--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুন মাহৰ তৃতীয় দেওবাৰে সমগ্ৰ বিশ্বজুৰি পিতৃ দিৱস বা ফাডাৰ্ছ ডে পালন কৰা হয়। ২০২২ বৰ্ষৰ পিতৃ দিৱস ১৯ জুনত উদযাপিত হয়। ফাডাৰ্ছ ডেত প্ৰয়াত কণ্ঠশিল্পী কেকে সুঁৱৰি আৱেগিক হল কন্যা তামাৰা। তামাৰাই পিতৃক স্মৰণ কৰি এটা পোষ্ট শ্বেয়াৰ কৰে। ইনষ্টাগ্ৰামত তামাৰাই ভাতৃ নকুলকে ধৰি শৈশৱৰ কেইবাখনো থ্ৰ’বেক ফটো শ্বেয়াৰ কৰি এটা দীঘলীয়া টোকা লিখিছিল। এই টোকা পঢ়ি কেকেৰ অনুৰাগীসকল পুনৰবাৰ আৱেগিক হৈ উঠে।
 
পোষ্টটো শ্বেয়াৰ কৰি তামাৰাই লিখিছে, ‘‘মোৰ প্ৰতিটো ছেকেণ্ডতে তুমি আছা দেউতা। তোমাৰ অবিহনে জীৱনটো অন্ধকাৰ। ঘৰলৈ আহি আমাক সাবটি ধৰা আটাইতকৈ মৰমৰ দেউতা আছিলা তুমি। তোমাক বহুত মিছ কৰো। তোমাৰ লগত একেলগে খাবলৈ বহুত মিছ কৰো। আমাৰ হাঁহিবোৰলৈ বৰকৈ মনত পৰে। আমি পাকঘৰত লুকাই লুকাই স্নেকছ খোৱা কথাবোৰ বহুত মিছ কৰো। তোমাক মোৰ সংগীত আৰু সৰু সৰু ভইচ নোট আইডিয়াবোৰ দেখুৱাবলৈ মিছ কৰো। মই তোমাক বহুত মিছ কৰো দেউতা। তোমাৰ হাতখন ধৰি ৰখাটো বহুত মিছ কৰো।’’ 


তামাৰাই লগতে লিখে যে, ‘‘তুমি আমাক বহুত নিৰাপদ, সুখী, মৰমীয়াল আৰু ভাগ্যৱান অনুভৱ কৰাইছিলা। তুমি এই পৃথিৱীৰ প্ৰয়োজন আছিলা আৰু তুমি যেতিয়া নোহোৱা হৈ গ’লা সেই কথা একেবাৰেই বাস্তৱ যেন নালাগে৷ কিন্তু তোমাৰ নিঃস্বাৰ্থ প্ৰেমে অজানিতে আমাক চম্ভালিবলৈ প্ৰস্তুত কৰিছে। তোমাৰ মৰম আমাৰ শক্তি। মই, নকুল আৰু মায়ে তোমাক গৌৰৱান্বিত কৰিবলৈ প্ৰতিদিনে কাম কৰিম আৰু তোমাৰ শক্তি বিয়পাই দিম। আমি শক্তিশালী হ’ম আৰু তোমাৰ দৰেই ইজনে সিজনৰ যত্ন ল’ম৷ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠতম পিতৃক পিতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰতিদিনে তোমাক মিছ কৰো আৰু এই কথাও জানো যে তুমি আমাৰ লগতে আছা।’’

তামাৰাৰ এই আৱেগিক পষ্টে সকলোৰে হৃদয় সেমেকাই তুলিছে। পুনৰবাৰ কেকেৰ স্মৃতিত কাতৰ হ'ল অনুৰাগীসকল। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ