--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত হঠাৎ কিছুমান বস্তু কেমেৰাত বন্দী হৈ যায়, যিবোৰ কি সেইটো চিনাক্ত কৰিব নাজানো? এলিয়েন আৰু ইউ এফ অ’ দেখাৰ কাণ্ড সঘনাই পোহৰলৈ আহে। পৃথিৱীৰ বহু ঠাইত মানুহে প্ৰায়ে ইউ এফ অ’ দেখা বুলি দাবী কৰে। ইয়াৰ বাহিৰেও মানুহে প্ৰায়ে সাগৰত বাস কৰা ভয়ংকৰ আৰু ৰহস্যময় জীৱ দেখা বুলি দাবী কৰে। বিশ্বাস কৰা হয় যে স্কটলেণ্ডৰ ল’ক নেছ হ্ৰদতো একেধৰণৰ ভয়ংকৰ জীৱ বাস কৰে, যাক মানুহে ‘ল’ক নেছ মনষ্টাৰ’ বুলি কয়। বহুতে এই ৰহস্যময় জীৱটোক দেখা বুলি দাবী কৰিছে।

দাবী কৰা হৈছে যে ১৯৩৩ চনত প্ৰথমবাৰৰ বাবে ‘ল’ক নেছ মনষ্টাৰ’ কেমেৰাত বন্দী হৈছিল যদিও এতিয়া পুনৰবাৰ ৯০ বছৰৰ পাছত এই ভয়ংকৰ ‘দানৱ’টোক ড্ৰ’নৰ ফুটেজত দেখা পোৱাৰ দাবী কৰা হৈছে। লেডবাইলৰ প্ৰতিবেদন অনুসৰি ৰিচাৰ্ড মেভৰ নামৰ এজন ব্যক্তিয়ে বিশ্বাস কৰে যে ছেপ্টেম্বৰ মাহত ল’ক নেছ হ্ৰদৰ ওপৰেৰে নিজৰ ড্ৰ’ন উৰুৱাই দিওঁতে তেওঁ ‘মনষ্টাৰ’ক পানীত সাঁতুৰি থকা দেখিছিল। ৰিচাৰ্ডে নিজৰ ইউটিউব চেনেলত এটা ক্লিপ আপলোড কৰিছে, য’ত এটা ৰহস্যময় বস্তুক পানীত ওপঙি থকা দেখা গৈছে।

ডেইলী ৰেকৰ্ডৰ সৈতে হোৱা কথা-বতৰাত ৫৪ বছৰীয়া ৰিচাৰ্ডে কয়, ‘মই বিশ্বাস কৰিব পৰা নাছিলো। ফুটেজটো কেইবাবাৰো ৰিৱাইণ্ড কৰিবলগীয়া হ’ল৷ এই ফুটেজটো মই কেইবাবাৰো চাইছো। কি নাজানো, ইয়াৰ আকৃতি পূৰ্বে দেখা ‘ল’ক নেছ মনষ্টাৰ’ৰ আকৃতিৰ সৈতে নিশ্চিতভাৱে মিল আছে।

খবৰ অনুসৰি ১৯৩৩ চনৰ ১২ নৱেম্বৰত হিউ গ্ৰে নামৰ এজন ব্যক্তিয়ে ‘ল’ক নেছ মনষ্টাৰ’ৰ প্ৰথম ফটো তুলিছিল। বিলখনত ওপঙি থকা দেখা গ’ল এটা ম্লান আকৃতি। তেতিয়াৰ পৰা এতিয়ালৈকে এই ৰহস্যময় জীৱটোৱে সমগ্ৰ বিশ্বৰ মানুহক আচৰিত কৰি তুলিছে। এই জীৱটোৱে মানুহৰ মাজত ইমানেই কৌতুহলৰ সৃষ্টি কৰিছে যে আগষ্ট মাহত ইয়াক বিচাৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰা হ’ল, য’ত প্ৰায় ১০০ জন লোকে দিনে-নিশাই এই বিখ্যাত ‘পানীৰ দানৱ’টোৰ ওপৰত চকু ৰাখিছিল ' আছিল।কিন্তু কোনো লাভ নহ'ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন