--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কৰীণা কাপুৰ তৃতীয় বাৰৰ বাবে মাতৃ হ'বলৈ ওলাইছে বুলি গুণগুণনি উঠিছে। ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ কিছু ছবি ভাইৰেল হোৱাৰ পিছতে বনজুইৰ দৰে এটা খবৰ বিয়পি পৰে যে কৰীণা তৃতীয় বাৰলৈ মাতৃ হ’বলৈ গৈ আছে। অৱশেষত কৰীণা কাপুৰে এই গুজৱ সন্দৰ্ভত মুখ খুলিছে। অভিনেত্ৰীগৰাকীয়ে এনে এক ধেমেলীয়া মন্তব্য কৰে যে সেই মন্তব্য ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈ পৰিছে। অভিনেত্ৰীগৰাকীয়ে গৰ্ভধাৰণৰ খবৰটো অতি ধেমেলীয়া ভাৱত অস্বীকাৰ কৰিছে। 

শেহতীয়াকৈ কৰীণা কাপুৰে তৃতীয় গৰ্ভধাৰণৰ খবৰটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইনষ্টাগ্ৰামত ষ্টৰি শ্বেয়াৰ কৰিছে। কৰীনাই লিখিছে, ''বন্ধুসকল, মই গৰ্ভৱতী নহয়। ছেইফে আমাৰ দেশৰ জনসংখ্যা বৃদ্ধি কৰাত ইতিমধ্যে বহুখিনি অৱদান আগবঢ়াইছে।'' কৰীনাৰ এই ধেমেলীয়া ষ্টাইলটোৰ প্ৰতি অনুৰাগীসকল অতি আকৰ্ষিত হৈ পৰে আৰু সকলোৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 


উল্লেখ্য যে ছেইফ আলী খান চাৰিটা সন্তানৰ পিতৃ। প্ৰথম পত্নী অমৃতা সিঙৰ ফালৰ পৰা চাৰা আলী খান আৰু ইব্ৰাহিম আলী খানৰ সৈতে তেওঁৰ দুটা সন্তান আছে। আনহাতে দ্বিতীয় পত্নী কৰীণা কাপুৰৰ ফালৰ পৰা আছে তেওঁৰ দুই পুত্ৰ  টাইমুৰ আলী খান আৰু জেহ আলী খান। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত জন্ম হৈছিল জেহৰ। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কৰীণাৰ এখন ছবি ভাইৰেল হোৱাৰ পিছতে তেওঁ গৰ্ভৱতী হোৱা বুলি অনুৰাগীসকলৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, যিটো অসত্য বুলি স্বীকাৰ কৰিলে কৰীণাই।

ইফালে কৰীনা কাপুৰৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে ১১ আগষ্টত ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে তেওঁৰ ছবি ‘লাল সিং চদ্ধা’। এই ছবিখনত তেওঁক আমিৰ খানৰ বিপৰীতে দেখা যাব। ইয়াৰ উপৰিও সুজয় ঘোষৰ দ্বাৰা পৰিচালিত অ’টিটি ডেবিউ প্ৰজেক্টৰ শ্বুটিঙো সম্পূৰ্ণ কৰিছে। জাপানীজ উপন্যাস ‘দ্য ডেভ’চন অৱ ছাস্পেক্ট এক্স’ৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন। আনহাতে ছেইফ আলী খানক দেখা যাব বিক্ৰম ভেধাত।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ