--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পিতৃ-মাতৃয়ে ৮ লাখত বিক্ৰী কৰিছিল ১৬ বছৰীয়া মৃত কন্যাৰ মৃতদেহ। আশ্চৰ্যজনকভাৱে এই ঘটনা সংঘটিত হৈছে চীনত। চীনৰ এহাল দম্পতীয়ে বিয়াৰ বাবে ১৬ বছৰীয়া কন্যা জিয়াওডানৰ মৃতদেহ বিক্ৰী কৰে। জিয়াওডানৰ মৃতদেহৰ বাবে দম্পতীহালে ৮ লাখ টকা লৈছিল বুলি অভিযোগ উত্থাপন কৰে মৃতদেহৰ প্ৰকৃত পিতৃয়ে। ইতিমধ্যে তেওঁ আৰক্ষী থানাত এজাহাৰো দাখিল কৰে।

উল্লেখ্য যে ২০০৬ চনত আৰ্থিক অভাৱৰ বাবে জিয়াওডানক প্ৰকৃত পিতৃ-মাতৃয়ে আন এহাল দম্পতীক বিক্ৰী কৰিছিল। অৱশ্যে তেওঁলোকক প্ৰায়ে জিয়াওডানে চোৱাচিতাও কৰিছিল। জিয়াওডানৰ প্ৰকৃত পিতৃয়ে আৰক্ষীক জনোৱা তথ্য মতে তেওঁলোকৰ কন্যাই ঘৰৰ নৱম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে আৰু লগতে অভিযোগ কৰে যে অভিযুক্তই জিয়াওডানক শাৰীৰিকভাৱেও নিৰ্যাতনো চলাইছিল। 

বৰ্তমানেও চীনৰ কিছু কিছু প্ৰদেশত এতিয়াও মৃতদেহৰ সৈতে বিবাহৰ প্ৰথা অব্যাহত আছে। তেওঁলোকে বিশ্বাস কৰে যে অবিবাহিত ব্যক্তিৰ মৃত্যু হ’লে তেওঁলোকৰ আত্মা তৃপ্ত নহয়, অতৃপ্ত আত্মাই পৰিয়ালৰ সদস্যৰ চাৰিওফালে ঘূৰি ফুৰে। সেয়েহে আন এহাল পিতৃ-মাতৃয়ে নিজৰ পুত্ৰৰ মৃতদেহৰ সৈতে বিয়া কৰাবলৈ আন এটা মৃতদেহ বিচাৰি আছিল। সেই সময়তে জিয়াওডানৰ মৃতদেহ কিনি পুত্ৰৰ লগত বিবাহকাৰ্য সম্পন্ন কৰে। মৃতকৰ সৈতে বিবাহৰ প্ৰথা চীনত প্ৰায় ৩০০০ বছৰ ধৰি সংঘটিত হৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ