--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে উদযাপন কৰা হৈছে দীপাৱলী উৎসৱ। প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো দিল্লীকে ধৰি অসমৰ বহু চহৰত সকলো নামি পৰিল বায়ু প্ৰদূষণৰ এক অঘোষিত প্ৰতিযোগিতাত। যাৰ ফলত গুৱাহাটীৰ বায়ুমণ্ডলকে ধৰি অসমৰ চৌদিশে বিয়পি পৰিল দূষিত বায়ু। ফলস্বৰূপে গুৱাহাটীত ২২৫লৈ AQI মান বৃদ্ধি পাই বিপজ্জনক হিচাপে চিহ্নিত হৈছে মহানগৰীৰ বায়ুমণ্ডল।

কালী পূজাত পুৱতি নিশালৈকে চলিল বায়ুমণ্ডল প্ৰদূষণৰ প্ৰতিযোগিতা। আতচবাজীয়ে সৃষ্টি কৰে ধোঁৱাময় পৰিৱেশৰ। কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰমী হিচাপে চিহ্নত হ’ল এইখন ভাৰততে থকা এটা স্থান। তামিলনাডুৰ ইৰোড জিলাৰ মুঠ ৭খন গাঁৱৰ এটা বৃহৎ অঞ্চলজুৰি প্ৰায় ৯০০টা পৰিয়ালে বিগত ২২ বছৰে দীপাৱলীত ফুটুৱা নাই এটাও ফটকা। কাৰণ এই গাঁওসমূহত বাস কৰা পক্ষীসমূহৰ স্বাৰ্থতেই ইয়াৰ বাসিন্দাসকলে দীপাৱলীৰ দিনা চাকি জ্বলোৱা, পূজা কৰাৰ লগতে বিতৰণ কৰে মিঠাই। এই ব্যতিক্ৰমী গাঁওখনৰ বিষয়ে আমিও জানো আহক।

উল্লেখ্য যে তামিলনাডুৰ ইৰোড জিলাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত ভেলোডা নামৰ এখন পক্ষীৰ অভয়াৰণ্য পোৱা যায়। ইয়াৰ আশে-পাশে  থকা প্ৰায় ৭খন গাঁৱৰ স্থানীয় বাসিন্দাসকলে ভাবে যে ফটকাৰ শব্দত চৰাইবোৰে ভয় খাই অভয়াৰণ্যৰ পৰা ওলাই যাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গাঁওকেইখনৰ মুঠ ৯০০টা পৰিয়ালে লয় এনে ভীষ্ম প্ৰতিজ্ঞা। সিদ্ধান্ত অনুসৰিয়েই কাম। আজিপৰ্যন্ত প্ৰায় ২২ বছৰ ধৰি এই অঞ্চলসমূহত পালন কৰি আহিছে সেউজীয়া দীপাৱলীৰ। তথ্য অনুসৰি ভেলোড নামৰ চৰাই অভয়াৰণ্যখনত স্থানীয় আৰু পৰিভ্ৰমী বিভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ চৰাই পোৱা যায়। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰাও ইয়ালৈ হাজাৰ হাজাৰ পক্ষী অহা দেখা যায়। বিশেষকৈ অক্টোবৰৰ পৰা জানুৱাৰী মাহত এইখন অভয়াৰণ্যত চৰাইবোৰে কণী পাৰি পোৱালি জগায়। সেয়েহে এই সকলোবোৰ কথালৈ লক্ষ্য ৰাখি পক্ষী অভয়াৰণ্যৰ আশে-পাশে থকা গাঁৱৰ ৰাইজে দীপাৱলীত ফটকা ফুটুৱাৰ পৰা বিৰত থাকে। দৰাচলতে ইৰোডৰ জিলাৰ এই গাঁওবোৰত চৰাইৰ বাবে দীপাৱলী নিস্তেজ হৈ পৰাৰ বিপৰীতে এই গাঁওসমূহৰ বাসিন্দাসকলে অতি আড়ম্বৰেৰে উদযাপন কৰে দীপাৱলী। দীপাৱলীৰ বাবে নতুন কাপোৰ ক্ৰয় কৰাৰ লগতে পূজা কৰা, চাকি জ্বলোৱাৰ উপৰি মানি চলে গাঁৱৰ সকলো পৰম্পৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক