--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্যক্তিগত আক্ৰোশ আৰু প্ৰতিশোধ পূৰাবৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে আৰিয়ান খানক। এনচিবিৰ এজন বিষয়াই তেওঁৰ পত্নীয়ে বলীউডত খোপনি পুতিব নোৱৰা কথাৰ প্ৰতিশোধ ল’বৰ বাবে আৰিয়ান খানক জালত পেলাইছে আৰু তেওঁৰ সকলো মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে।

আৰিয়ান খান গ্ৰেপ্তাৰ কাণ্ডই এতিয়া ক্ৰমাৎ অধিক জটিল ৰূপ ধাৰণ কৰিছে আৰু ই একপ্ৰকাৰ ৰাজনৈতিক ৰূপ লৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেকে ধৰি শাসকপক্ষৰ ভালেমান নেতা, মন্ত্ৰীয়ে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ লৈ এনচিবিক তীব্ৰ আক্ৰমণ কৰি আহিছে। এইবাৰ আৰু এখোপ ওপৰলৈ গৈ শিৱসেনাৰ এগৰাকী নেতাই বিষয়টো উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আবেদন দাখিল কৰে। তেওঁ এনচিবি বিষয়া এগৰাকীৰ বিৰুদ্ধে মুকলিকৈ অভিযোগ উত্থাপন কৰি তেওঁৰ আৰু পত্নীৰ ব্যক্তিগত প্ৰতিশোধ পূৰণৰ বাবেই এই কাৰ্য সংঘটিত কৰা বুলি অভিযোগ কৰিছে।

এই আবেদন দাখিল কৰা শিৱসেনাৰ নেতা তথা মন্ত্ৰীগৰাকী হৈছে কিশোৰ তিৱাৰী। মন কৰিবলগীয়া যে, কেৱল তিৱাৰীয়েই নহয় মহাৰাষ্ট্ৰৰ শাসকীয় দল এনচিপিৰ নেতায়ো আৰিয়ান খানক গ্ৰেপ্তাৰৰ আঁৰত কেন্দ্ৰৰ ষড়যন্ত্ৰৰ অভিযোগ তুলিছিল আৰু ইয়াত বিজেপিৰ প্ৰত্যক্ষ হ্স্তক্ষেপৰ দাবী কৰিছিল। কিশোৰী তিৱাৰীয়ে তেওঁৰ আবেদনখনত চলচ্চিত্ৰ আৰু মডেলিঙৰ দৰে গ্লেমাৰ জগতৰ তাৰকাৰ টাৰ্গেট কৰি ড্ৰাগছ বিৰোধী সংস্থাটোৱে প্ৰতিশোধ পূৰণৰ লেতেৰা খেল খেলি থকা বুলি দাবী কৰিছে। তেওঁ আৰিয়ান খানৰ মৌলিক অধিকাৰ ৰক্ষাৰ বাবেও ন্যায়ালয়ত আবেদন জনায়। মুম্বাইৰ আদালতে পাব্লিক হ’লীডেৰ দোহাই দি ২০ অক্টোবৰলৈ আৰিয়ান খানৰ জামিন আবেদনৰ ৰায় পিছুৱাই দিয়াটোক তেওঁ বৃহৎ হাৰাশাস্তি আখ্যা দিয়ে। ২৩বছৰীয়া আৰিয়ানক অনৈতিকভাৱে আৰু অগণতান্ত্ৰিক উপায়েৰে সোতৰ দিনে কাৰাগাৰত বন্দী কৰি ৰখাটোক লৈ তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ পূ্ৰ্বে উদ্ধৱ থাকৰেই অভিযোগ কৰিছিল যে, এনচিবিয়ে কেৱল তাৰকাসকলৰ পিছত পৰি থকাতহে গুৰুত্ব দিছে।

উল্লেখ্য যে, শিৱসেনাৰ নেতা তিৱাৰীয়ে প্ৰমোদ তৰীত চলোৱা অভিযানক নেতৃত্ব দিয়া এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে অভিযোগ আনিছে। তেওঁৰ পত্নী ক্ৰান্তি ৰেডকাৰ এগৰাকী মাৰাথী ছবিৰ অভিনেত্ৰী। তেওঁ হিন্দী ছবি বা বলীউডত খোপনি পোতাৰ চেষ্টা কৰি ব্যৰ্থ হৈছে। পত্নীৰ আক্ৰোশ আৰু ব্যৰ্থতাৰ প্ৰতিশোধ লোৱাৰ বাবেই সমীৰৰ নেতৃত্বত এনেদৰে বলীউডৰ বাদশ্বাহ শ্বাহৰুখৰ পুত্ৰক লক্ষ্য কৰি লোৱা হৈছে বুলি তেওঁ অভিযোগ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু