--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি' জোচে প'লিনো গোমেছৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১২৭ বছৰ। শুকুৰবাৰে নিশা মিনাছ গেৰাইছৰ পেড্ৰা বনিটাত থকা নিজৰ ঘৰত মৃত্যু হয় ব্ৰাজিলৰ বাসিন্দা জোচে। নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি হো আছিল “বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি”। এসপ্তাহৰ পিছত তেওঁৰ বয়স ১২৮ বছৰ হ’লহেঁতেন।

মৃত্যুৰ সময়ত তেওঁ ৭ গৰাকী সন্তান, ২৫ গৰাকী নাতি, ৪২ গৰাকী নাতি আৰু ১১ গৰাকী পৰিনাতিক এৰি থৈ যায়। পৰিয়ালৰ মতে জোচে সাধাৰণতে খেতি আৰু পশুপালনৰ কামত নিয়োজিত আছিল। মাজে মাজে মদ খাই ভাল পাইছিল। দীৰ্ঘদিন ধৰি বয়সজনিত অসুখত ভুগি থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। শুকুৰবাৰে তেওঁৰ শৰীৰৰ বিভিন্ন অংগ বিকল হ’বলৈ ধৰে। নিশা তেওঁৰ মৃত্যু হয়। শনিবাৰে সমাধিস্থ কৰা হয়।

হোজৰ বিবাহ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ অনুসৰি তেওঁৰ জন্ম হৈছিল ১৮৯৫ চনত। অৰ্থাৎ তেওঁ দুটা বিশ্বযুদ্ধৰ সাক্ষী হৈছিল। নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি বুক হোজৰ নাম গিনিজ বুক অৱ ৰেকৰ্ডছত প্ৰকাশ পাব নে নাই সেয়া এতিয়াও নিশ্চিত কৰা সম্ভৱ হোৱা নাই।

‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ৰ তথ্য অনুসৰি ১১৬ বছৰীয়া মাৰিয়া ব্ৰানিয়াছ ম’ৰ হৈছে ‘বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তি’। ১৯০৭ চনৰ ৪ মাৰ্চত ম’ৰৰ জন্ম হৈছিল। ভেনিজুৱেলাৰ জুয়ান ভিচেণ্টে পেৰেজক ‘বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত মানুহ’ হিচাপে ঘোষণা কৰা হৈছে। তেওঁৰ বয়স ১১৪ বছৰ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক