--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনে এই বয়সতো যথেষ্ট কাম কৰি আছে। বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি ছবি আৰু ভিন্ন প্ৰজেক্টলৈকে তেওঁৰ দপদপনি চলি আছে। আনকি ৮০ বছৰ সম্পূৰ্ণ কৰা অমিতাভ বচ্চনৰ শক্তিত পৰাভূত হৈ পৰে বৰ্তমানৰ যুৱ চাম। অমিতাভ বচ্চন ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু প্ৰায়ে ব্লগ লিখি নিজৰ কথাবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে। 

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এটা কথা উল্লেখ কৰি কৈছিল যে কেনেকৈ এজন পাঁচ বছৰীয়া শিশুৱে তেওঁক বাকৰুদ্ধ কৰি তুলিছিল। শিশুটিয়ে বিগ বিক ৮০ বছৰ বয়সত কাম নকৰাকৈ ঘৰত বহি আনন্দ কৰিবলৈ পৰামৰ্শ দিছিল। বিগবিয়ে তেওঁৰ ব্লগত এই কথা উল্লেখ কৰি কৈছিল যে ‘‘মই এটা অভিযানত কাম কৰি আছিলোঁ, তাতে লগ পোৱা পাঁচ বছৰীয়া শিশুটিয়ে মোৰ লগত কথা পাতি মোৰ বয়সৰ বিষয়ে সুধিছিল। মই ক’লোঁ ‘৮০’! শিশুটিৱে উত্তৰত ক’লে ‘অ’! গতিকে আপুনি কিয় এতিয়াও কাম কৰি আছে? মোৰ ককা-আইতাই ঘৰত বহি আনন্দ কৰি থাকে... আপুনিও একেদৰেই কৰা উচিত।

বিগ বিয়ে আৰু লিখিছে, ‘‘মই একো উত্তৰ দিব নোৱাৰিলো... সম্ভৱতঃ এই ৫ বছৰীয়া ল’ৰাটোৰ কথাত মই থতমত খাইছিলো আৰু দ্বিতীয়তে, মোৰ হাতত কোনো উত্তৰ নাছিল। শ্বুটিঙৰ পিছত তেওঁ মোৰ পৰা বিদায় লৈছিল, মোৰ লগত ফটো এখন উঠিছিল আৰু লগতে অটোগ্ৰাফো লৈছিল। এই কথা মোৰ আজীৱন মনত ৰ’ব।’’ 

উল্লেখ্য যে কামৰ কথা কবলৈ গ’লে অমিতাভ বচ্চনক দেখা যাব অয়ন মূখাৰ্জীৰ ব্ৰহ্মাস্ত্ৰত। ছবিখনত অভিনয় কৰিছে আলিয়া ভাট, ৰণবীৰ কাপুৰ আৰু নাগাৰ্জুনাই। ২০২২ চনৰ ৯ ছেপ্টেম্বৰত মুক্তি পাব ছবিখন। প্ৰভাস আৰু দীপিকা পাডুকনৰ সৈতে এক বিশাল প্ৰজেক্টতো তেওঁ কাম কৰি আছে। অমিতাভ বচ্চনৰ শ্ব’ কেবিচি ১৪ৰ প্ৰিমিয়াৰ অতি সোনকালে চ’নী টিভিত সম্প্ৰচাৰিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ