--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেট্ৰ’ল, ডিজেল আৰু গেছৰ মূল্যবৃদ্ধিৰ পাছত এইবাৰ আন এক মাধমাৰ দিব পাৰে সৰ্বসাধাৰণৰ ওপৰত। আমুল গাখীৰৰ মূল্য পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। আমুল কোম্পানীৰ বিষয়াসকলে প্ৰকাশ কৰা তথ্য অনুসৰি শক্তি, লজিষ্টিক আৰু পেকেজিং ব্যয় বৃদ্ধিৰ বাবে আমুল গাখীৰৰ মূল্য আকৌ এবাৰ বৃদ্ধিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। অৱশ্যে, এইবাৰৰ বৃদ্ধিৰ হাৰ কিমান হ'ব সেয়া এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১ মাৰ্চত আমূলে গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছিল।

 আমুল কোম্পানীৰ এমডি আৰ এছ সোধিয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মূল্য হ্ৰাস নহ’লেও বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰিছে। সোধিয়ে লগতে কয় যে সহকাৰী সংঘই যোৱা দুবছৰত আমুল গাখীৰৰ মূল্য ৮ শতাংশ বৃদ্ধি কৰিছে। ইয়াৰ ভিতৰত আছে বিগত মাহত গাখীৰৰ মূল্যত প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি হৈছিল। আৰ এছ সোধিয়ে ব্যক্ত কৰা অনুসৰি এইটো স্পষ্ট যে অনাগত সময়ত আমুল গাখীৰৰ মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

 আনহাতে, আৰ এছ সোধিয়ে কয়, ‘আমূল আৰু দুগ্ধ খণ্ডৰ দ্বাৰা কৰা বৃদ্ধি আনৰ তুলনাত বা ইনপুট ব্যয় বৃদ্ধিৰ তুলনাত অতি সীমিত।’ ইফালে, শক্তিৰ মূল্য এক তৃতীয়াংশতকৈও অধিক বৃদ্ধি পাইছে, যাৰ ফলত শীতল সঞ্চয়ৰ ব্যয়ক প্ৰভাৱিত কৰিছে। লজিষ্টিকৰ ব্যয়ো একেধৰণে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে আৰু পেকেজিঙৰ ক্ষেত্ৰতো একেই পৰিস্থিতি অব্যাহত আছে। এই সকলো বিষয়ৰ বাবে বিগত মাৰ্চ মাহত গাখীৰৰ মূল্য ১ৰ পৰা ২ টকা বৃদ্ধি হৈছিল।

 এমডি আৰ এছ সোধিয়ে কয় যে মহামাৰীৰ সময়ত গাখীৰৰ পৰা কৃষকৰ উপাৰ্জন প্ৰতি লিটাৰত ৪ টকা বৃদ্ধি পাইছিল। একে সময়তে বিভিন্ন ধৰণৰ সমস্যাৰ বাবে কোম্পানীটোৰ লাভ হ্ৰাস পাইছে। কিন্তু আমূল এনেধৰণৰ সমস্যাৰ দ্বাৰা বিচলিত নহয়, কিয়নো লাভ-উপাৰ্জন সহকাৰী সংঘৰ মুখ্য উদ্দেশ্য নহয়। আমুলে উপাৰ্জন কৰা এক টকাৰ ভিতৰৰ ৮৫ পইচাই কৃষকসকলৰ ওচৰলৈ যায়। অৰ্থাৎ আমূলৰ লাভত কৃষকসকলক আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান