--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি' জোচে প'লিনো গোমেছৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১২৭ বছৰ। শুকুৰবাৰে নিশা মিনাছ গেৰাইছৰ পেড্ৰা বনিটাত থকা নিজৰ ঘৰত মৃত্যু হয় ব্ৰাজিলৰ বাসিন্দা জোচে। নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি হো আছিল “বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি”। এসপ্তাহৰ পিছত তেওঁৰ বয়স ১২৮ বছৰ হ’লহেঁতেন।

মৃত্যুৰ সময়ত তেওঁ ৭ গৰাকী সন্তান, ২৫ গৰাকী নাতি, ৪২ গৰাকী নাতি আৰু ১১ গৰাকী পৰিনাতিক এৰি থৈ যায়। পৰিয়ালৰ মতে জোচে সাধাৰণতে খেতি আৰু পশুপালনৰ কামত নিয়োজিত আছিল। মাজে মাজে মদ খাই ভাল পাইছিল। দীৰ্ঘদিন ধৰি বয়সজনিত অসুখত ভুগি থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। শুকুৰবাৰে তেওঁৰ শৰীৰৰ বিভিন্ন অংগ বিকল হ’বলৈ ধৰে। নিশা তেওঁৰ মৃত্যু হয়। শনিবাৰে সমাধিস্থ কৰা হয়।

হোজৰ বিবাহ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ অনুসৰি তেওঁৰ জন্ম হৈছিল ১৮৯৫ চনত। অৰ্থাৎ তেওঁ দুটা বিশ্বযুদ্ধৰ সাক্ষী হৈছিল। নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি বুক হোজৰ নাম গিনিজ বুক অৱ ৰেকৰ্ডছত প্ৰকাশ পাব নে নাই সেয়া এতিয়াও নিশ্চিত কৰা সম্ভৱ হোৱা নাই।

‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ৰ তথ্য অনুসৰি ১১৬ বছৰীয়া মাৰিয়া ব্ৰানিয়াছ ম’ৰ হৈছে ‘বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তি’। ১৯০৭ চনৰ ৪ মাৰ্চত ম’ৰৰ জন্ম হৈছিল। ভেনিজুৱেলাৰ জুয়ান ভিচেণ্টে পেৰেজক ‘বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত মানুহ’ হিচাপে ঘোষণা কৰা হৈছে। তেওঁৰ বয়স ১১৪ বছৰ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস