--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: হঠাৎ পিঁয়াজৰ দাম হ্ৰাস হোৱাৰ ফলত মহাৰাষ্ট্ৰৰ কৃষকসকল ব্যাপক লোকচানৰ সন্মুখীন হৈছে৷ যাৰ ফলত কৃষকসকলে প্ৰতি কিলোগ্ৰামত এটকাকে বিক্ৰী কৰিবলৈ বাধ্য হৈছে৷ ৰাজ্যখনত পিঁয়াজৰ দাম অত্যাধিক হ্ৰাস হোৱাৰ কেইবাটাও মুখ্য কাৰণ আছে। যাৰ আটাইতকৈ মুখ্য কাৰণ হৈছে এই বছৰ ৰাজ্যখনত পিঁয়াজৰ উৎপাদন (কৃষকসকলে আশা কৰাতকৈ অধিক) ভাল হৈছে।

দেশৰ সৰ্ববৃহৎ পিঁয়াজ উৎপাদক ৰাজ্য মহাৰাষ্ট্ৰৰ কৃষকসকলে (দেশৰ মুঠ পিয়াজৰ ৪০ শতাংশ মহাৰাষ্ট্ৰৰ পৰা যোগান ধৰা হয়) পিঁয়াজৰ দামক লৈ এক বৃহৎ সংকটৰ সন্মুখীন হৈছে।ৰাজ্যখনৰ কৃষকসকলৰ মতে, প্ৰতি কিলোগ্ৰামত পিঁয়াজ উৎপাদনৰ ব্যয় ১৫ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি পাইছে। বৰ্তমান, ৰাজ্যখনৰ বিভিন্ন বজাৰত কৃষকসকলে ন্যূনতম টকাৰ পৰা সৰ্বাধিক ১০ টকালৈ পিঁয়াজ বিক্ৰী কৰিবলৈ বাধ্য হৈছে।

মুম্বাইৰ কাষৰীয়া নৱী মুম্বাইৰ এপিএমচি বজাৰত নিৰন্তৰ হ্ৰাস হোৱা পিঁয়াজৰ দামৰ বিষয়ে কথা পাতি বিগত ২৫ বছৰে আলু আৰু পিয়াজৰ ব্যৱসায় কৰি অহা ভাৰত মোৰে পিঁয়াজৰ দাম হ্ৰাস হোৱাৰ কাৰণসমূহ উল্লেখ কৰে৷  মূল্য হ্ৰাস হোৱাৰ অন্যতম কাৰণ পূৰ্বে কৃষকসকলে সীমিত সংখ্যক পিঁয়াজ খেতি কৰিছিল। কিন্তু, এতিয়া পিঁয়াজ খেতিয়কৰ সংখ্যা বৃদ্ধি পাইছে। ভাৰতে আৰু ব্যাখ্যা কৰে যে যদি পিয়াজৰ মান ভাল হয় আজিও কৃষকসকলে উচিত বজাৰমূল্য লাভ কৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল