--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্যক্তিগত আক্ৰোশ আৰু প্ৰতিশোধ পূৰাবৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে আৰিয়ান খানক। এনচিবিৰ এজন বিষয়াই তেওঁৰ পত্নীয়ে বলীউডত খোপনি পুতিব নোৱৰা কথাৰ প্ৰতিশোধ ল’বৰ বাবে আৰিয়ান খানক জালত পেলাইছে আৰু তেওঁৰ সকলো মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে।

আৰিয়ান খান গ্ৰেপ্তাৰ কাণ্ডই এতিয়া ক্ৰমাৎ অধিক জটিল ৰূপ ধাৰণ কৰিছে আৰু ই একপ্ৰকাৰ ৰাজনৈতিক ৰূপ লৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেকে ধৰি শাসকপক্ষৰ ভালেমান নেতা, মন্ত্ৰীয়ে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ লৈ এনচিবিক তীব্ৰ আক্ৰমণ কৰি আহিছে। এইবাৰ আৰু এখোপ ওপৰলৈ গৈ শিৱসেনাৰ এগৰাকী নেতাই বিষয়টো উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আবেদন দাখিল কৰে। তেওঁ এনচিবি বিষয়া এগৰাকীৰ বিৰুদ্ধে মুকলিকৈ অভিযোগ উত্থাপন কৰি তেওঁৰ আৰু পত্নীৰ ব্যক্তিগত প্ৰতিশোধ পূৰণৰ বাবেই এই কাৰ্য সংঘটিত কৰা বুলি অভিযোগ কৰিছে।

এই আবেদন দাখিল কৰা শিৱসেনাৰ নেতা তথা মন্ত্ৰীগৰাকী হৈছে কিশোৰ তিৱাৰী। মন কৰিবলগীয়া যে, কেৱল তিৱাৰীয়েই নহয় মহাৰাষ্ট্ৰৰ শাসকীয় দল এনচিপিৰ নেতায়ো আৰিয়ান খানক গ্ৰেপ্তাৰৰ আঁৰত কেন্দ্ৰৰ ষড়যন্ত্ৰৰ অভিযোগ তুলিছিল আৰু ইয়াত বিজেপিৰ প্ৰত্যক্ষ হ্স্তক্ষেপৰ দাবী কৰিছিল। কিশোৰী তিৱাৰীয়ে তেওঁৰ আবেদনখনত চলচ্চিত্ৰ আৰু মডেলিঙৰ দৰে গ্লেমাৰ জগতৰ তাৰকাৰ টাৰ্গেট কৰি ড্ৰাগছ বিৰোধী সংস্থাটোৱে প্ৰতিশোধ পূৰণৰ লেতেৰা খেল খেলি থকা বুলি দাবী কৰিছে। তেওঁ আৰিয়ান খানৰ মৌলিক অধিকাৰ ৰক্ষাৰ বাবেও ন্যায়ালয়ত আবেদন জনায়। মুম্বাইৰ আদালতে পাব্লিক হ’লীডেৰ দোহাই দি ২০ অক্টোবৰলৈ আৰিয়ান খানৰ জামিন আবেদনৰ ৰায় পিছুৱাই দিয়াটোক তেওঁ বৃহৎ হাৰাশাস্তি আখ্যা দিয়ে। ২৩বছৰীয়া আৰিয়ানক অনৈতিকভাৱে আৰু অগণতান্ত্ৰিক উপায়েৰে সোতৰ দিনে কাৰাগাৰত বন্দী কৰি ৰখাটোক লৈ তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ পূ্ৰ্বে উদ্ধৱ থাকৰেই অভিযোগ কৰিছিল যে, এনচিবিয়ে কেৱল তাৰকাসকলৰ পিছত পৰি থকাতহে গুৰুত্ব দিছে।

উল্লেখ্য যে, শিৱসেনাৰ নেতা তিৱাৰীয়ে প্ৰমোদ তৰীত চলোৱা অভিযানক নেতৃত্ব দিয়া এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে অভিযোগ আনিছে। তেওঁৰ পত্নী ক্ৰান্তি ৰেডকাৰ এগৰাকী মাৰাথী ছবিৰ অভিনেত্ৰী। তেওঁ হিন্দী ছবি বা বলীউডত খোপনি পোতাৰ চেষ্টা কৰি ব্যৰ্থ হৈছে। পত্নীৰ আক্ৰোশ আৰু ব্যৰ্থতাৰ প্ৰতিশোধ লোৱাৰ বাবেই সমীৰৰ নেতৃত্বত এনেদৰে বলীউডৰ বাদশ্বাহ শ্বাহৰুখৰ পুত্ৰক লক্ষ্য কৰি লোৱা হৈছে বুলি তেওঁ অভিযোগ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ