--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ আকাশত এখন হেলিকপ্টাৰ সন্ধানহীন হৈছে। ছজন যাত্ৰীক কঢ়িয়াই উৰা মৰাৰ অলপ পিছতে হেলিকপ্টাৰখন ৰাডাৰৰ পৰা অদৃশ্য হৈ পৰে। কেইবা ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো  কিন্তু হেলিকপ্টাৰখনৰ কোনো সমঅবেদ উলিয়াব পৰা হোৱা নাই। খবৰ অনুসৰি হেলিকপ্টাৰখন চোলুখুম্বুৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল। উৰা মৰাৰ কিছু সময় পিছতে  হেলিকপ্টাৰখনৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

হেলিকপ্টাৰখন থকা  ছয়জন লোকৰ ভিতৰত এজন পাইলট আৰু বাকী আন সকলো বিদেশী নাগৰিক আছিল বুলি জানিব পৰা গৈছে। স্থানীয় সময় অনুসৰি পুৱা ১০ বজাত হেলিকপ্টাৰখনে উৰা মাৰিছিল।উৰণৰ  মাত্ৰ ১২ মিনিটৰ পিছতে  হেলিকপ্টাৰখনৰ  সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে। 

নেপালৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ এগৰাকী বিষয়াই হেলিকপ্টাৰখন নিৰুদ্দেশ হোৱাৰ খবৰটো টুইট কৰিছে। জ্ঞানেন্দ্ৰ ভুল নামৰ  বিষয়াগৰাকীয়ে  কয়, "উৰণৰ ১২ মিনিটৰ ভিতৰতে হেলিকপ্টাৰ খনৰ সৈতে  নিয়ন্ত্ৰণ টাৱাৰৰ  সম্পৰ্ক হেৰাই যায়।  "

 আন এখন হেলিকপ্টাৰে ইতিমধ্যে সন্ধানহীন হেলিকপ্টাৰৰ সন্ধানত কাঠমাণ্ডুলৈ উৰা মাৰিছে। সূত্ৰ অনুসৰি সন্ধানহীন হোৱা  হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ ভাকাঞ্জে অঞ্চলৰ এখন গাঁৱৰ কাষত  উদ্ধাৰ হোৱা বুলি খবৰ আহিছে। অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিকভাৱে এই বিষয়ত একো কথা প্ৰকাশ কৰা  হোৱা নাই।  







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস