--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জেকলিন ফাৰ্নাণ্ডেজৰ এইবাৰ ৰক্ষা নাই! এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে লাহে লাহে জাল চপাই আনিছে জেকলিনৰ ফালে। ২০০কোটিৰ জালিয়াতিৰ গোচৰত তিহাৰ জে’লত বন্দী হৈ থকা প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ পৰা ১০ কোটি টকাৰ উপহাৰ জেকলিনে লোৱা বুলি চাৰ্জশ্বীটত প্ৰকাশ কৰিছে ইডি-এ। চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে যে, এই উপহাৰৰ ভিতৰত আছিল ৫২ লাখ টকীয়া ঘোঁৰা আৰু ৯লাখ টকীয়া এটা পাৰ্চিয়ান মেকুৰী। ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত ইডি-এ দিল্লীৰ এখন আদালতত দাখিল কৰিছে চাৰ্জশ্বীট। চন্দ্ৰশেখৰে এটা ব্যৱসায়ী দম্পতীৰ পৰা ২০০কোটি টকা বলপূৰ্বকভাৱে আদায় কৰা বুলি অভিযোগ উঠিছিল আৰু এই গোচৰতে পত্নীসহ তেওঁ বন্দী হ’বলগীয়া হৈছিল তিহাৰ জে’লত।

মন কৰিবলগীয়া যে, কেৱল জেকলিন ফাৰ্নাণ্ডেজেই নহয়, আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্য পটিয়সী নোৰা ফাটেহীৰ নামো সন্নিৱিষ্ট হৈছে ইডিৰ এই চাৰ্জশ্বীটত। চাৰ্জশ্বীটত উল্লেখ কৰা অনুসৰি চন্দ্ৰশেখৰ আৰু জেকলিনৰ মাজত এই বছৰৰ প্ৰথম ভাগৰপৰা কথা-বতৰা আৰম্ভ হৈছিল আৰু তাৰ পাছতে তেওঁলৈ বিভিন্ন উপহাৰ পঠিয়াবলৈ আৰম্ভ কৰে অভিযুক্ত লোকজনে। এই উপহাৰবোৰৰ মাজত আছিল অলংকাৰ, মৃণ্ময় পাত্ৰ, চাৰিটা পাৰ্চিয়ান মেকুৰী, ইয়াৰ এটাৰ দাম হৈছে ৯লাখ টকা, আৰু ৫২লাখ টকীয়া এটা ঘোঁৰা।

তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে যে, তেওঁলোকে লাভ কৰা তথ্য অনুসৰি জেকলিনে চন্দ্ৰশেখৰ কাৰাবন্দী হৈ থকা অৱস্থাতো ফোনত কথা পাতিছিল। চন্দ্ৰশেখৰে জামিন লাভ কৰাৰ পাছত তেওঁ জেকলিনৰ বাবে মুম্বাইৰ পৰা দিল্লীলৈ আৰু দিল্লীৰ পৰা চেন্নাইলৈ দুখন চাৰ্টাৰ্ড বিভাগ বুক কৰি দিছিল বুলিও তদন্তকাৰী সংস্থাটোৱে সদৰি কৰিছে। দুয়ো চেন্নাইৰ এখন হোটেলত একেলগে থকাৰ তথ্যও তদন্তকাৰী সংস্থাটোৱে লাভ কৰা বুলি চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে।

চাৰ্জশ্বীটখনত সদৰি কৰা মতে চন্দ্ৰশেখৰে জামিনত মুকলি হোৱাৰ পাছতে বিমানযাত্ৰাতে ব্যয় কৰিছিল ৮ কোটি টকা। ইডি-এ আদালতক জনোৱা অনুসৰি এইজন প্ৰবঞ্চকে জেকলিনৰ আত্মীয়লৈও বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰিছিল। তদুপৰি নোৰা ফাটেহীলৈও বিএমডব্লিউ গাড়ী আৰু আইফোনসহ ১কোটিৰ উপহাৰ চন্দ্ৰশেখৰে দিয়া বুলি ইডি-এ আদালতক জনোৱাৰ কথা এটা সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে, জেকলিন ফাৰ্নাণ্ডেজ আৰু নোৰা ফাটেহীক বহুবাৰ জেৰা কৰিছে তদন্তকাৰী সংস্থাটোৱে। তেওঁলোক ইডি-ৰ ৰাডাৰত থকাটো বলীউডৰ বাবে এক চৰ্চাৰ বিষয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ