--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলৰ বিখ্যাত মডেলবোৰৰ ভিতৰত অন্যতম হৈছে আৰ্থাৰ অ উৰ্চো। আৰ্থাৰৰ খ্যাতিৰ কাৰণ কেৱল মডেলিং নহয় তেওঁ নিজৰ  বহুবিবাহৰ বাবেও চৰ্চাত থাকে। তেওঁৰ আছে ৯ গৰাকী পত্নী। তেওঁ ৯ ৰ পৰিৱৰ্তে ১০ গৰাকী মহিলাৰ সৈতে একেটা ঘৰত থাকিব বিচাৰে। তেওঁ নিজৰ চখ সোনকালে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি নিজকে দিছিল। 


৯ গৰাকী পত্নীৰে সুখৰ সংসাৰ কৰিছিল আৰ্থাৰে কিন্তু তেওঁৰ জীৱনলৈ হঠাতে এক নতুন সমস্যা আহি পৰিছে। আৰ্থাৰৰ এগৰাকী পত্নীৰ নাম আগাথা। আগাথাই তেওঁৰ স্বামীৰ বহুবিবাহত অতিষ্ঠ হৈ পৰিছে আৰু বিবাহ বিচ্ছেদৰ দাবী কৰিছে। আগাথাই বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে। 


এই বিবাহ বিচ্ছেদ হোৱাৰ লগে লগে তেওঁৰ পত্নীৰ সংখ্যা ৮ হৈ যাব। সেই কথাতেই মানসিক শান্তি হেৰুৱাইছে মডেলগৰাকীয়ে। আৰ্থাৰ অ উৰ্চোৱে কৈছে যে মই অতি সোনকালে আৰু দুগৰাকী যুৱতীক বিয়া পাতিম যাতে মোৰ পত্নীৰ সংখ্যা ১০গৰাকী হয়। 

আৰ্থাৰৰ প্ৰথম পত্নীৰ নাম লুয়ানা কাজাকী। যোৱা বছৰ আঠগৰাকী যুৱতীক একেলগে বিয়া কৰাইছিল আৰ্থাৰ অ উৰ্চোৱে।
 
মডেলগৰাকীয়ে কয় যে ,"মোৰ এটা সপোন আছে। মোৰ ইচ্ছা সদায়েই আছিল যে মোৰ ১০ গৰাকী পত্নী থাকিব। বৰ্তমান মোৰ ৯ গৰাকী পত্নী আছে কিন্তু এগৰাকী পত্নীয়ে মোৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে, সেয়েহে মই একেলগে আৰু দুগৰাকী যুৱতীক বিয়া পাতি মোৰ পত্নীৰ সংখ্যা ১০গৰাকী কৰিম। মোৰ মাত্ৰ এজনী কন্যা সন্তান আছে কিন্তু মই মোৰ প্ৰতিগৰাকী পত্নীৰ পৰা এটা সন্তান জন্ম দিব বিচাৰো। মই মোৰ প্ৰতিগৰাকী পত্নীৰ প্ৰতি একে মৰম অনুভৱ কৰোঁ। মাত্ৰ এগৰাকী বা দুগৰাকীৰ পৰা মই সন্তান জন্ম দিয়াৰ কথা ভাবিলে বাকী পত্নীকেইগৰাকীৰ প্ৰতি অন্যায় কৰা হ'ব সেয়েহে মই মোৰ আটাইকেইগৰাকী পত্নীৰ পৰা সন্তান জন্ম দিয়াৰ কথা ভাবিছোঁ।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ