--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ অসমীয়া ছবিলৈ আহিছে এক সুখবৰ। অক্সাৰমুখী বাটেৰে বাট বুলিছে আন এখন অসমীয়া ছবিয়ে। অক্সাৰৰ বাবে নিৰ্বাচন কৰিবলগীয়া ভাৰতীয় ছবিৰ সম্ভাব্য তালিকাত স্থান লাভ পুৰস্কাৰ বিজয়ী অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ। ব্ৰীজৰ নিৰ্দেশনা অসম সন্তান কৃপাল কলিতাৰ। ব্ৰহ্মপুত্ৰৰ প্ৰতি থকা ভালপোৱা আৰু এগৰাকী কিশোৰীৰ বানপানীৰ সময়ৰ এখন দলঙক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ষতি, হতাশা আদি বিষয়ক সুন্দৰকৈ উপস্থাপন কৰি ব্ৰীজ নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। উজনি অসমৰ লখিমপুৰ আৰু গোলাঘাটত চলচ্চিত্ৰখনৰ শ্বুটিং সম্পূৰ্ণ কৰা হৈছে।

ব্ৰীজৰ এটি দৃশ্যাংশ

৫১সংখ্যক ’গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া ’ ত এই চলচ্চিত্ৰখনৰ প্ৰদৰ্শন কৰা হৈছিল। এই ফেষ্টিভেলত একমাত্ৰ অসমীয়া চলচ্চিত্ৰ হিচাপে ‘ব্ৰীজ’ প্ৰদৰ্শিত হৈছিল আৰু বিচাৰকৰ বিশেষ উল্লেখ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে ব্ৰীজৰ লগতে এই তালিকাত অন্য ১২ খন ভাৰতীয় চলচ্চিত্ৰই স্থান লাভ কৰিছে যাৰ পৰা বিচাৰকে এখন চলচ্চিত্ৰক ভাৰতৰ পৰা অস্কাৰৰ বাচনিলৈ নিৰ্বাচিত কৰিব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিখনে অস্কাৰৰ দৌৰত ভাৰতীয় চলচ্চিত্ৰক প্ৰতিনিধিত্ব কৰিছিল। ছবিখনে চূড়ান্ত সফলতা লাভ নকৰিলেও অসমীয়া ছবিৰ এটা নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু