--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘কুটুম মিনাৰৰ দেৱ-দেৱীয়ে পূজা-অৰ্চনা অবিহনে বিগত ৮০০ বছৰ অতিবাহিত কৰিলে। এতিয়াও তেনেকৈয়ে থাকিব দিয়ক।’ কুটুব মিনাৰত পূ্জা অৰ্চনাৰ অনুমতি দিব লাগে বুলি কৰা এটা দাবী কৰি জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই কটাক্ষমূলক মন্তব্য কৰিছে আদালতে। দিল্লীৰ ছাকেট আদালতত আজি কুটুম মিনাৰ সম্পৰ্কীয় আবেদনৰ শুনানি গ্ৰহণ কৰা হৈছিল। কুটুম মিনাৰ নিৰ্মাণস্থলত শ শ বছৰ আগেয়ে হিন্দু আৰু জৈন মন্দিৰ ভাঙি পেলোৱা হৈছিল বুলি দাবী কৰি সেই মন্দিৰবোৰ পুনৰ নিৰ্মাণৰ দাবী কৰা হৈছিল। 

আনহাতে কুটুব মিনাৰত উদ্ধাৰ হোৱা হিন্দু দেৱ-দেৱতাৰ মূৰ্তিৰ সন্মুখত পূজা-অৰ্চনা কৰাৰ অনুমতিৰ আবেদন জনোৱা হৈছিল। এই আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশে কয় যে, এই দেৱমূৰ্তিয়ে ৮০০ বছৰ পূজা-অৰ্চনা নোহোৱাকৈ বৰ্তি থাকিল। এতিয়াও এইসমূহক তেনেকৈয়ে বৰ্তি থাকিবলৈ দিয়ক। আবেদনকৰ্তাৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অধিবক্তা হৰিশংকৰ জৈনে কয়, এটা দেৱমূৰ্তি ভাঙি পেলালেও তাৰ দেৱত্ব আৰু পবিত্ৰতা নষ্ট নহয়। কুটুব মিনাৰ চৌহদত এনে মূৰ্তি পোৱা গৈছে। উচ্চতম ন্যায়ালয়ে কৈছে যে, যদি দেৱমূৰ্তি বৰ্তি আছে তেন্তে পূজা-অৰ্চনাৰ অধিকাৰো বৰ্তি আছে। কিন্তু অধিবক্তাগৰাকীৰ এই যুক্তিক খণ্ডন কৰে ন্যায়ালয়ে। পূজা-অৰ্চনাৰ অধিকাৰক পাব্লিক অৰ্ডাৰ অনুসৰি সীমাবদ্ধ কৰিব পাৰি বুলি আদালতে যুক্তি প্ৰদৰ্শন কৰে।

উল্লেখ্য যে, জ্ঞানবাপী মছজিদক লৈ দেশজুৰি ব্যাপক বিতৰ্ক অব্যাহত থকাৰ সমান্তৰালভাৱে এইবাৰ কুটুব মিনাৰক লৈ ব্যাপক বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে। এইবাৰ দিল্লীৰ কুটুব মিনাৰক লৈ নতুন বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছিল। কুটুব মিনাৰত হিন্দু দেৱ-দেৱতাৰ মূৰ্তি উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে আৰু তাৰ পাছতে এই মিনাৰ হিন্দু ৰজা বিক্ৰমাদিত্যই নিৰ্মাণ কৰিছিল বুলি দাবী কৰা হৈছে।

ইয়াৰ পূ্ৰ্বে বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বানছালে দাবী কৰিছিল যে, কুটুব মিনাৰটো আচলতে এটা বিষ্ণুস্তম্ভহে। ২৭ টা হিন্দু আৰু জৈন মন্দিৰ ধ্বংসৰ পাছত লাভ কৰা সামগ্ৰীৰে এই মিনাৰ নিৰ্মাণ কৰা হৈছিল। কেৱল এয়াই নহয় ভালেমান হিন্দু সংগঠনে কুটুব মিনাৰক বিষ্ণুস্তম্ভৰূপে পুনৰ চিহ্নিত কৰিবলৈ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কুটুব মিনাৰৰ বাহিৰত হনুমান চালিছা পাঠ কৰিও প্ৰতিবাদ কৰা হৈছিল। কুটুব মিনাৰৰ ভিতৰত ১২০০ বছৰ পুৰণি নৰসিংহৰ মূৰ্তি, গণেশৰ মূৰ্তি আৰু কৃষ্ণৰ মূৰ্তি উদ্ধাৰ হোৱাৰ পাছতে আৰম্ভ হৈছিল প্ৰতিবাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত