--°C
Loading...
Listen to Article
2 min read
80%

মুছফিক হুছেইনঃ ৮০ৰ দশকৰ শিশুৰপৰা বৰ্তমানৰ প্ৰজন্মলৈকে আমি সকলোৱে ৰামায়ণ ৰ কাহিনীৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছোঁ৷ ৰামায়ণৰ কাহিনীভাগ আমি টিভি চিৰিয়েলৰ জৰিয়তে দেখিছো যদিও এইবাৰ আমি ইয়াৰ এক বলীউড সংস্কৰণ দেখিবলৈ পাম৷

বলীউডৰ খ্যাতিসম্পন্ন পৰিচালক নিতেশ তিৱাৰীয়ে ছবিখন পৰিচালনা কৰিবলৈ সাজু হৈছে৷ ছবিখন ৩ডি আকাৰত দৃশ্যগ্ৰহণ কৰা হ’ব আৰু প্ৰযোজনা কৰিব মধু মন্তেনাই৷ খবৰ অনুসৰি, বলীউডৰ মহা তাৰকা হৃত্বিক ৰোশন আৰু ৰণবীৰ কাপুৰক ৰামায়ণৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে আৰু প্ৰতিজনৰ পাৰিশ্ৰমিক হ’ব ৭৫ কোটি টকা৷ তাৰকা দুজনৰ বৃহ९ পৰিমাণৰ পাৰিশ্ৰমিকৰ বিষয়ে খবৰ ওলোৱাৰ পাছতে এতিয়া বলীউডত এই বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চিত হৈছে৷ ৰামায়ণত অভিনেতা হৃত্বিক ৰোশনক ৰাৱণৰ চৰিত্ৰত আৰু ৰণবীৰ কাপুৰক ৰামৰ চৰিত্ৰত দেখা পোৱা যাব।

অৱশ্যে, পৰিচালকে এতিয়ালৈকে সীতাৰ চৰিত্ৰত কোনে অভিনয় কৰিব এতিয়াও নাম চূড়ান্ত কৰা নাই৷ ছবিখনৰ প্ৰযোজক মধু মন্তেনাই সংবাদ মাধ্যমৰ আগত কয় যে, ‘ৰামায়ণ ছবিখনক আমি পৰম্পৰাগতভাৱে চলি অহা কাহিনীৰে বৰ্ণনা কৰিম মাথোঁ, ইয়াৰ উপস্থাপন শৈলী কিছু আধুনিকীকৰণ কৰা হ’ব, ছবিখনত অত্যাধুনিক ছাউণ্ড প্ৰযুক্তি ব্যৱহাৰ কৰি দৃশ্যগ্ৰহণ কৰা হ’ব, যাতে দৰ্শকে ৰামায়ণক নতুন ৰূপত চাব পাৰে৷ ছবিখনৰ বাজেটৰ প্ৰসংগত প্ৰযোজকে ক’য় যে, ৰামায়ণ বলীউডৰ এখন বিগ বাজেটৰ ছবি আৰু চিনেমাখনৰ বাবে প্ৰায় ৭৫০ কোটি টকা ব্যায় হ’ব৷ উল্লেখ্য যে, বিগত দুবছৰে ক’ভিড মহামাৰীয়ে চলচ্চিত্ৰ উদ্যেগটোক বেয়াকৈ ক্ষতিগস্ত কৰাৰ পাছত এইবাৰ ৰামায়ণক নতুত ৰূপত চাবলৈ চলচ্চিত্ৰ প্ৰেমীসকল উৎসুক হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ