--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৮৩ চনৰ ২৫ জুন তাৰিখটো ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আছিল অতি বিশেষ। এই দিনটোত ভাৰতে ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল। সঁচাকৈয়ে ভাৰতীয় ক্ৰিকেটৰ বাবে এয়া আছিল এক ঐতিহাসিক দিন, কিয়নো দেশৰ ভৱিষ্যত প্ৰজন্মৰ ক্ৰিকেটাৰসকলে ভাৰতৰ সেই খেলখনৰ পৰা প্ৰেৰণা লাভ কৰি যাব। ১৯৭৫ আৰু ১৯৭৯ চনত প্ৰথম দুটা বিশ্বকাপ জয় কৰি ৱেষ্ট ইণ্ডিজে খিতাপৰ হেট্ৰিক বিচাৰি ইংলেণ্ডত উপস্থিত হয়। এই প্ৰতিযোগিতাত নৱ নিযুক্তি পোৱা সদস্য শ্ৰীলংকা আৰু জিম্বাবুৱেকে ধৰি আঠটা দলে ১৯৮২ চনৰ আইচিচি ট্ৰফী জয় কৰি যোগ্যতা অৰ্জন কৰিছিল।

১৯৮৩ চনৰ বিশ্বকাপৰ ফৰ্মেটত দলসমূহক ৪ জনীয়া দুটা গ্ৰুপত ভাগ কৰা হৈছিল, প্ৰতিটো দলে নিজৰ গ্ৰুপৰ পৰা দুবাৰকৈ ইজনে সিজনৰ বিৰুদ্ধে খেলিছিল। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ ২ টা দলে ছেমি-ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। ফাইনেলিষ্টৰ উপৰিও আয়োজক ইংলেণ্ড আৰু ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতৰ প্ৰাক্তন উইকেটকীপাৰ ফাৰুক ইঞ্জিনিয়াৰ বিশ্বকাপৰ ফাইনেলৰ শেষ মুহূৰ্তৰ এটা আমোদজনক খণ্ডৰ সৈতে জড়িত আছিল যেতিয়া তেওঁ বিবিচি ৰেডিঅ’ৰ বাবে খেলখনৰ ধাৰভাষ্যকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। যেতিয়া তেওঁ সহযোগী ধাৰাভাষ্যকাৰ ব্রায়ান জনষ্টনক কৈছিল যে ভাৰতৰ তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ইয়াক উদ্‌যাপন কৰিবলৈ চৰকাৰী বন্ধ ঘোষণা কৰিব৷আৰু পাঁচ মিনিটৰ ভিতৰতে লণ্ডনত থকা বিবিচিৰ মুখ্য কাৰ্যালয়ত থকা ইণ্ডিয়ান ইউনিয়ন কেবিনেটৰ পৰা এটা ফোন আহিল আৰু ফোনটো লৰ্ডছ ক্ৰিকেট খেলপথাৰৰ ধাৰভাষ্যকাৰলৈ প্ৰেৰণ কৰি জনোৱা হ’ল যে প্ৰধানমন্ত্ৰী গান্ধীয়ে বিবিচিৰ কমেণ্টৰী শুনি আছে। ইয়াৰ পাছত জনোৱা হ’লে যে প্ৰধানমন্ত্ৰী গান্ধীয়ে প্ৰকৃততে চৰকাৰী বন্ধ ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement