--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ মুখখনেই আমাৰ পৰিচয়। মুখখন ধুনীয়াকৈ ৰাখিবলৈ সকলোৱে বিচাৰে। টিভি আৰু চলচ্চিত্ৰ তাৰকাসকলৰ বাবে মুখৰ সৌন্দৰ্য্যই বেছি গুৰুত্বপূৰ্ণ। কিছুমান অভিনেত্ৰীয়ে নিজৰ স্বকীয় সৌন্দৰ্যৰ ওপৰত সন্তুষ্ট নহৈ প্লাষ্টিক চাৰ্জাৰীৰ আশ্ৰয় লয়। অধিক ধুনীয়া দেখাৰ আশাত তেওঁলোকে নিজৰ মুখখনৰ ওপৰত অস্ত্ৰোপচাৰ চলাবলৈ অলপো চিন্তা নকৰে। প্লাষ্টিক চাৰ্জাৰীৰে বহুতে নিজৰ সৌন্দৰ্য নষ্ট কৰাও দেখিবলৈ পোৱা যায়। 

শেহতীয়াকৈ এগৰাকী অভিনেত্ৰীৰ লগত যি ঘটিল সেয়া জানিলে আপুনিও আতংকিত হৈ পৰিব। তেওঁ অৱশ্যে প্লাষ্টিক চাৰ্জাৰী কৰোৱা নাছিল। তেওঁ কৰাইছিল দাঁতৰ ছাৰ্জাৰী। এই ছাৰ্জাৰী কৰিবলৈ গৈ তেওঁৰ গোটেই মুখখন নষ্ট হৈ গ’ল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰী গৰাকীৰ বিকৃত মুখৰ ছবিখন, যিটো দেখি আপুনি স্তম্ভিত হৈ পৰিব। 


ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা অভিনেত্ৰীগৰাকীৰ নাম স্বাতী সতীশ আৰু তেওঁ এগৰাকী কানাড়া অভিনেত্ৰী। স্বাতী সতীশ বাংগালুৰুৰ বাসিন্দা। শেহতীয়াকৈ তেওঁ দাঁতৰ ৰুট কেনেল কৰোৱাইছিল। ইয়াৰ পিছত তেওঁৰ মুখখন ফুলি উঠিছিল আৰু বহুত বিষ হৈছিল। ডাক্তৰে স্বাতীক কৈছিল যে ২-৩ দিনৰ পিছত তাইৰ মুখখন ভাল হ’ব আৰু ফুলাটোও নাইকিয়া হ’ব।অভিনেত্ৰীগৰাকীৰ চিকিৎসাৰ ৩ সপ্তাহ পাৰ হৈ গ’ল। কিন্তু মুখৰ ফুলা এতিয়াও কমা নাই আৰু বিষো আছে। অভিনেত্ৰীগৰাকীৰ মুখখন ইমানেই বিকৃত হৈ পৰিছে যে এতিয়া তেওঁক চিনি পোৱাটোৱে কঠিন হৈ পৰিছে। আনকি অভিনেত্ৰীগৰাকীয়ে মুখৰ বাবেই ঘৰৰ পৰা ওলাই যোৱাটো বন্ধ কৰি দিছে।
 স্বাতীয়ে চিকিৎসকগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে কয় যে চিকিৎসা আৰু ঔষধৰ বিষয়ে ডাক্তৰে তেওঁক ভুল আৰু অসম্পূৰ্ণ তথ্য দিছিল। অভিনেত্ৰীগৰাকীয়ে আন এখন হাস্পতালৰ পৰা গম পালে যে তেওঁক এনাস্থেচিয়া নহয়, চেলিচিলিক এচিড দিয়া হৈছে। বৰ্তমান অভিনেত্ৰীগৰাকী নিজক লৈ অতিশয় বিচলিত হৈ পৰিছে। স্বাতীয়ে ‘এফআইআৰ’ আৰু ‘6 to 6’ ছবিত কাম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু