--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ অসমীয়া ছবিলৈ আহিছে এক সুখবৰ। অক্সাৰমুখী বাটেৰে বাট বুলিছে আন এখন অসমীয়া ছবিয়ে। অক্সাৰৰ বাবে নিৰ্বাচন কৰিবলগীয়া ভাৰতীয় ছবিৰ সম্ভাব্য তালিকাত স্থান লাভ পুৰস্কাৰ বিজয়ী অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ। ব্ৰীজৰ নিৰ্দেশনা অসম সন্তান কৃপাল কলিতাৰ। ব্ৰহ্মপুত্ৰৰ প্ৰতি থকা ভালপোৱা আৰু এগৰাকী কিশোৰীৰ বানপানীৰ সময়ৰ এখন দলঙক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ষতি, হতাশা আদি বিষয়ক সুন্দৰকৈ উপস্থাপন কৰি ব্ৰীজ নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। উজনি অসমৰ লখিমপুৰ আৰু গোলাঘাটত চলচ্চিত্ৰখনৰ শ্বুটিং সম্পূৰ্ণ কৰা হৈছে।

ব্ৰীজৰ এটি দৃশ্যাংশ

৫১সংখ্যক ’গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া ’ ত এই চলচ্চিত্ৰখনৰ প্ৰদৰ্শন কৰা হৈছিল। এই ফেষ্টিভেলত একমাত্ৰ অসমীয়া চলচ্চিত্ৰ হিচাপে ‘ব্ৰীজ’ প্ৰদৰ্শিত হৈছিল আৰু বিচাৰকৰ বিশেষ উল্লেখ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে ব্ৰীজৰ লগতে এই তালিকাত অন্য ১২ খন ভাৰতীয় চলচ্চিত্ৰই স্থান লাভ কৰিছে যাৰ পৰা বিচাৰকে এখন চলচ্চিত্ৰক ভাৰতৰ পৰা অস্কাৰৰ বাচনিলৈ নিৰ্বাচিত কৰিব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিখনে অস্কাৰৰ দৌৰত ভাৰতীয় চলচ্চিত্ৰক প্ৰতিনিধিত্ব কৰিছিল। ছবিখনে চূড়ান্ত সফলতা লাভ নকৰিলেও অসমীয়া ছবিৰ এটা নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ