--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত লোকসকলে তেওঁলোকৰ সুবিধাৰ বাবে ঘৰত বহি সকলো প্ৰয়োজনীয় সামগ্ৰী অনলাইন অৰ্ডাৰ কৰে। কিন্তু এজন ব্যক্তিয়ে কি অৰ্ডাৰ দিছে,সেয়া জানি আপুনি আচৰিত হ'ব। দৰাচলতে মহাৰাষ্ট্ৰত কুৰিয়াৰ কোম্পানীৰ তিনিটা পৃথক পাৰ্চেলৰ ভিতৰত ৯৭খন তৰোৱাল, ২খন খুকুৰী আৰু ৯খন খঞ্জৰ পোৱা গৈছিল এই কথা গম পোৱাৰ পাছতেই পিম্প্ৰি চিঞ্চৱাড আৰক্ষীয়ে চাৰিজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছিল। তথ্য অনুসৰি ডিটিডিচি নামৰ কুৰিয়াৰ কোম্পানীৰ কৰ্মচাৰীসকলে দুটা বাকচক লৈ সন্দেহ প্ৰকাশ কৰিছিল। কোম্পানীটোৰ আঞ্চলিক মেনেজাৰ ৰঞ্জিত কুমাৰ সিঙক ডিটিডিচিৰ কৰ্মচাৰীসকলে কথাটো অৱগত কৰে। 

ইয়াৰ পাছতে এই কথা মেনেজাৰে লগে লগে আৰক্ষীক অৱগত কৰে। আৰক্ষীৰ দলটো তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈছিল আৰু যেতিয়া সন্দেহযুক্ত বাকচ দুটা স্কেন কৰা হৈছিল। বাকচ দুটাক লৈ সন্দেহ বাঢ়ি অহাৰ লগে লগে বাকচটো খোলাৰ সিদ্ধান্ত ললে আৰক্ষীয়ে।  দুয়োটা বাকচ খোলাৰ লগে লগে আৰক্ষীৰ হতভম্ব হৈ পৰিছিল কিয়নো দুয়োটা বাকচৰ পৰা ৯৭খন তৰোৱাল, ২খন খুকুৰী আৰু ৯খন খঞ্জৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পাছতেই এই পাৰ্চেল পঠোৱা উমেশ সুধৰ নামৰ লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু হয়।

উমেশ সুধৰ অমৃতসৰৰ বাসিন্দা। অনিল হোন নামৰ ব্যক্তিজনৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছে। তেওঁৰ নামত এই পাৰ্চেলটো ডেলিভাৰী পঠোৱা হৈছিল। আৰু দুজন লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছে। কুৰিয়াৰ কোম্পানীৰ জৰিয়তে অবৈধভাৱে পোৱা অস্ত্ৰ-শস্ত্ৰৰ এই ভাণ্ডাৰটো ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ মুঠ মূল্য হৈছে ৩ লাখ ২২ হাজাৰ টকা। 

তথ্য অনুসৰি আগতেও কুৰিয়াৰ কোম্পানীৰ জৰিয়তে এনে অস্ত্ৰ আন চহৰলৈ বিতৰণ কৰা হৈছিল। আৰক্ষীয়ে এতিয়া অনুসন্ধান কৰি আছে যে তৰোৱালবোৰৰ অবৈধভাৱে ক্ৰয় আৰু বিক্ৰীৰ লগত কোন কোন জড়িত হৈ আছে। যিয়ে এই অবৈধ কৰ্মৰ লগত জড়িত তেওঁকেই কঠোৰ শাস্তি দিয়া হব বুলি জনাইছে আৰক্ষীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ