--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেৱালীৰ সময়তে পুনৰ দিল্লীত বৃদ্ধি পাইছে  প্ৰদূষণৰ মাত্ৰা। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি দিল্লীত বহুতে আতচবাজী ফটোৱাত প্ৰদূৰ্ষণ অধিক বৃদ্ধি পাইছে। গোটেই চহৰখন কুঁৱলীৱে আৱৰি ৰাখিছে। সোমবাৰে ৰাজধানী চহৰ খনত  বায়ুৰ মান সূচকে বায়ুৰ মান  দুৰ্বল বুলি দেখুৱাইছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি কেৱল দিল্লীতেই নহয়, উত্তৰ প্ৰদেশ আৰু তামিলনাডুকে ধৰি কেইবাখনো ৰাজ্যত বায়ুৰ মানৰ অৱনতি ঘটিছে।

জানিব পৰা মতে  পুৱা ৬,৩০  বজাত দিল্লীৰ বায়ুৰ মানদণ্ড ৫০০-ৰ সীমা অতিক্ৰম কৰে। কেন্দ্ৰীয়  প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডেও কৈছে  যে দিল্লীত বায়ুৰ মানৰ অৱনতি হৈছে। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা মতে   একিউআই পুৱা ৮ বজালৈ দিল্লীৰ কেইবা স্থানতো  ৩০০-ৰ ওপৰত আছিল।

দিল্লীত যোৱা কেইদিনমান ধৰি প্ৰদূষণে ভয়াৱহ ৰূপ লৈছে। উচ্চতম ন্যায়ালয়ে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আতচবাজী ফটোৱাতো নিষিদ্ধ কৰিছিল। কিন্তু ন্যায়ালয়ৰ নিৰ্দেশ উপেক্ষা কৰি ৰাজধানীৰ বিভিন্ন স্থানত আতচবাজী  ফুটোৱা   হয়।  দেওবাৰে দিল্লীৰ বায়ু যথেষ্ট ভাল আছিল।প্ৰদূষণ কেৱল দিল্লীতে নহয় সমগ্ৰ দেশতে বিয়পি পৰিছে। দেৱালীৰ পিছদিনা উত্তৰ প্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰকে ধৰি বহু  ৰাজ্যত প্ৰদূষণ বৃদ্ধি পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement