--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ আকাশত এখন হেলিকপ্টাৰ সন্ধানহীন হৈছে। ছজন যাত্ৰীক কঢ়িয়াই উৰা মৰাৰ অলপ পিছতে হেলিকপ্টাৰখন ৰাডাৰৰ পৰা অদৃশ্য হৈ পৰে। কেইবা ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো  কিন্তু হেলিকপ্টাৰখনৰ কোনো সমঅবেদ উলিয়াব পৰা হোৱা নাই। খবৰ অনুসৰি হেলিকপ্টাৰখন চোলুখুম্বুৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল। উৰা মৰাৰ কিছু সময় পিছতে  হেলিকপ্টাৰখনৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

হেলিকপ্টাৰখন থকা  ছয়জন লোকৰ ভিতৰত এজন পাইলট আৰু বাকী আন সকলো বিদেশী নাগৰিক আছিল বুলি জানিব পৰা গৈছে। স্থানীয় সময় অনুসৰি পুৱা ১০ বজাত হেলিকপ্টাৰখনে উৰা মাৰিছিল।উৰণৰ  মাত্ৰ ১২ মিনিটৰ পিছতে  হেলিকপ্টাৰখনৰ  সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে। 

নেপালৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ এগৰাকী বিষয়াই হেলিকপ্টাৰখন নিৰুদ্দেশ হোৱাৰ খবৰটো টুইট কৰিছে। জ্ঞানেন্দ্ৰ ভুল নামৰ  বিষয়াগৰাকীয়ে  কয়, "উৰণৰ ১২ মিনিটৰ ভিতৰতে হেলিকপ্টাৰ খনৰ সৈতে  নিয়ন্ত্ৰণ টাৱাৰৰ  সম্পৰ্ক হেৰাই যায়।  "

 আন এখন হেলিকপ্টাৰে ইতিমধ্যে সন্ধানহীন হেলিকপ্টাৰৰ সন্ধানত কাঠমাণ্ডুলৈ উৰা মাৰিছে। সূত্ৰ অনুসৰি সন্ধানহীন হোৱা  হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ ভাকাঞ্জে অঞ্চলৰ এখন গাঁৱৰ কাষত  উদ্ধাৰ হোৱা বুলি খবৰ আহিছে। অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিকভাৱে এই বিষয়ত একো কথা প্ৰকাশ কৰা  হোৱা নাই।  







FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক