--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত লোকসকলে তেওঁলোকৰ সুবিধাৰ বাবে ঘৰত বহি সকলো প্ৰয়োজনীয় সামগ্ৰী অনলাইন অৰ্ডাৰ কৰে। কিন্তু এজন ব্যক্তিয়ে কি অৰ্ডাৰ দিছে,সেয়া জানি আপুনি আচৰিত হ'ব। দৰাচলতে মহাৰাষ্ট্ৰত কুৰিয়াৰ কোম্পানীৰ তিনিটা পৃথক পাৰ্চেলৰ ভিতৰত ৯৭খন তৰোৱাল, ২খন খুকুৰী আৰু ৯খন খঞ্জৰ পোৱা গৈছিল এই কথা গম পোৱাৰ পাছতেই পিম্প্ৰি চিঞ্চৱাড আৰক্ষীয়ে চাৰিজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছিল। তথ্য অনুসৰি ডিটিডিচি নামৰ কুৰিয়াৰ কোম্পানীৰ কৰ্মচাৰীসকলে দুটা বাকচক লৈ সন্দেহ প্ৰকাশ কৰিছিল। কোম্পানীটোৰ আঞ্চলিক মেনেজাৰ ৰঞ্জিত কুমাৰ সিঙক ডিটিডিচিৰ কৰ্মচাৰীসকলে কথাটো অৱগত কৰে। 

ইয়াৰ পাছতে এই কথা মেনেজাৰে লগে লগে আৰক্ষীক অৱগত কৰে। আৰক্ষীৰ দলটো তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈছিল আৰু যেতিয়া সন্দেহযুক্ত বাকচ দুটা স্কেন কৰা হৈছিল। বাকচ দুটাক লৈ সন্দেহ বাঢ়ি অহাৰ লগে লগে বাকচটো খোলাৰ সিদ্ধান্ত ললে আৰক্ষীয়ে।  দুয়োটা বাকচ খোলাৰ লগে লগে আৰক্ষীৰ হতভম্ব হৈ পৰিছিল কিয়নো দুয়োটা বাকচৰ পৰা ৯৭খন তৰোৱাল, ২খন খুকুৰী আৰু ৯খন খঞ্জৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পাছতেই এই পাৰ্চেল পঠোৱা উমেশ সুধৰ নামৰ লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু হয়।

উমেশ সুধৰ অমৃতসৰৰ বাসিন্দা। অনিল হোন নামৰ ব্যক্তিজনৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছে। তেওঁৰ নামত এই পাৰ্চেলটো ডেলিভাৰী পঠোৱা হৈছিল। আৰু দুজন লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছে। কুৰিয়াৰ কোম্পানীৰ জৰিয়তে অবৈধভাৱে পোৱা অস্ত্ৰ-শস্ত্ৰৰ এই ভাণ্ডাৰটো ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ মুঠ মূল্য হৈছে ৩ লাখ ২২ হাজাৰ টকা। 

তথ্য অনুসৰি আগতেও কুৰিয়াৰ কোম্পানীৰ জৰিয়তে এনে অস্ত্ৰ আন চহৰলৈ বিতৰণ কৰা হৈছিল। আৰক্ষীয়ে এতিয়া অনুসন্ধান কৰি আছে যে তৰোৱালবোৰৰ অবৈধভাৱে ক্ৰয় আৰু বিক্ৰীৰ লগত কোন কোন জড়িত হৈ আছে। যিয়ে এই অবৈধ কৰ্মৰ লগত জড়িত তেওঁকেই কঠোৰ শাস্তি দিয়া হব বুলি জনাইছে আৰক্ষীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ; ফাইনেলত ঝাৰখণ্ড, মণিপুৰ
ভাৰতত মুছলমানৰ বাবে সদায় স্থান থাকিব: মোহন ভাগৱত
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ