছে। তেওঁ কয়, " গাড়ী খন আগতে পাৰ্ক কৰিবলৈ ঠাই পোৱাটো অতি গুৰুত্বপূৰ্ণ আছিল।" 

তেওঁ ডিলাৰ্ডছ নামৰ এটা ডিপাৰ্টমেণ্টেল ষ্টোৰত কাম কৰিছিল। এই ডিপাৰ্টমেণ্ট ষ্টোৰটো আমেৰিকাৰ বিভিন্ন প্ৰদেশত  যথেষ্ট বিখ্যাত। তেওঁ টেক্সাছৰ ডিলাৰ্ডছৰ এটা শাখাত কাম কৰিছিল। টেক্সাছৰ বাসিন্দা মেলবাই অৱসৰ লোৱাৰ দিনাকোম্পানীটোৰ শীৰ্ষ পদাধিকাৰসকলে কৈছিল "মেলবা আমাৰ এগৰাকী  অতি পুৰণি কৰ্মচাৰী। 

তেওঁ কেৱল ছুটী নোলোৱাই নহয়,  দীৰ্ঘদিন ধৰি ডিলাৰ্ডছত এজন দক্ষ কৰ্মচাৰী হিচাপে কাম কৰিছিল। মেলবাই বহু কৰ্মচাৰীক কেনেদৰে কাম কৰিব লাগে শিকাইছে’’,  মেলবাই প্ৰতিজন গ্ৰাহকৰ সৈতে ভাল ব্যৱহাৰ কৰিছিল। আনকি তেওঁৰ কথা শুনাটোও বহুতৰে বাবে এক বিশেষ  অভিজ্ঞতা স্বৰূপ আছিল। 

৯১ বছৰীয়া মেলবাই কৈছে যে  কামলৈ যাওঁতে কেতিয়াও দৰমহাৰ বিষয়ে চিন্তা কৰিব নালাগে ।  কাম কৰাটোক এক আনন্দ হিচাবে গ্ৰহণ কৰিব লাগে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক