--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলৰ বিখ্যাত মডেলবোৰৰ ভিতৰত অন্যতম হৈছে আৰ্থাৰ অ উৰ্চো। আৰ্থাৰৰ খ্যাতিৰ কাৰণ কেৱল মডেলিং নহয় তেওঁ নিজৰ  বহুবিবাহৰ বাবেও চৰ্চাত থাকে। তেওঁৰ আছে ৯ গৰাকী পত্নী। তেওঁ ৯ ৰ পৰিৱৰ্তে ১০ গৰাকী মহিলাৰ সৈতে একেটা ঘৰত থাকিব বিচাৰে। তেওঁ নিজৰ চখ সোনকালে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি নিজকে দিছিল। 


৯ গৰাকী পত্নীৰে সুখৰ সংসাৰ কৰিছিল আৰ্থাৰে কিন্তু তেওঁৰ জীৱনলৈ হঠাতে এক নতুন সমস্যা আহি পৰিছে। আৰ্থাৰৰ এগৰাকী পত্নীৰ নাম আগাথা। আগাথাই তেওঁৰ স্বামীৰ বহুবিবাহত অতিষ্ঠ হৈ পৰিছে আৰু বিবাহ বিচ্ছেদৰ দাবী কৰিছে। আগাথাই বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে। 


এই বিবাহ বিচ্ছেদ হোৱাৰ লগে লগে তেওঁৰ পত্নীৰ সংখ্যা ৮ হৈ যাব। সেই কথাতেই মানসিক শান্তি হেৰুৱাইছে মডেলগৰাকীয়ে। আৰ্থাৰ অ উৰ্চোৱে কৈছে যে মই অতি সোনকালে আৰু দুগৰাকী যুৱতীক বিয়া পাতিম যাতে মোৰ পত্নীৰ সংখ্যা ১০গৰাকী হয়। 

আৰ্থাৰৰ প্ৰথম পত্নীৰ নাম লুয়ানা কাজাকী। যোৱা বছৰ আঠগৰাকী যুৱতীক একেলগে বিয়া কৰাইছিল আৰ্থাৰ অ উৰ্চোৱে।
 
মডেলগৰাকীয়ে কয় যে ,"মোৰ এটা সপোন আছে। মোৰ ইচ্ছা সদায়েই আছিল যে মোৰ ১০ গৰাকী পত্নী থাকিব। বৰ্তমান মোৰ ৯ গৰাকী পত্নী আছে কিন্তু এগৰাকী পত্নীয়ে মোৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে, সেয়েহে মই একেলগে আৰু দুগৰাকী যুৱতীক বিয়া পাতি মোৰ পত্নীৰ সংখ্যা ১০গৰাকী কৰিম। মোৰ মাত্ৰ এজনী কন্যা সন্তান আছে কিন্তু মই মোৰ প্ৰতিগৰাকী পত্নীৰ পৰা এটা সন্তান জন্ম দিব বিচাৰো। মই মোৰ প্ৰতিগৰাকী পত্নীৰ প্ৰতি একে মৰম অনুভৱ কৰোঁ। মাত্ৰ এগৰাকী বা দুগৰাকীৰ পৰা মই সন্তান জন্ম দিয়াৰ কথা ভাবিলে বাকী পত্নীকেইগৰাকীৰ প্ৰতি অন্যায় কৰা হ'ব সেয়েহে মই মোৰ আটাইকেইগৰাকী পত্নীৰ পৰা সন্তান জন্ম দিয়াৰ কথা ভাবিছোঁ।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ