--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিফাই প্ৰথমবাৰৰ বাবে নতুন ৰূপত ফুটবল বিশ্বকাপৰ আয়োজন কৰিবলৈ ওলাইছে। ২০৩০ চনত ছখন দেশে ফুটবল বিশ্বকাপৰ আয়োজনৰ দায়িত্ব লাভ কৰিছিল। মুঠ তিনিখন মহাদেশত হ’ব ফুটবল বিশ্বকাপ। উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধই একেলগে বিশ্বকাপ আয়োজন কৰিব। ফলত দেশসমূহে দুটা বেলেগ বেলেগ ছিজনত খেলিবলগীয়া হ’ব৷

মৰক্কো, স্পেইন আৰু পৰ্তুগালক এই দায়িত্ব দিয়া হৈছে। কিন্তু আগতীয়া কিছুমান মেচ হ’ব উৰুগুৱে, আৰ্জেণ্টিনা আৰু পেৰাগুৱেত।

 উল্লেখ্য যে ১৯৩০ চনত প্ৰথম ফুটবল বিশ্বকাপ অনুষ্ঠিত হয়। ১০০ বছৰ আগতে উৰুগুৱেত অনুষ্ঠিত হৈছিল বিশ্বকাপ। সেইবাবেই ফিফাই ২০৩০ চনত উৰুগুৱেত বিশ্বকাপৰ খেলখন আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। ১৯৩০ চনত আৰ্জেণ্টিনাক পৰাস্ত কৰি উৰুগুৱেই বিশ্বকাপ জয় কৰে। সেই কাৰণেই ২০৩০ চনত মেছিৰ দেশৰ বিশ্বকাপৰ মেচও হ’ব।

ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে কয়- ‘‘ফিফা আৰু ফুটবলে বিভক্ত পৃথিৱীত ঐক্য আনিব বিচাৰে। সেইবাবেই দক্ষিণ আমেৰিকাৰ তিনিখন দেশত ফুটবল বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব। বিশ্বকাপৰ প্ৰথম তিনিখন মেচ উৰুগুৱেৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।’’

দক্ষিণ আমেৰিকাৰ বাহিৰেও উত্তৰ আফ্ৰিকাৰ মৰক্কোক বিশ্বকাপ আয়োজনৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ লগতে ইউৰোপৰ স্পেইন আৰু পৰ্তুগালকো দায়িত্ব দিয়া হৈছে। অৰ্থাৎ ২০৩০ চনত দুটা গোলাৰ্ধ, তিনিখন মহাদেশ আৰু ছখন দেশত ফুটবল বিশ্বকাপ অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ