--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: হঠাৎ পিঁয়াজৰ দাম হ্ৰাস হোৱাৰ ফলত মহাৰাষ্ট্ৰৰ কৃষকসকল ব্যাপক লোকচানৰ সন্মুখীন হৈছে৷ যাৰ ফলত কৃষকসকলে প্ৰতি কিলোগ্ৰামত এটকাকে বিক্ৰী কৰিবলৈ বাধ্য হৈছে৷ ৰাজ্যখনত পিঁয়াজৰ দাম অত্যাধিক হ্ৰাস হোৱাৰ কেইবাটাও মুখ্য কাৰণ আছে। যাৰ আটাইতকৈ মুখ্য কাৰণ হৈছে এই বছৰ ৰাজ্যখনত পিঁয়াজৰ উৎপাদন (কৃষকসকলে আশা কৰাতকৈ অধিক) ভাল হৈছে।

দেশৰ সৰ্ববৃহৎ পিঁয়াজ উৎপাদক ৰাজ্য মহাৰাষ্ট্ৰৰ কৃষকসকলে (দেশৰ মুঠ পিয়াজৰ ৪০ শতাংশ মহাৰাষ্ট্ৰৰ পৰা যোগান ধৰা হয়) পিঁয়াজৰ দামক লৈ এক বৃহৎ সংকটৰ সন্মুখীন হৈছে।ৰাজ্যখনৰ কৃষকসকলৰ মতে, প্ৰতি কিলোগ্ৰামত পিঁয়াজ উৎপাদনৰ ব্যয় ১৫ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি পাইছে। বৰ্তমান, ৰাজ্যখনৰ বিভিন্ন বজাৰত কৃষকসকলে ন্যূনতম টকাৰ পৰা সৰ্বাধিক ১০ টকালৈ পিঁয়াজ বিক্ৰী কৰিবলৈ বাধ্য হৈছে।

মুম্বাইৰ কাষৰীয়া নৱী মুম্বাইৰ এপিএমচি বজাৰত নিৰন্তৰ হ্ৰাস হোৱা পিঁয়াজৰ দামৰ বিষয়ে কথা পাতি বিগত ২৫ বছৰে আলু আৰু পিয়াজৰ ব্যৱসায় কৰি অহা ভাৰত মোৰে পিঁয়াজৰ দাম হ্ৰাস হোৱাৰ কাৰণসমূহ উল্লেখ কৰে৷  মূল্য হ্ৰাস হোৱাৰ অন্যতম কাৰণ পূৰ্বে কৃষকসকলে সীমিত সংখ্যক পিঁয়াজ খেতি কৰিছিল। কিন্তু, এতিয়া পিঁয়াজ খেতিয়কৰ সংখ্যা বৃদ্ধি পাইছে। ভাৰতে আৰু ব্যাখ্যা কৰে যে যদি পিয়াজৰ মান ভাল হয় আজিও কৃষকসকলে উচিত বজাৰমূল্য লাভ কৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত