--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২১ চনৰ নৱেম্বৰ মাহত ভাৰতত ভাৰতৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটোৱাৰ সময়ত প্ৰথমবাৰৰ বাবে নাম শুনা গৈছিল ৰচিন ৰবিন্দ্ৰৰ। এতিয়া নিউজিলেণ্ডৰ হৈ বিশ্বকাপত অভিষেক ঘটাবলৈ সক্ষম হৈছে।

২০২৩ চনৰ বিশ্বকাপ আহমেদাবাদত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত ইংলেণ্ডৰ বিৰুদ্ধে ৩ নং স্থানত খেলা ৰবীন্দ্ৰই মাত্ৰ ৯৬ বলত ১২৩ কৰি চমক সৃষ্টি কৰিছে। তদুপৰি বলিঙেৰেও সফলতা অৰ্জন কৰে তেওঁ। লাভ কৰে হেৰী ব্ৰুকৰ উইকেট।

ৰবীন্দ্ৰৰ জন্ম হৈছিল নিউজিলেণ্ডৰ ৱেলিংটনত ভাৰতীয় পিতৃ-মাতৃ ৰবি কৃষ্ণমূৰ্তি আৰু দীপা কৃষ্ণমূৰ্তিৰ ঘৰত। ছফটৱেৰ চিষ্টেম আৰ্কিটেক্ট আৰু হাট হকছ ক্লাব প্ৰতিষ্ঠা কৰা ৰবিয়ে নব্বৈৰ দশকত বেংগালুৰুৰ পৰা নিউজিলেণ্ডলৈ স্থানান্তৰিত হৈছিল আৰু ক্ৰিকেটৰ বিশাল অনুৰাগী আছিল। ৰাহুল দ্ৰাবিড়ৰ ‘ৰা’ আৰু ভাৰতৰ দুজন শ্ৰেষ্ঠ বেটছমেন শচীন টেণ্ডুলকাৰৰ ‘চিন’ লৈ তেওঁ পুত্ৰৰ নাম ৰাখিছিল।

নিউজিলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলত নিৰ্বাচিত হোৱাৰ সময়তে প্ৰথমবাৰৰ বাবে ক্ৰিকেট জগতলৈ আহিছিল ৰবীন্দ্ৰ। ২০১৬ আৰু ২০১৮ চনত ৰবীন্দ্ৰই ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ খেলিছিল। নিউজিলেণ্ডত ঘৰুৱা ক্ৰিকেটত এজন আৰু সকলোকে আপ্লুত কৰিছিল ৰবীন্দ্ৰই আৰু অৱশেষত ২০২১ চনত টি-২০ত নিজৰ দেশৰ হৈ অভিষেক ঘটায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ