--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ বহুতো দেশে মানৱ অধিকাৰৰ বাবে সংগ্ৰাম কৰি আছে। একে সময়তে এই বিশ্বত এনে এখন দেশ আছে যিয়ে বন্য জন্তুক আইনী অধিকাৰ প্ৰদান কৰিছে। এইখন দেশত বন্য জন্তুক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰা হৈছে। প্ৰকৃতিৰ ওপৰত দিয়া হৈছে কৰ্তৃত্ব। দৰাচলতে আদালতৰ এক ঐতিহাসিক সিদ্ধান্তৰ পিছত এই আইনখন প্ৰস্তুত কৰা হৈছিল। য'ত বন্যপ্ৰাণীক বিভিন্ন ধৰণৰ আইনী অধিকাৰ দিয়া হৈছে।
দেশখন হৈছে দক্ষিণ আমেৰিকাৰ ইকুৱেডৰ। 

লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আন্না বেট্ৰিজ বাৰবানো প্ৰ'আনো নামৰ লোকজনে এমাহ বয়সত বনৰ পৰা এটা উলি বান্দৰ ঘৰলৈ লৈ আহিছিল। উলি বান্দৰটোৰ নাম তেওঁ ৰাখিছিল এষ্ট্ৰেলিটা। এষ্ট্ৰেলিটা পৰৱৰ্তী ১৮ বছৰ আন্না বিট্ৰিজৰ ঘৰত আছিল। বান্দৰটোৱে মানুহৰ সৈতে নিজৰ ভংগীমাৰে বাৰ্তালাপ কৰিবলৈ শিকিছিল। কণ্ঠস্বৰ আহৰণ কৰিবলৈ শিকিছিল। তাৰ পিছত এদিন হঠাতে এষ্ট্ৰেলিটাক স্থানীয় প্ৰশাসনে জব্দ কৰে আৰু চিৰিয়াখানাত ৰাখে। এষ্ট্ৰেলিটাই মানুহৰ ঘৰ এৰি চিৰিয়াখানাত থাকিব নোৱাৰিলে। তাই তাত নিসংগ অনুভৱ কৰি কাৰ্ডিঅ'-ৰেস্পিৰেটৰী এৰেষ্টত ভুগিছিল। এমাহৰ ভিতৰতে এষ্ট্ৰেলিটাৰ মৃত্যু হয়। কিন্তু মৃত্যুৰ আগতে আন্না বেট্ৰিজে এষ্ট্ৰেলিটাক ঘূৰাই পাবলৈ আদালতত গোচৰ ৰুজু কৰিছিল। তেওঁ কৈছিল যে চিৰিয়াখানাত এষ্ট্ৰেলিটাই আতংকত দিন কটাব। তাই তাত বাস কৰিব নোৱাৰিব। 

আন্না বেট্ৰিজৰ ক্ষেত্ৰত বৈজ্ঞানিক নথিপত্ৰৰ উদ্ধৃতি দিয়া হৈছিল। তাত কোৱা হৈছিল যে এষ্ট্ৰেলিটাৰ জ্ঞানীয় ক্ষমতা আৰু সামাজিক জটিলতাৰ আচৰণে তাইৰ বাবে অকলে থকাটো কঠিন কৰি তুলিব। তাইৰ অন্ততঃ শাৰীৰিক স্বাধীনতাৰ অধিকাৰ আছে। পৰিৱেশ প্ৰশাসনিক বিষয়াসকলে তাইক চিৰিয়াখানাত ভৰোৱাৰ আগতে এষ্ট্ৰালিটাৰ পৰিস্থিতি কেনেকুৱা আছিল পৰীক্ষা কৰিব লাগিছিল। ইয়াৰ পাছতে আদালতৰ সিদ্ধান্তই এক ইতিহাস ৰচনা কৰে। আদালতে ইয়াৰ আদেশত কৈছিল যে স্থানীয় প্ৰশাসন আৰু আন্না বেট্ৰিজ দুয়োজনে এষ্ট্ৰেলিটাৰ অধিকাৰ উলংঘা কৰিছে। 

স্থানীয় প্ৰশাসনে এষ্ট্ৰেলিটাক চিৰিয়াখানাত ভৰোৱাৰ আগতে তাইৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ দিয়া নাছিল। আনহাতে আন্না বেট্ৰিজে তাইক অৰণ্যৰ পৰা নিজৰ ঘৰলৈ আনি ভুল কৰিছিল। কাৰণ অৰণ্যখনেই এষ্ট্ৰেলিটাৰ প্ৰথম ঘৰ আছিল। আদালতে তেতিয়া দেশৰ চৰকাৰক পশু অধিকাৰ আইন সংশোধন কৰিবলৈ নিৰ্দেশ দিছিল। যদি নহয় সংশোধন নহয় নতুন আইন এখন প্ৰস্তুত কৰিব লাগে বুলি নিৰ্দেশ দিছিল। ইকুৱেডৰ হৈছে বিশ্বৰ প্ৰথমখন দেশ যত বন্য জন্তুৰ বাবে আইনী অধিকাৰ প্ৰদান কৰা হৈছে।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ