--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পেছাৱৰৰ সমীপত সংঘটিত হৈছে এটা ভয়াৱহ বিস্ফোৰণ। উত্তৰ-পশ্চিম পাকিস্তানৰ এটা উগ্ৰ ইছলামিক দলৰ ৰাজনৈতিক সমাৱেশত দেওবাৰে বোমা বিস্ফোৰণ হয়। জানিব পৰা মতে, কমেও ৩৯ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয়।

আফগানিস্তানৰ সীমান্তৰ সমীপৰ খাৰ চহৰত  জমিয়ত উলেমা-ই-ই-ইছলাম-এফ (জুই-এফ) দলক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত হয়। সেই সময়ত দলটোৰ ৪০০ৰো অধিক সদস্য আৰু সমৰ্থকে তম্বুৰ তলত সমবেত হৈছিল।

খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী ৰিয়াজ আনোৱাৰে এএফপিক জনোৱা মতে চিকিৎসালয়ত ৩৯টা মৃতদেহ, ১২৩ জন আহত লোক আছে, যাৰ ভিতৰত ১৭ জন ৰোগী গুৰুতৰ অৱস্থাত আছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিসমূহত দেখা গৈছে যে চাৰিওফালে মৃতদেহ আৰু তেজেৰে তিতি আছে। কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও শেহতীয়াকৈ আইছিছ গোটৰ স্থানীয় গোটে JUI-F ৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল।

জেহাদী গোটটোৱে JUI-F ৰ বিৰুদ্ধে ভণ্ডামিৰ অভিযোগ উত্থাপন কৰি আহিছে। দলটোৰ বিৰুদ্ধে তেওঁলোকে কয় যে ই চৰকাৰ আৰু সামৰিক বাহিনীক সমৰ্থন কৰা ধৰ্মীয় ইছলামিক গোট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী