--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জেকলিন ফাৰ্নাণ্ডেজৰ এইবাৰ ৰক্ষা নাই! এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে লাহে লাহে জাল চপাই আনিছে জেকলিনৰ ফালে। ২০০কোটিৰ জালিয়াতিৰ গোচৰত তিহাৰ জে’লত বন্দী হৈ থকা প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ পৰা ১০ কোটি টকাৰ উপহাৰ জেকলিনে লোৱা বুলি চাৰ্জশ্বীটত প্ৰকাশ কৰিছে ইডি-এ। চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে যে, এই উপহাৰৰ ভিতৰত আছিল ৫২ লাখ টকীয়া ঘোঁৰা আৰু ৯লাখ টকীয়া এটা পাৰ্চিয়ান মেকুৰী। ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত ইডি-এ দিল্লীৰ এখন আদালতত দাখিল কৰিছে চাৰ্জশ্বীট। চন্দ্ৰশেখৰে এটা ব্যৱসায়ী দম্পতীৰ পৰা ২০০কোটি টকা বলপূৰ্বকভাৱে আদায় কৰা বুলি অভিযোগ উঠিছিল আৰু এই গোচৰতে পত্নীসহ তেওঁ বন্দী হ’বলগীয়া হৈছিল তিহাৰ জে’লত।

মন কৰিবলগীয়া যে, কেৱল জেকলিন ফাৰ্নাণ্ডেজেই নহয়, আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্য পটিয়সী নোৰা ফাটেহীৰ নামো সন্নিৱিষ্ট হৈছে ইডিৰ এই চাৰ্জশ্বীটত। চাৰ্জশ্বীটত উল্লেখ কৰা অনুসৰি চন্দ্ৰশেখৰ আৰু জেকলিনৰ মাজত এই বছৰৰ প্ৰথম ভাগৰপৰা কথা-বতৰা আৰম্ভ হৈছিল আৰু তাৰ পাছতে তেওঁলৈ বিভিন্ন উপহাৰ পঠিয়াবলৈ আৰম্ভ কৰে অভিযুক্ত লোকজনে। এই উপহাৰবোৰৰ মাজত আছিল অলংকাৰ, মৃণ্ময় পাত্ৰ, চাৰিটা পাৰ্চিয়ান মেকুৰী, ইয়াৰ এটাৰ দাম হৈছে ৯লাখ টকা, আৰু ৫২লাখ টকীয়া এটা ঘোঁৰা।

তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে যে, তেওঁলোকে লাভ কৰা তথ্য অনুসৰি জেকলিনে চন্দ্ৰশেখৰ কাৰাবন্দী হৈ থকা অৱস্থাতো ফোনত কথা পাতিছিল। চন্দ্ৰশেখৰে জামিন লাভ কৰাৰ পাছত তেওঁ জেকলিনৰ বাবে মুম্বাইৰ পৰা দিল্লীলৈ আৰু দিল্লীৰ পৰা চেন্নাইলৈ দুখন চাৰ্টাৰ্ড বিভাগ বুক কৰি দিছিল বুলিও তদন্তকাৰী সংস্থাটোৱে সদৰি কৰিছে। দুয়ো চেন্নাইৰ এখন হোটেলত একেলগে থকাৰ তথ্যও তদন্তকাৰী সংস্থাটোৱে লাভ কৰা বুলি চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে।

চাৰ্জশ্বীটখনত সদৰি কৰা মতে চন্দ্ৰশেখৰে জামিনত মুকলি হোৱাৰ পাছতে বিমানযাত্ৰাতে ব্যয় কৰিছিল ৮ কোটি টকা। ইডি-এ আদালতক জনোৱা অনুসৰি এইজন প্ৰবঞ্চকে জেকলিনৰ আত্মীয়লৈও বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰিছিল। তদুপৰি নোৰা ফাটেহীলৈও বিএমডব্লিউ গাড়ী আৰু আইফোনসহ ১কোটিৰ উপহাৰ চন্দ্ৰশেখৰে দিয়া বুলি ইডি-এ আদালতক জনোৱাৰ কথা এটা সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে, জেকলিন ফাৰ্নাণ্ডেজ আৰু নোৰা ফাটেহীক বহুবাৰ জেৰা কৰিছে তদন্তকাৰী সংস্থাটোৱে। তেওঁলোক ইডি-ৰ ৰাডাৰত থকাটো বলীউডৰ বাবে এক চৰ্চাৰ বিষয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু