--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৮৩ চনৰ ২৫ জুন তাৰিখটো ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আছিল অতি বিশেষ। এই দিনটোত ভাৰতে ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল। সঁচাকৈয়ে ভাৰতীয় ক্ৰিকেটৰ বাবে এয়া আছিল এক ঐতিহাসিক দিন, কিয়নো দেশৰ ভৱিষ্যত প্ৰজন্মৰ ক্ৰিকেটাৰসকলে ভাৰতৰ সেই খেলখনৰ পৰা প্ৰেৰণা লাভ কৰি যাব। ১৯৭৫ আৰু ১৯৭৯ চনত প্ৰথম দুটা বিশ্বকাপ জয় কৰি ৱেষ্ট ইণ্ডিজে খিতাপৰ হেট্ৰিক বিচাৰি ইংলেণ্ডত উপস্থিত হয়। এই প্ৰতিযোগিতাত নৱ নিযুক্তি পোৱা সদস্য শ্ৰীলংকা আৰু জিম্বাবুৱেকে ধৰি আঠটা দলে ১৯৮২ চনৰ আইচিচি ট্ৰফী জয় কৰি যোগ্যতা অৰ্জন কৰিছিল।

১৯৮৩ চনৰ বিশ্বকাপৰ ফৰ্মেটত দলসমূহক ৪ জনীয়া দুটা গ্ৰুপত ভাগ কৰা হৈছিল, প্ৰতিটো দলে নিজৰ গ্ৰুপৰ পৰা দুবাৰকৈ ইজনে সিজনৰ বিৰুদ্ধে খেলিছিল। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ ২ টা দলে ছেমি-ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। ফাইনেলিষ্টৰ উপৰিও আয়োজক ইংলেণ্ড আৰু ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতৰ প্ৰাক্তন উইকেটকীপাৰ ফাৰুক ইঞ্জিনিয়াৰ বিশ্বকাপৰ ফাইনেলৰ শেষ মুহূৰ্তৰ এটা আমোদজনক খণ্ডৰ সৈতে জড়িত আছিল যেতিয়া তেওঁ বিবিচি ৰেডিঅ’ৰ বাবে খেলখনৰ ধাৰভাষ্যকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। যেতিয়া তেওঁ সহযোগী ধাৰাভাষ্যকাৰ ব্রায়ান জনষ্টনক কৈছিল যে ভাৰতৰ তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ইয়াক উদ্‌যাপন কৰিবলৈ চৰকাৰী বন্ধ ঘোষণা কৰিব৷আৰু পাঁচ মিনিটৰ ভিতৰতে লণ্ডনত থকা বিবিচিৰ মুখ্য কাৰ্যালয়ত থকা ইণ্ডিয়ান ইউনিয়ন কেবিনেটৰ পৰা এটা ফোন আহিল আৰু ফোনটো লৰ্ডছ ক্ৰিকেট খেলপথাৰৰ ধাৰভাষ্যকাৰলৈ প্ৰেৰণ কৰি জনোৱা হ’ল যে প্ৰধানমন্ত্ৰী গান্ধীয়ে বিবিচিৰ কমেণ্টৰী শুনি আছে। ইয়াৰ পাছত জনোৱা হ’লে যে প্ৰধানমন্ত্ৰী গান্ধীয়ে প্ৰকৃততে চৰকাৰী বন্ধ ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক