--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কৰীণা কাপুৰ তৃতীয় বাৰৰ বাবে মাতৃ হ'বলৈ ওলাইছে বুলি গুণগুণনি উঠিছে। ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ কিছু ছবি ভাইৰেল হোৱাৰ পিছতে বনজুইৰ দৰে এটা খবৰ বিয়পি পৰে যে কৰীণা তৃতীয় বাৰলৈ মাতৃ হ’বলৈ গৈ আছে। অৱশেষত কৰীণা কাপুৰে এই গুজৱ সন্দৰ্ভত মুখ খুলিছে। অভিনেত্ৰীগৰাকীয়ে এনে এক ধেমেলীয়া মন্তব্য কৰে যে সেই মন্তব্য ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈ পৰিছে। অভিনেত্ৰীগৰাকীয়ে গৰ্ভধাৰণৰ খবৰটো অতি ধেমেলীয়া ভাৱত অস্বীকাৰ কৰিছে। 

শেহতীয়াকৈ কৰীণা কাপুৰে তৃতীয় গৰ্ভধাৰণৰ খবৰটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইনষ্টাগ্ৰামত ষ্টৰি শ্বেয়াৰ কৰিছে। কৰীনাই লিখিছে, ''বন্ধুসকল, মই গৰ্ভৱতী নহয়। ছেইফে আমাৰ দেশৰ জনসংখ্যা বৃদ্ধি কৰাত ইতিমধ্যে বহুখিনি অৱদান আগবঢ়াইছে।'' কৰীনাৰ এই ধেমেলীয়া ষ্টাইলটোৰ প্ৰতি অনুৰাগীসকল অতি আকৰ্ষিত হৈ পৰে আৰু সকলোৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 


উল্লেখ্য যে ছেইফ আলী খান চাৰিটা সন্তানৰ পিতৃ। প্ৰথম পত্নী অমৃতা সিঙৰ ফালৰ পৰা চাৰা আলী খান আৰু ইব্ৰাহিম আলী খানৰ সৈতে তেওঁৰ দুটা সন্তান আছে। আনহাতে দ্বিতীয় পত্নী কৰীণা কাপুৰৰ ফালৰ পৰা আছে তেওঁৰ দুই পুত্ৰ  টাইমুৰ আলী খান আৰু জেহ আলী খান। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত জন্ম হৈছিল জেহৰ। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কৰীণাৰ এখন ছবি ভাইৰেল হোৱাৰ পিছতে তেওঁ গৰ্ভৱতী হোৱা বুলি অনুৰাগীসকলৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, যিটো অসত্য বুলি স্বীকাৰ কৰিলে কৰীণাই।

ইফালে কৰীনা কাপুৰৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে ১১ আগষ্টত ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে তেওঁৰ ছবি ‘লাল সিং চদ্ধা’। এই ছবিখনত তেওঁক আমিৰ খানৰ বিপৰীতে দেখা যাব। ইয়াৰ উপৰিও সুজয় ঘোষৰ দ্বাৰা পৰিচালিত অ’টিটি ডেবিউ প্ৰজেক্টৰ শ্বুটিঙো সম্পূৰ্ণ কৰিছে। জাপানীজ উপন্যাস ‘দ্য ডেভ’চন অৱ ছাস্পেক্ট এক্স’ৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন। আনহাতে ছেইফ আলী খানক দেখা যাব বিক্ৰম ভেধাত।





FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু