--°C
Loading...
Listen to Article
2 min read
80%
ভুৰুকা ডেস্ক : ইউক্ৰেইনত ৰুছ আগ্ৰাসনে প্ৰায় ডেৰমাহ অতিক্ৰম কৰিলে। ব্যাপক ধ্বংসলীলা আৰু অনিয়ন্ত্ৰিত নৰসংহাৰৰ বাহিৰে কোনো যুদ্ধই আন একো সমাধান আনিব নোৱৰাৰ দৰে এই যুদ্ধয়ো আনিব পৰা নাই কোনো সমাধান। বৰং ইউক্ৰেইনৰ দৰে এখন সুসজ্জিত দেশক ধ্বংসৰ মুখলৈ থেলি দিছে ব্যাপক সংহাৰ লীলাৰে। বিশ্ব সম্প্ৰদায়ে ৰাছিয়াৰ এই আগ্ৰাসনক লৈ প্ৰকাশ কৰি আহিছে গভীৰ উদ্বেগ। দেশখনৰ এই ভূমিকাক তীব্ৰ সমালোচনা কৰিছে বিশ্ব সম্প্ৰদায়ে। ইউক্ৰেইন যুদ্ধ সম্পৰ্কত ভাৰতৰ স্থিতি কিছু ৰাছিয়ামুখী যদিও ইউৰোপীয় দেশ তথা আমেৰিকাই ইউক্ৰেইন আক্ৰমণৰ বাবে ৰাছিয়াক তীব্ৰ গৰিহণা দিছে আৰু তেওঁলোকক একপ্ৰকাৰে এলাগী কৰি তোলাক চেষ্টা  কৰিছে। ইফালে, ৰাছিয়াক জগৰীয়া কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। 

আন সন্ত্ৰাসবাদীৰ সৈতে কোনো পাৰ্থক্য নাই ৰাছিয়াৰ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে। দেশখনত ৰাছিয়াই সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত প্ৰথমবাৰলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত তেওঁ ভাষণ দিয়ে। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱাৰ ভিতৰত ৰাছিয়াই তেওঁলোকৰ দেশখনত আটাইতকৈ ভয়াৱহ যুদ্ধ অপৰাধ সংঘটিত কৰা বুলিও দাবী কৰে। 

ৰাষ্ট্ৰসংঘৰ এই বৈঠকত তেওঁ কয় যে, ‘ডায়েছৰ দৰে সন্ত্ৰাসবাদীৰ সৈতে ৰাছিয়াৰ কোনো পাৰ্থক্য নাই। তেওঁলোকেও ভালেমান অঞ্চল দখল কৰি ৰাখিছে। আৰু এতিয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন সদস্য ৰাষ্ট্ৰই এই অপৰাধ সংঘটিত কৰিছে।’ তেওঁ লগতে কয় যে, ইউক্ৰেইনৰ ভূমিৰ সকলো সত্য এতিয়াও বিশ্ববাসীয়ে জানিবলৈ বাকী আছে। আনহাতে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰুছ সৈন্যই বুচাৰ দৰে ঠাইত সংঘটিত কৰা যুদ্ধ অপৰাধৰ বিচাৰ কৰাৰ অহ্বান জনাইছে।

ইউৰোপীয় সংঘই ইউক্ৰেইনলৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰি যুদ্ধৰ ক্ষয়-ক্ষতিৰ সবিশেষ তথ্য সংগ্ৰহৰ প্ৰস্তাৱ দাঙি ধৰে। মস্কোৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ সপক্ষে মত প্ৰকাশ কৰিছে ইউৰোপীয় সংঘই। ইউৰোপীয় সংঘই ৰাছিয়াৰ কয়লা আৰু তেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভতো চিন্তা চৰ্চা কৰা বুলি ইউৰোপীয় সংঘৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰে।

ইফালে মস্কোৱে ইউক্ৰেইনত সাধাৰণ লোকৰ মৃত্যুৰ বাবে তেওঁলোক দায়ী নহয় বুলি প্ৰকাশ কৰিছে। বুচা আৰু কিয়েভত যিবোৰ মৃতদেহৰ ছবি ইউক্ৰেইনে দেখুৱাইছে সেইবোৰ ভুৱা বুলিও দাবী কৰিছে ৰাছিয়াই। ইউক্ৰেইনৰ সেনাই সাধাৰণ নাগৰিকৰ মৃত্যুৰ ভুৱা ভিডিঅ’ প্ৰস্তুত কৰি প্ৰচাৰ কৰা বুলি দাবী কৰিছে ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগে। তেওঁলোকে এই দাবীৰ সপক্ষে কোনো প্ৰমাণ দিব পৰা নাই বুলিও উল্লেখ কৰে।
ইউক্ৰেইনৰ প্ৰশাসনে দাহী কৰিছিল যে, তেওঁলোকে মোটয়াজেনত পাঁচজন অসামৰিক লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল। তেওঁলোকৰ হাত বন্ধা অৱস্থাত আছিল। অৰ্থাৎ তেওঁলোকক আটক কৰি অত্যাচাৰ কৰাৰ পাছত হত্যা কৰা বুলি দাবী কৰা হৈছিল। তাৰ ভিতৰত আছিল এগৰাকী মেয়ৰ, তেওঁৰ স্বামী আৰু পুত্ৰও। আনহাতে বুচাত চাৰি শতাধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ ঘটানায়ো ৰুছ সেনাৰ বৰ্বৰতাৰ নিদৰ্শন দাঙি ধৰিছে। 
এইবোৰ ঘটনাই ৰাছিয়াক বিশ্ব সম্প্ৰদায়ৰ ওচৰত অস্বস্তিত পেলোৱাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকে এইবোৰ কথা অস্বীকাৰ কৰাৰ চেষ্টা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ