--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘কুটুম মিনাৰৰ দেৱ-দেৱীয়ে পূজা-অৰ্চনা অবিহনে বিগত ৮০০ বছৰ অতিবাহিত কৰিলে। এতিয়াও তেনেকৈয়ে থাকিব দিয়ক।’ কুটুব মিনাৰত পূ্জা অৰ্চনাৰ অনুমতি দিব লাগে বুলি কৰা এটা দাবী কৰি জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই কটাক্ষমূলক মন্তব্য কৰিছে আদালতে। দিল্লীৰ ছাকেট আদালতত আজি কুটুম মিনাৰ সম্পৰ্কীয় আবেদনৰ শুনানি গ্ৰহণ কৰা হৈছিল। কুটুম মিনাৰ নিৰ্মাণস্থলত শ শ বছৰ আগেয়ে হিন্দু আৰু জৈন মন্দিৰ ভাঙি পেলোৱা হৈছিল বুলি দাবী কৰি সেই মন্দিৰবোৰ পুনৰ নিৰ্মাণৰ দাবী কৰা হৈছিল। 

আনহাতে কুটুব মিনাৰত উদ্ধাৰ হোৱা হিন্দু দেৱ-দেৱতাৰ মূৰ্তিৰ সন্মুখত পূজা-অৰ্চনা কৰাৰ অনুমতিৰ আবেদন জনোৱা হৈছিল। এই আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশে কয় যে, এই দেৱমূৰ্তিয়ে ৮০০ বছৰ পূজা-অৰ্চনা নোহোৱাকৈ বৰ্তি থাকিল। এতিয়াও এইসমূহক তেনেকৈয়ে বৰ্তি থাকিবলৈ দিয়ক। আবেদনকৰ্তাৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অধিবক্তা হৰিশংকৰ জৈনে কয়, এটা দেৱমূৰ্তি ভাঙি পেলালেও তাৰ দেৱত্ব আৰু পবিত্ৰতা নষ্ট নহয়। কুটুব মিনাৰ চৌহদত এনে মূৰ্তি পোৱা গৈছে। উচ্চতম ন্যায়ালয়ে কৈছে যে, যদি দেৱমূৰ্তি বৰ্তি আছে তেন্তে পূজা-অৰ্চনাৰ অধিকাৰো বৰ্তি আছে। কিন্তু অধিবক্তাগৰাকীৰ এই যুক্তিক খণ্ডন কৰে ন্যায়ালয়ে। পূজা-অৰ্চনাৰ অধিকাৰক পাব্লিক অৰ্ডাৰ অনুসৰি সীমাবদ্ধ কৰিব পাৰি বুলি আদালতে যুক্তি প্ৰদৰ্শন কৰে।

উল্লেখ্য যে, জ্ঞানবাপী মছজিদক লৈ দেশজুৰি ব্যাপক বিতৰ্ক অব্যাহত থকাৰ সমান্তৰালভাৱে এইবাৰ কুটুব মিনাৰক লৈ ব্যাপক বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে। এইবাৰ দিল্লীৰ কুটুব মিনাৰক লৈ নতুন বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছিল। কুটুব মিনাৰত হিন্দু দেৱ-দেৱতাৰ মূৰ্তি উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে আৰু তাৰ পাছতে এই মিনাৰ হিন্দু ৰজা বিক্ৰমাদিত্যই নিৰ্মাণ কৰিছিল বুলি দাবী কৰা হৈছে।

ইয়াৰ পূ্ৰ্বে বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বানছালে দাবী কৰিছিল যে, কুটুব মিনাৰটো আচলতে এটা বিষ্ণুস্তম্ভহে। ২৭ টা হিন্দু আৰু জৈন মন্দিৰ ধ্বংসৰ পাছত লাভ কৰা সামগ্ৰীৰে এই মিনাৰ নিৰ্মাণ কৰা হৈছিল। কেৱল এয়াই নহয় ভালেমান হিন্দু সংগঠনে কুটুব মিনাৰক বিষ্ণুস্তম্ভৰূপে পুনৰ চিহ্নিত কৰিবলৈ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কুটুব মিনাৰৰ বাহিৰত হনুমান চালিছা পাঠ কৰিও প্ৰতিবাদ কৰা হৈছিল। কুটুব মিনাৰৰ ভিতৰত ১২০০ বছৰ পুৰণি নৰসিংহৰ মূৰ্তি, গণেশৰ মূৰ্তি আৰু কৃষ্ণৰ মূৰ্তি উদ্ধাৰ হোৱাৰ পাছতে আৰম্ভ হৈছিল প্ৰতিবাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ