--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২১ চনৰ নৱেম্বৰ মাহত ভাৰতত ভাৰতৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটোৱাৰ সময়ত প্ৰথমবাৰৰ বাবে নাম শুনা গৈছিল ৰচিন ৰবিন্দ্ৰৰ। এতিয়া নিউজিলেণ্ডৰ হৈ বিশ্বকাপত অভিষেক ঘটাবলৈ সক্ষম হৈছে।

২০২৩ চনৰ বিশ্বকাপ আহমেদাবাদত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত ইংলেণ্ডৰ বিৰুদ্ধে ৩ নং স্থানত খেলা ৰবীন্দ্ৰই মাত্ৰ ৯৬ বলত ১২৩ কৰি চমক সৃষ্টি কৰিছে। তদুপৰি বলিঙেৰেও সফলতা অৰ্জন কৰে তেওঁ। লাভ কৰে হেৰী ব্ৰুকৰ উইকেট।

ৰবীন্দ্ৰৰ জন্ম হৈছিল নিউজিলেণ্ডৰ ৱেলিংটনত ভাৰতীয় পিতৃ-মাতৃ ৰবি কৃষ্ণমূৰ্তি আৰু দীপা কৃষ্ণমূৰ্তিৰ ঘৰত। ছফটৱেৰ চিষ্টেম আৰ্কিটেক্ট আৰু হাট হকছ ক্লাব প্ৰতিষ্ঠা কৰা ৰবিয়ে নব্বৈৰ দশকত বেংগালুৰুৰ পৰা নিউজিলেণ্ডলৈ স্থানান্তৰিত হৈছিল আৰু ক্ৰিকেটৰ বিশাল অনুৰাগী আছিল। ৰাহুল দ্ৰাবিড়ৰ ‘ৰা’ আৰু ভাৰতৰ দুজন শ্ৰেষ্ঠ বেটছমেন শচীন টেণ্ডুলকাৰৰ ‘চিন’ লৈ তেওঁ পুত্ৰৰ নাম ৰাখিছিল।

নিউজিলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলত নিৰ্বাচিত হোৱাৰ সময়তে প্ৰথমবাৰৰ বাবে ক্ৰিকেট জগতলৈ আহিছিল ৰবীন্দ্ৰ। ২০১৬ আৰু ২০১৮ চনত ৰবীন্দ্ৰই ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ খেলিছিল। নিউজিলেণ্ডত ঘৰুৱা ক্ৰিকেটত এজন আৰু সকলোকে আপ্লুত কৰিছিল ৰবীন্দ্ৰই আৰু অৱশেষত ২০২১ চনত টি-২০ত নিজৰ দেশৰ হৈ অভিষেক ঘটায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু