--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত নিৰাশ কৰিছে ভাৰতীয় বেটিঙে। শুবমান গিল, শ্ৰেয়াছ আয়াৰে ৰান কৰিব নোৱাৰিলে। ৰোহিত শৰ্মা, বিৰাট কোহলী, লোকেশ ৰাহুলে ৰান সংগ্ৰহ কৰিলেও বৃহৎ ইনিংছ খেলিব নোৱাৰিলে। বেয়া সময়ত আউট হ’ল।

কিন্তু কোনো ক্ৰিকেটাৰে যদি আটাইতকৈ বেছি হতাশ কৰিলে তেন্তে সেয়া আছিল সূৰ্য্যকুমাৰ যাদৱ। তেওঁৰ বেটিং ষ্টাইলেই বুজি পোৱা নগ’ল। দায়িত্ব আছিল ভাৰতীয় ইনিংছক শেষৰ ফালে এটা ভাল গতি দিয়া। কিন্তু সূৰ্যই সময়হে নষ্ট কৰিলে। দলে ২৫০ৰ সীমাও পাৰ কৰিব নোৱাৰিলে।

ৰবীন্দ্ৰ জাদেজা আউট হোৱাৰ পিছতে বেটিং কৰিবলৈ সোমাইছিল সূৰ্য্যই। তাৰ পাছত ভাৰতৰ ৰান ৩৫.৫ অভাৰত ৫ উইকেটত ১৭৮ ৰান। অৰ্থাৎ হাতত ১৪ অভাৰ আছিল। ৫টা উইকেট পৰি যোৱাৰ লগে লগে লোকেশ ৰাহুলৰ লগতে দলটোক আগুৱাই নিয়াৰ দায়িত্ব সূৰ্যৰ কান্ধত আছিল। ৰাহুল ওলাই অহাৰ পিছত সকলোৱে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিছিল।

সূৰ্য্যই যেতিয়া লোয়াৰ অৰ্ডাৰৰ বেটছমেনৰ সৈতে বেটিং কৰি আছিল, তেতিয়া তেওঁ অভাৰৰ প্ৰথম কেইটামান বল নিজেই খেলিব লাগিছিল। তেতিয়া ভাৰতে অধিক ৰান সংগ্ৰহ কৰিলেহেঁতেন। এজন বিশেষজ্ঞ বেটছমেনে নিম্ন ক্ৰমৰ বেটছমেনৰ সৈতে এনেদৰে খেলে। সেইটো দেখা যায় বিশ্ব ক্ৰিকেটত।

কিন্তু ইয়াৰ বিপৰীতে দেখা গ’ল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত। প্ৰতিটো অভাৰৰ আৰম্ভণিতে একক ৰান কৰি সূৰ্য্যই আনটো মূৰলৈ গৈছিল। ফলত কেতিয়াবা মহম্মদ শ্বামী, কেতিয়াবা কুলদীপ যাদৱ, কেতিয়াবা যশপ্ৰীত বুমৰাহ খেলিবলগীয়া হৈছিল। বল নষ্ট কৰিলে সকলোৱে। ফলত যিমান ৰান কৰিব লাগিছিল তাতকৈ কম ৰান হ’ল।

আহমেদাবাদৰ লেহেমীয়া পিটছত সূৰ্য্যই নিজৰ প্ৰিয় শ্বটসমূহও খেলিব নোৱাৰিলে। ২৮টা বলত মাত্ৰ ১৮ ৰানহে কৰি আউট হয়। সূৰ্যৰ এই খেল দেখি সকলোৱে ক’বলৈ আৰম্ভ কৰিছে যে তেওঁ টি২০ ক্ৰিকেটৰহে বেটাৰ, এদিনীয়া খেলৰ নহয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক