--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনে এই বয়সতো যথেষ্ট কাম কৰি আছে। বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি ছবি আৰু ভিন্ন প্ৰজেক্টলৈকে তেওঁৰ দপদপনি চলি আছে। আনকি ৮০ বছৰ সম্পূৰ্ণ কৰা অমিতাভ বচ্চনৰ শক্তিত পৰাভূত হৈ পৰে বৰ্তমানৰ যুৱ চাম। অমিতাভ বচ্চন ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু প্ৰায়ে ব্লগ লিখি নিজৰ কথাবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে। 

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এটা কথা উল্লেখ কৰি কৈছিল যে কেনেকৈ এজন পাঁচ বছৰীয়া শিশুৱে তেওঁক বাকৰুদ্ধ কৰি তুলিছিল। শিশুটিয়ে বিগ বিক ৮০ বছৰ বয়সত কাম নকৰাকৈ ঘৰত বহি আনন্দ কৰিবলৈ পৰামৰ্শ দিছিল। বিগবিয়ে তেওঁৰ ব্লগত এই কথা উল্লেখ কৰি কৈছিল যে ‘‘মই এটা অভিযানত কাম কৰি আছিলোঁ, তাতে লগ পোৱা পাঁচ বছৰীয়া শিশুটিয়ে মোৰ লগত কথা পাতি মোৰ বয়সৰ বিষয়ে সুধিছিল। মই ক’লোঁ ‘৮০’! শিশুটিৱে উত্তৰত ক’লে ‘অ’! গতিকে আপুনি কিয় এতিয়াও কাম কৰি আছে? মোৰ ককা-আইতাই ঘৰত বহি আনন্দ কৰি থাকে... আপুনিও একেদৰেই কৰা উচিত।

বিগ বিয়ে আৰু লিখিছে, ‘‘মই একো উত্তৰ দিব নোৱাৰিলো... সম্ভৱতঃ এই ৫ বছৰীয়া ল’ৰাটোৰ কথাত মই থতমত খাইছিলো আৰু দ্বিতীয়তে, মোৰ হাতত কোনো উত্তৰ নাছিল। শ্বুটিঙৰ পিছত তেওঁ মোৰ পৰা বিদায় লৈছিল, মোৰ লগত ফটো এখন উঠিছিল আৰু লগতে অটোগ্ৰাফো লৈছিল। এই কথা মোৰ আজীৱন মনত ৰ’ব।’’ 

উল্লেখ্য যে কামৰ কথা কবলৈ গ’লে অমিতাভ বচ্চনক দেখা যাব অয়ন মূখাৰ্জীৰ ব্ৰহ্মাস্ত্ৰত। ছবিখনত অভিনয় কৰিছে আলিয়া ভাট, ৰণবীৰ কাপুৰ আৰু নাগাৰ্জুনাই। ২০২২ চনৰ ৯ ছেপ্টেম্বৰত মুক্তি পাব ছবিখন। প্ৰভাস আৰু দীপিকা পাডুকনৰ সৈতে এক বিশাল প্ৰজেক্টতো তেওঁ কাম কৰি আছে। অমিতাভ বচ্চনৰ শ্ব’ কেবিচি ১৪ৰ প্ৰিমিয়াৰ অতি সোনকালে চ’নী টিভিত সম্প্ৰচাৰিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু