--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছুইমিং পুলত এগৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়া। ডিএছপি ছাৰ।লগত এগৰাকী মহিলা কনিষ্টবল। পিছে কি কৰি আছিল তেওঁলোকে? তেওঁলোকৰ কাণ্ড পোহৰলৈ অহাৰ পাছত নাকত ৰুমাল ল’বলগীয়া হৈছে সমগ্ৰ আৰক্ষী বাহিনী আৰু আনকি স্বয়ং মুখ্যমন্ত্ৰীয়েও। ঘটনা ৰাজস্থানৰ। ছুইমিং পুলত মহিলা কনিষ্টবলৰে অশ্লীল ভিডিঅ' বনাই চাকৰিৰ পৰা নিলম্বিত হ'ল ৰাজস্থানৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া। ডিএছপি হীৰালাল ছৈনী৷ তেওঁৰ লগতে চাকৰি গ’ল মহিলা কনিষ্টবলগৰাকীৰো।

ৰাজস্থানৰ আজমেৰৰ এই দুই আৰক্ষীয়ে লজ্জানত কৰিলে সমগ্ৰ আৰক্ষী বিভাগক৷ এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ৰাজস্থানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ তাৰ পাছতে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰে মুখ্যমন্ত্ৰী অশোক গেহলটে। ঘটনাৰ সবিশেষ জনাৰ পাছত আৰক্ষীৰ লোক দুজনক নিলম্বনৰ নিৰ্দেশ দিয়ে গেহলটে৷ ঘটনা অনুসৰি এটা ছুইমিং পুলত মহিলা কনিষ্টবলগৰাকী আৰু ডিএছপি হীৰালালে জলকেলি কৰি আছিল৷ ছুইমিং পুলত দুয়োকে আপত্তিজনক অৱস্থাত দেখা গৈছিল৷

আচৰিত কথাটো হ'ল মহিলা কনিষ্টবলগৰাকীৰ ৬ বছৰীয়া পুত্ৰও ছুইমিং পুলৰ পাৰত উপস্থিত আছিল আৰু নিজৰ সন্তানৰ সমুখতে সকলো পাহৰি পৰপুৰুষৰ সৈতে তেওঁ অশালীন কৰ্মত লিপ্ত হৈছিল৷ ঘটনা অনুসৰি মহিলা কনিষ্টবলগৰাকীৰ জন্মদিন উদযাপন কৰিবলৈ দুয়ো গৈছিল আজমেৰৰ পুস্কৰৰ ৰিজ'ৰ্ট এখনলৈ৷ লগত গৈছিল মহিলা কনিষ্টবলগৰাকীৰ ৬ বছৰীয়া শিশু পুত্ৰ৷ তাতে দুই আৰক্ষীয়ে সংঘটিত কৰে এই কুকাৰ্য৷ এই লজ্জাজনক কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ ৰাজস্থানতে সমালোচনা আৰু তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পিছত ৰাজস্থান আৰক্ষীয়ে দুয়োকে বিভিন্ন ধাৰাত গ্ৰেপ্তাৰ কৰাৰ লগতে তৎকাল নিলম্বন কৰে৷ এই ঘটনা ছেপ্তেম্বৰ মাহৰ যদিও বিভিন্ন আইনী প্ৰক্ৰিয়াৰ মাজেৰে এতিয়াহে লোৱা হ'ল শাস্তিমূলক ব্যৱস্থা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী