--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেট্ৰ’ল, ডিজেল আৰু গেছৰ মূল্যবৃদ্ধিৰ পাছত এইবাৰ আন এক মাধমাৰ দিব পাৰে সৰ্বসাধাৰণৰ ওপৰত। আমুল গাখীৰৰ মূল্য পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। আমুল কোম্পানীৰ বিষয়াসকলে প্ৰকাশ কৰা তথ্য অনুসৰি শক্তি, লজিষ্টিক আৰু পেকেজিং ব্যয় বৃদ্ধিৰ বাবে আমুল গাখীৰৰ মূল্য আকৌ এবাৰ বৃদ্ধিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। অৱশ্যে, এইবাৰৰ বৃদ্ধিৰ হাৰ কিমান হ'ব সেয়া এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১ মাৰ্চত আমূলে গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছিল।

 আমুল কোম্পানীৰ এমডি আৰ এছ সোধিয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মূল্য হ্ৰাস নহ’লেও বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰিছে। সোধিয়ে লগতে কয় যে সহকাৰী সংঘই যোৱা দুবছৰত আমুল গাখীৰৰ মূল্য ৮ শতাংশ বৃদ্ধি কৰিছে। ইয়াৰ ভিতৰত আছে বিগত মাহত গাখীৰৰ মূল্যত প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি হৈছিল। আৰ এছ সোধিয়ে ব্যক্ত কৰা অনুসৰি এইটো স্পষ্ট যে অনাগত সময়ত আমুল গাখীৰৰ মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

 আনহাতে, আৰ এছ সোধিয়ে কয়, ‘আমূল আৰু দুগ্ধ খণ্ডৰ দ্বাৰা কৰা বৃদ্ধি আনৰ তুলনাত বা ইনপুট ব্যয় বৃদ্ধিৰ তুলনাত অতি সীমিত।’ ইফালে, শক্তিৰ মূল্য এক তৃতীয়াংশতকৈও অধিক বৃদ্ধি পাইছে, যাৰ ফলত শীতল সঞ্চয়ৰ ব্যয়ক প্ৰভাৱিত কৰিছে। লজিষ্টিকৰ ব্যয়ো একেধৰণে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে আৰু পেকেজিঙৰ ক্ষেত্ৰতো একেই পৰিস্থিতি অব্যাহত আছে। এই সকলো বিষয়ৰ বাবে বিগত মাৰ্চ মাহত গাখীৰৰ মূল্য ১ৰ পৰা ২ টকা বৃদ্ধি হৈছিল।

 এমডি আৰ এছ সোধিয়ে কয় যে মহামাৰীৰ সময়ত গাখীৰৰ পৰা কৃষকৰ উপাৰ্জন প্ৰতি লিটাৰত ৪ টকা বৃদ্ধি পাইছিল। একে সময়তে বিভিন্ন ধৰণৰ সমস্যাৰ বাবে কোম্পানীটোৰ লাভ হ্ৰাস পাইছে। কিন্তু আমূল এনেধৰণৰ সমস্যাৰ দ্বাৰা বিচলিত নহয়, কিয়নো লাভ-উপাৰ্জন সহকাৰী সংঘৰ মুখ্য উদ্দেশ্য নহয়। আমুলে উপাৰ্জন কৰা এক টকাৰ ভিতৰৰ ৮৫ পইচাই কৃষকসকলৰ ওচৰলৈ যায়। অৰ্থাৎ আমূলৰ লাভত কৃষকসকলক আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন