--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ মুখখনেই আমাৰ পৰিচয়। মুখখন ধুনীয়াকৈ ৰাখিবলৈ সকলোৱে বিচাৰে। টিভি আৰু চলচ্চিত্ৰ তাৰকাসকলৰ বাবে মুখৰ সৌন্দৰ্য্যই বেছি গুৰুত্বপূৰ্ণ। কিছুমান অভিনেত্ৰীয়ে নিজৰ স্বকীয় সৌন্দৰ্যৰ ওপৰত সন্তুষ্ট নহৈ প্লাষ্টিক চাৰ্জাৰীৰ আশ্ৰয় লয়। অধিক ধুনীয়া দেখাৰ আশাত তেওঁলোকে নিজৰ মুখখনৰ ওপৰত অস্ত্ৰোপচাৰ চলাবলৈ অলপো চিন্তা নকৰে। প্লাষ্টিক চাৰ্জাৰীৰে বহুতে নিজৰ সৌন্দৰ্য নষ্ট কৰাও দেখিবলৈ পোৱা যায়। 

শেহতীয়াকৈ এগৰাকী অভিনেত্ৰীৰ লগত যি ঘটিল সেয়া জানিলে আপুনিও আতংকিত হৈ পৰিব। তেওঁ অৱশ্যে প্লাষ্টিক চাৰ্জাৰী কৰোৱা নাছিল। তেওঁ কৰাইছিল দাঁতৰ ছাৰ্জাৰী। এই ছাৰ্জাৰী কৰিবলৈ গৈ তেওঁৰ গোটেই মুখখন নষ্ট হৈ গ’ল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰী গৰাকীৰ বিকৃত মুখৰ ছবিখন, যিটো দেখি আপুনি স্তম্ভিত হৈ পৰিব। 


ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা অভিনেত্ৰীগৰাকীৰ নাম স্বাতী সতীশ আৰু তেওঁ এগৰাকী কানাড়া অভিনেত্ৰী। স্বাতী সতীশ বাংগালুৰুৰ বাসিন্দা। শেহতীয়াকৈ তেওঁ দাঁতৰ ৰুট কেনেল কৰোৱাইছিল। ইয়াৰ পিছত তেওঁৰ মুখখন ফুলি উঠিছিল আৰু বহুত বিষ হৈছিল। ডাক্তৰে স্বাতীক কৈছিল যে ২-৩ দিনৰ পিছত তাইৰ মুখখন ভাল হ’ব আৰু ফুলাটোও নাইকিয়া হ’ব।অভিনেত্ৰীগৰাকীৰ চিকিৎসাৰ ৩ সপ্তাহ পাৰ হৈ গ’ল। কিন্তু মুখৰ ফুলা এতিয়াও কমা নাই আৰু বিষো আছে। অভিনেত্ৰীগৰাকীৰ মুখখন ইমানেই বিকৃত হৈ পৰিছে যে এতিয়া তেওঁক চিনি পোৱাটোৱে কঠিন হৈ পৰিছে। আনকি অভিনেত্ৰীগৰাকীয়ে মুখৰ বাবেই ঘৰৰ পৰা ওলাই যোৱাটো বন্ধ কৰি দিছে।
 স্বাতীয়ে চিকিৎসকগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে কয় যে চিকিৎসা আৰু ঔষধৰ বিষয়ে ডাক্তৰে তেওঁক ভুল আৰু অসম্পূৰ্ণ তথ্য দিছিল। অভিনেত্ৰীগৰাকীয়ে আন এখন হাস্পতালৰ পৰা গম পালে যে তেওঁক এনাস্থেচিয়া নহয়, চেলিচিলিক এচিড দিয়া হৈছে। বৰ্তমান অভিনেত্ৰীগৰাকী নিজক লৈ অতিশয় বিচলিত হৈ পৰিছে। স্বাতীয়ে ‘এফআইআৰ’ আৰু ‘6 to 6’ ছবিত কাম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ