--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুন মাহৰ তৃতীয় দেওবাৰে সমগ্ৰ বিশ্বজুৰি পিতৃ দিৱস বা ফাডাৰ্ছ ডে পালন কৰা হয়। ২০২২ বৰ্ষৰ পিতৃ দিৱস ১৯ জুনত উদযাপিত হয়। ফাডাৰ্ছ ডেত প্ৰয়াত কণ্ঠশিল্পী কেকে সুঁৱৰি আৱেগিক হল কন্যা তামাৰা। তামাৰাই পিতৃক স্মৰণ কৰি এটা পোষ্ট শ্বেয়াৰ কৰে। ইনষ্টাগ্ৰামত তামাৰাই ভাতৃ নকুলকে ধৰি শৈশৱৰ কেইবাখনো থ্ৰ’বেক ফটো শ্বেয়াৰ কৰি এটা দীঘলীয়া টোকা লিখিছিল। এই টোকা পঢ়ি কেকেৰ অনুৰাগীসকল পুনৰবাৰ আৱেগিক হৈ উঠে।
 
পোষ্টটো শ্বেয়াৰ কৰি তামাৰাই লিখিছে, ‘‘মোৰ প্ৰতিটো ছেকেণ্ডতে তুমি আছা দেউতা। তোমাৰ অবিহনে জীৱনটো অন্ধকাৰ। ঘৰলৈ আহি আমাক সাবটি ধৰা আটাইতকৈ মৰমৰ দেউতা আছিলা তুমি। তোমাক বহুত মিছ কৰো। তোমাৰ লগত একেলগে খাবলৈ বহুত মিছ কৰো। আমাৰ হাঁহিবোৰলৈ বৰকৈ মনত পৰে। আমি পাকঘৰত লুকাই লুকাই স্নেকছ খোৱা কথাবোৰ বহুত মিছ কৰো। তোমাক মোৰ সংগীত আৰু সৰু সৰু ভইচ নোট আইডিয়াবোৰ দেখুৱাবলৈ মিছ কৰো। মই তোমাক বহুত মিছ কৰো দেউতা। তোমাৰ হাতখন ধৰি ৰখাটো বহুত মিছ কৰো।’’ 


তামাৰাই লগতে লিখে যে, ‘‘তুমি আমাক বহুত নিৰাপদ, সুখী, মৰমীয়াল আৰু ভাগ্যৱান অনুভৱ কৰাইছিলা। তুমি এই পৃথিৱীৰ প্ৰয়োজন আছিলা আৰু তুমি যেতিয়া নোহোৱা হৈ গ’লা সেই কথা একেবাৰেই বাস্তৱ যেন নালাগে৷ কিন্তু তোমাৰ নিঃস্বাৰ্থ প্ৰেমে অজানিতে আমাক চম্ভালিবলৈ প্ৰস্তুত কৰিছে। তোমাৰ মৰম আমাৰ শক্তি। মই, নকুল আৰু মায়ে তোমাক গৌৰৱান্বিত কৰিবলৈ প্ৰতিদিনে কাম কৰিম আৰু তোমাৰ শক্তি বিয়পাই দিম। আমি শক্তিশালী হ’ম আৰু তোমাৰ দৰেই ইজনে সিজনৰ যত্ন ল’ম৷ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠতম পিতৃক পিতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰতিদিনে তোমাক মিছ কৰো আৰু এই কথাও জানো যে তুমি আমাৰ লগতে আছা।’’

তামাৰাৰ এই আৱেগিক পষ্টে সকলোৰে হৃদয় সেমেকাই তুলিছে। পুনৰবাৰ কেকেৰ স্মৃতিত কাতৰ হ'ল অনুৰাগীসকল। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু