--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত হঠাৎ কিছুমান বস্তু কেমেৰাত বন্দী হৈ যায়, যিবোৰ কি সেইটো চিনাক্ত কৰিব নাজানো? এলিয়েন আৰু ইউ এফ অ’ দেখাৰ কাণ্ড সঘনাই পোহৰলৈ আহে। পৃথিৱীৰ বহু ঠাইত মানুহে প্ৰায়ে ইউ এফ অ’ দেখা বুলি দাবী কৰে। ইয়াৰ বাহিৰেও মানুহে প্ৰায়ে সাগৰত বাস কৰা ভয়ংকৰ আৰু ৰহস্যময় জীৱ দেখা বুলি দাবী কৰে। বিশ্বাস কৰা হয় যে স্কটলেণ্ডৰ ল’ক নেছ হ্ৰদতো একেধৰণৰ ভয়ংকৰ জীৱ বাস কৰে, যাক মানুহে ‘ল’ক নেছ মনষ্টাৰ’ বুলি কয়। বহুতে এই ৰহস্যময় জীৱটোক দেখা বুলি দাবী কৰিছে।

দাবী কৰা হৈছে যে ১৯৩৩ চনত প্ৰথমবাৰৰ বাবে ‘ল’ক নেছ মনষ্টাৰ’ কেমেৰাত বন্দী হৈছিল যদিও এতিয়া পুনৰবাৰ ৯০ বছৰৰ পাছত এই ভয়ংকৰ ‘দানৱ’টোক ড্ৰ’নৰ ফুটেজত দেখা পোৱাৰ দাবী কৰা হৈছে। লেডবাইলৰ প্ৰতিবেদন অনুসৰি ৰিচাৰ্ড মেভৰ নামৰ এজন ব্যক্তিয়ে বিশ্বাস কৰে যে ছেপ্টেম্বৰ মাহত ল’ক নেছ হ্ৰদৰ ওপৰেৰে নিজৰ ড্ৰ’ন উৰুৱাই দিওঁতে তেওঁ ‘মনষ্টাৰ’ক পানীত সাঁতুৰি থকা দেখিছিল। ৰিচাৰ্ডে নিজৰ ইউটিউব চেনেলত এটা ক্লিপ আপলোড কৰিছে, য’ত এটা ৰহস্যময় বস্তুক পানীত ওপঙি থকা দেখা গৈছে।

ডেইলী ৰেকৰ্ডৰ সৈতে হোৱা কথা-বতৰাত ৫৪ বছৰীয়া ৰিচাৰ্ডে কয়, ‘মই বিশ্বাস কৰিব পৰা নাছিলো। ফুটেজটো কেইবাবাৰো ৰিৱাইণ্ড কৰিবলগীয়া হ’ল৷ এই ফুটেজটো মই কেইবাবাৰো চাইছো। কি নাজানো, ইয়াৰ আকৃতি পূৰ্বে দেখা ‘ল’ক নেছ মনষ্টাৰ’ৰ আকৃতিৰ সৈতে নিশ্চিতভাৱে মিল আছে।

খবৰ অনুসৰি ১৯৩৩ চনৰ ১২ নৱেম্বৰত হিউ গ্ৰে নামৰ এজন ব্যক্তিয়ে ‘ল’ক নেছ মনষ্টাৰ’ৰ প্ৰথম ফটো তুলিছিল। বিলখনত ওপঙি থকা দেখা গ’ল এটা ম্লান আকৃতি। তেতিয়াৰ পৰা এতিয়ালৈকে এই ৰহস্যময় জীৱটোৱে সমগ্ৰ বিশ্বৰ মানুহক আচৰিত কৰি তুলিছে। এই জীৱটোৱে মানুহৰ মাজত ইমানেই কৌতুহলৰ সৃষ্টি কৰিছে যে আগষ্ট মাহত ইয়াক বিচাৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰা হ’ল, য’ত প্ৰায় ১০০ জন লোকে দিনে-নিশাই এই বিখ্যাত ‘পানীৰ দানৱ’টোৰ ওপৰত চকু ৰাখিছিল ' আছিল।কিন্তু কোনো লাভ নহ'ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ