--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পিতৃ-মাতৃয়ে ৮ লাখত বিক্ৰী কৰিছিল ১৬ বছৰীয়া মৃত কন্যাৰ মৃতদেহ। আশ্চৰ্যজনকভাৱে এই ঘটনা সংঘটিত হৈছে চীনত। চীনৰ এহাল দম্পতীয়ে বিয়াৰ বাবে ১৬ বছৰীয়া কন্যা জিয়াওডানৰ মৃতদেহ বিক্ৰী কৰে। জিয়াওডানৰ মৃতদেহৰ বাবে দম্পতীহালে ৮ লাখ টকা লৈছিল বুলি অভিযোগ উত্থাপন কৰে মৃতদেহৰ প্ৰকৃত পিতৃয়ে। ইতিমধ্যে তেওঁ আৰক্ষী থানাত এজাহাৰো দাখিল কৰে।

উল্লেখ্য যে ২০০৬ চনত আৰ্থিক অভাৱৰ বাবে জিয়াওডানক প্ৰকৃত পিতৃ-মাতৃয়ে আন এহাল দম্পতীক বিক্ৰী কৰিছিল। অৱশ্যে তেওঁলোকক প্ৰায়ে জিয়াওডানে চোৱাচিতাও কৰিছিল। জিয়াওডানৰ প্ৰকৃত পিতৃয়ে আৰক্ষীক জনোৱা তথ্য মতে তেওঁলোকৰ কন্যাই ঘৰৰ নৱম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে আৰু লগতে অভিযোগ কৰে যে অভিযুক্তই জিয়াওডানক শাৰীৰিকভাৱেও নিৰ্যাতনো চলাইছিল। 

বৰ্তমানেও চীনৰ কিছু কিছু প্ৰদেশত এতিয়াও মৃতদেহৰ সৈতে বিবাহৰ প্ৰথা অব্যাহত আছে। তেওঁলোকে বিশ্বাস কৰে যে অবিবাহিত ব্যক্তিৰ মৃত্যু হ’লে তেওঁলোকৰ আত্মা তৃপ্ত নহয়, অতৃপ্ত আত্মাই পৰিয়ালৰ সদস্যৰ চাৰিওফালে ঘূৰি ফুৰে। সেয়েহে আন এহাল পিতৃ-মাতৃয়ে নিজৰ পুত্ৰৰ মৃতদেহৰ সৈতে বিয়া কৰাবলৈ আন এটা মৃতদেহ বিচাৰি আছিল। সেই সময়তে জিয়াওডানৰ মৃতদেহ কিনি পুত্ৰৰ লগত বিবাহকাৰ্য সম্পন্ন কৰে। মৃতকৰ সৈতে বিবাহৰ প্ৰথা চীনত প্ৰায় ৩০০০ বছৰ ধৰি সংঘটিত হৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে