--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্মজীৱনত তেওঁ কেতিয়াও এদিনৰ বাবেও ছুটী লোৱা নাই। ৰ’দ, বৰষুণ, ধুমুহা অথবা শৰীৰ বেয়া হ’লেও তেওঁ কামলৈ গৈছে। তেওঁ অতি কম  বয়সতে এটা ডিপাৰ্টমেণ্টেল ষ্টোৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়াৰে পৰা কেৱল কাম আৰু কাম। 

তেওঁ তাত ৭৪ বছৰ ধৰি কাম কৰিছে। কিন্তু সাত দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত তেওঁৰ নাম কেইবাটাও বিশেষ কাৰণত সমগ্ৰ বিশ্বতে 'ভাইৰেল' হৈ পৰিছে। তেওঁ কাম কৰা কোম্পানীটোৱে জনোৱা অনুসৰি ৯১ বছৰীয়া মেলবা মেবানে কামত যোগদান কৰাৰ পিছত এদিনো ছুটী লোৱা নাছিল। 

আনকি তেওঁৰ দীঘলীয়া কেৰিয়াৰত তেওঁ প্ৰতিদিনে সঠিক সময়ত তেওঁৰ কাৰ্যালয়ত উপস্থিত হৈছিল। মেলবা ডিপাৰ্টমেণ্টেল ষ্টোৰত উপস্থিত হয়  নিৰ্ধাৰিত সময়  পুৱা ১০ বজাৰ প্ৰায় এঘণ্টা আগতে । মেলবাই ৯:১৫ বজাত কাৰ্যালয়ত উপস্থিত হোৱাৰ কেইটামান কাৰণো আছে। তেওঁ কয়, " গাড়ী খন আগতে পাৰ্ক কৰিবলৈ ঠাই পোৱাটো অতি গুৰুত্বপূৰ্ণ আছিল।" 

তেওঁ ডিলাৰ্ডছ নামৰ এটা ডিপাৰ্টমেণ্টেল ষ্টোৰত কাম কৰিছিল। এই ডিপাৰ্টমেণ্ট ষ্টোৰটো আমেৰিকাৰ বিভিন্ন প্ৰদেশত  যথেষ্ট বিখ্যাত। তেওঁ টেক্সাছৰ ডিলাৰ্ডছৰ এটা শাখাত কাম কৰিছিল। টেক্সাছৰ বাসিন্দা মেলবাই অৱসৰ লোৱাৰ দিনাকোম্পানীটোৰ শীৰ্ষ পদাধিকাৰসকলে কৈছিল "মেলবা আমাৰ এগৰাকী  অতি পুৰণি কৰ্মচাৰী। 

তেওঁ কেৱল ছুটী নোলোৱাই নহয়,  দীৰ্ঘদিন ধৰি ডিলাৰ্ডছত এজন দক্ষ কৰ্মচাৰী হিচাপে কাম কৰিছিল। মেলবাই বহু কৰ্মচাৰীক কেনেদৰে কাম কৰিব লাগে শিকাইছে’’,  মেলবাই প্ৰতিজন গ্ৰাহকৰ সৈতে ভাল ব্যৱহাৰ কৰিছিল। আনকি তেওঁৰ কথা শুনাটোও বহুতৰে বাবে এক বিশেষ  অভিজ্ঞতা স্বৰূপ আছিল। 

৯১ বছৰীয়া মেলবাই কৈছে যে  কামলৈ যাওঁতে কেতিয়াও দৰমহাৰ বিষয়ে চিন্তা কৰিব নালাগে ।  কাম কৰাটোক এক আনন্দ হিচাবে গ্ৰহণ কৰিব লাগে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস