--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে উদযাপন কৰা হৈছে দীপাৱলী উৎসৱ। প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো দিল্লীকে ধৰি অসমৰ বহু চহৰত সকলো নামি পৰিল বায়ু প্ৰদূষণৰ এক অঘোষিত প্ৰতিযোগিতাত। যাৰ ফলত গুৱাহাটীৰ বায়ুমণ্ডলকে ধৰি অসমৰ চৌদিশে বিয়পি পৰিল দূষিত বায়ু। ফলস্বৰূপে গুৱাহাটীত ২২৫লৈ AQI মান বৃদ্ধি পাই বিপজ্জনক হিচাপে চিহ্নিত হৈছে মহানগৰীৰ বায়ুমণ্ডল।

কালী পূজাত পুৱতি নিশালৈকে চলিল বায়ুমণ্ডল প্ৰদূষণৰ প্ৰতিযোগিতা। আতচবাজীয়ে সৃষ্টি কৰে ধোঁৱাময় পৰিৱেশৰ। কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰমী হিচাপে চিহ্নত হ’ল এইখন ভাৰততে থকা এটা স্থান। তামিলনাডুৰ ইৰোড জিলাৰ মুঠ ৭খন গাঁৱৰ এটা বৃহৎ অঞ্চলজুৰি প্ৰায় ৯০০টা পৰিয়ালে বিগত ২২ বছৰে দীপাৱলীত ফুটুৱা নাই এটাও ফটকা। কাৰণ এই গাঁওসমূহত বাস কৰা পক্ষীসমূহৰ স্বাৰ্থতেই ইয়াৰ বাসিন্দাসকলে দীপাৱলীৰ দিনা চাকি জ্বলোৱা, পূজা কৰাৰ লগতে বিতৰণ কৰে মিঠাই। এই ব্যতিক্ৰমী গাঁওখনৰ বিষয়ে আমিও জানো আহক।

উল্লেখ্য যে তামিলনাডুৰ ইৰোড জিলাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত ভেলোডা নামৰ এখন পক্ষীৰ অভয়াৰণ্য পোৱা যায়। ইয়াৰ আশে-পাশে  থকা প্ৰায় ৭খন গাঁৱৰ স্থানীয় বাসিন্দাসকলে ভাবে যে ফটকাৰ শব্দত চৰাইবোৰে ভয় খাই অভয়াৰণ্যৰ পৰা ওলাই যাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গাঁওকেইখনৰ মুঠ ৯০০টা পৰিয়ালে লয় এনে ভীষ্ম প্ৰতিজ্ঞা। সিদ্ধান্ত অনুসৰিয়েই কাম। আজিপৰ্যন্ত প্ৰায় ২২ বছৰ ধৰি এই অঞ্চলসমূহত পালন কৰি আহিছে সেউজীয়া দীপাৱলীৰ। তথ্য অনুসৰি ভেলোড নামৰ চৰাই অভয়াৰণ্যখনত স্থানীয় আৰু পৰিভ্ৰমী বিভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ চৰাই পোৱা যায়। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰাও ইয়ালৈ হাজাৰ হাজাৰ পক্ষী অহা দেখা যায়। বিশেষকৈ অক্টোবৰৰ পৰা জানুৱাৰী মাহত এইখন অভয়াৰণ্যত চৰাইবোৰে কণী পাৰি পোৱালি জগায়। সেয়েহে এই সকলোবোৰ কথালৈ লক্ষ্য ৰাখি পক্ষী অভয়াৰণ্যৰ আশে-পাশে থকা গাঁৱৰ ৰাইজে দীপাৱলীত ফটকা ফুটুৱাৰ পৰা বিৰত থাকে। দৰাচলতে ইৰোডৰ জিলাৰ এই গাঁওবোৰত চৰাইৰ বাবে দীপাৱলী নিস্তেজ হৈ পৰাৰ বিপৰীতে এই গাঁওসমূহৰ বাসিন্দাসকলে অতি আড়ম্বৰেৰে উদযাপন কৰে দীপাৱলী। দীপাৱলীৰ বাবে নতুন কাপোৰ ক্ৰয় কৰাৰ লগতে পূজা কৰা, চাকি জ্বলোৱাৰ উপৰি মানি চলে গাঁৱৰ সকলো পৰম্পৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ