--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 777 চাৰ্লি ছবিখনে মুক্তিৰ লগে লগে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই ছবিখন এখন হৃদয়স্পৰ্শী ছবি হিচাপে চিহ্নিত হৈছে। এই ছবিখনত এটা লেব্ৰাডৰ জাতিৰ কুকুৰে অভিনয় কৰিছে। ছবিখনত কুকুৰটোৰ নাম দিয়া হৈছে চাৰ্লি। চাৰ্লি ছবিখনৰ অন্যতম আকৰ্ষণ। এই ছবিখনৰ জনপ্ৰিয়তাৰ লগে লগে ৰাইজৰ মাজত লেব্ৰাডৰৰ প্ৰতি উন্মাদনা বাঢ়িছে। হঠাতে বৃদ্ধি পাইছে লেব্ৰাডৰ কুকুৰৰ চাহিদা। শেহতীয়াকৈ কৰ্ণাটকৰ মাংগালুৰু চহৰৰ আৰক্ষীয়ে তেওঁলোকৰ নতুন কুকুৰটোৰ নাম চাৰ্লি ৰাখিছে।

আৰক্ষী আয়ুক্ত এন শশী কুমাৰে জনোৱা মতে, নতুন কুকুৰটোক বিস্ফোৰক ধৰা পেলাবলৈ প্ৰশিক্ষণ দিয়া হ’ব। আনকি এই ছবিখনে কৰ্ণাটকৰ মুখ্যমন্ত্রী বাসৱৰাজ বম্মাইক চকুলো টুকিবলৈ বাধ্য কৰাইছিল৷ কাৰণ এই ছবিখন চাই তেওঁৰ মনত পৰিছিল তেওঁৰ পোহনীয়া কুকুৰটোলৈ, যি যোৱা বছৰ মৃত্যুমুখত পৰিছিল। লেব্ৰাডৰ মতা জাতৰ দাম প্ৰায় ৯ হাজাৰৰ পৰা ১২-১৩ হাজাৰলৈ বৃদ্ধি পাইছে আৰু মাইকী লেব্ৰাডৰৰ দাম চলি আছে ৮ হাজাৰ টকা। বু ৱেগী কেনেলছৰ কলন ডি’ছ’জাই কয় যে ছবিখন মুক্তি পোৱাৰ পিছত নিশ্চিতভাৱে লেব্ৰাডৰৰ চাহিদা বৃদ্ধি পাইছে। 

777 Charlie ছবিখনৰ পৰিচালক হৈছে কিৰণৰাজ। ই কানাড়া ভাষাত নিৰ্মিত কমেডী-ড্ৰামা ফিল্ম। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰক্ষিত শ্বেট্টী, সংগীতা শৃংগেৰী, ৰাজ বি শ্বেট্টী, ডেনিছ সৈত আৰু ববি সিমহা। পৰমৱাহ ষ্টুডিঅ’ৰ অধীনত ইয়াৰ প্ৰযোজনা কৰিছে ৰক্ষিত শ্বেট্টী আৰু জি এছ গুপ্তাই।  ১০ জুনত ছবিখনে মুক্তি লাভ কৰিছে। এজন অকলশৰীয়া কাৰখানাৰ কৰ্মী আৰু এটা লেব্ৰাডৰ কুকুৰৰ মাজত হোৱা যাত্ৰা আৰু বন্ধনৰ কাহিনী এই ছবিখনত প্ৰকাশ পাইছে।
 

মূল চৰিত্ৰটোৰ নাম হৈছে ধৰ্ম, যি এজন অকলশৰীয়া আৰু মানুহৰ লগত সামাজিকভাৱে মিলিত নোহোৱা এজন মানুহ। তেওঁ এটা ফেক্টৰীত কাম কৰি সময় পাৰ কৰে। চাৰ্লি নামৰ এটা লেব্ৰাডৰ কুকুৰে ধৰ্মৰ জীৱনলৈ সম্পূৰ্ণ পৰিৱৰ্তন আনে। লিটিল চাৰ্লিৰ সৈতে মিলি ধৰ্মই জীৱনৰ উদ্দেশ্য বিচাৰি পায় আৰু নিজকে এগৰাকী উন্নত ব্যক্তিলৈ বিকশিত কৰে। এয়াই ছবিখনৰ মূল কাহিনী, যিয়ে দৰ্শকৰ হৃদয় চুই আৱেগিক কৰিবলৈ সক্ষম হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ