--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছুইমিং পুলত এগৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়া। ডিএছপি ছাৰ।লগত এগৰাকী মহিলা কনিষ্টবল। পিছে কি কৰি আছিল তেওঁলোকে? তেওঁলোকৰ কাণ্ড পোহৰলৈ অহাৰ পাছত নাকত ৰুমাল ল’বলগীয়া হৈছে সমগ্ৰ আৰক্ষী বাহিনী আৰু আনকি স্বয়ং মুখ্যমন্ত্ৰীয়েও। ঘটনা ৰাজস্থানৰ। ছুইমিং পুলত মহিলা কনিষ্টবলৰে অশ্লীল ভিডিঅ' বনাই চাকৰিৰ পৰা নিলম্বিত হ'ল ৰাজস্থানৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া। ডিএছপি হীৰালাল ছৈনী৷ তেওঁৰ লগতে চাকৰি গ’ল মহিলা কনিষ্টবলগৰাকীৰো।

ৰাজস্থানৰ আজমেৰৰ এই দুই আৰক্ষীয়ে লজ্জানত কৰিলে সমগ্ৰ আৰক্ষী বিভাগক৷ এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ৰাজস্থানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ তাৰ পাছতে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰে মুখ্যমন্ত্ৰী অশোক গেহলটে। ঘটনাৰ সবিশেষ জনাৰ পাছত আৰক্ষীৰ লোক দুজনক নিলম্বনৰ নিৰ্দেশ দিয়ে গেহলটে৷ ঘটনা অনুসৰি এটা ছুইমিং পুলত মহিলা কনিষ্টবলগৰাকী আৰু ডিএছপি হীৰালালে জলকেলি কৰি আছিল৷ ছুইমিং পুলত দুয়োকে আপত্তিজনক অৱস্থাত দেখা গৈছিল৷

আচৰিত কথাটো হ'ল মহিলা কনিষ্টবলগৰাকীৰ ৬ বছৰীয়া পুত্ৰও ছুইমিং পুলৰ পাৰত উপস্থিত আছিল আৰু নিজৰ সন্তানৰ সমুখতে সকলো পাহৰি পৰপুৰুষৰ সৈতে তেওঁ অশালীন কৰ্মত লিপ্ত হৈছিল৷ ঘটনা অনুসৰি মহিলা কনিষ্টবলগৰাকীৰ জন্মদিন উদযাপন কৰিবলৈ দুয়ো গৈছিল আজমেৰৰ পুস্কৰৰ ৰিজ'ৰ্ট এখনলৈ৷ লগত গৈছিল মহিলা কনিষ্টবলগৰাকীৰ ৬ বছৰীয়া শিশু পুত্ৰ৷ তাতে দুই আৰক্ষীয়ে সংঘটিত কৰে এই কুকাৰ্য৷ এই লজ্জাজনক কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ ৰাজস্থানতে সমালোচনা আৰু তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পিছত ৰাজস্থান আৰক্ষীয়ে দুয়োকে বিভিন্ন ধাৰাত গ্ৰেপ্তাৰ কৰাৰ লগতে তৎকাল নিলম্বন কৰে৷ এই ঘটনা ছেপ্তেম্বৰ মাহৰ যদিও বিভিন্ন আইনী প্ৰক্ৰিয়াৰ মাজেৰে এতিয়াহে লোৱা হ'ল শাস্তিমূলক ব্যৱস্থা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক