--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বেয়া খবৰৰ মাজতে একাধিক ভাল খবৰে আনন্দিত কৰি তুলিছে ছলমান খানক। ভাইজানৰ আনন্দত আহ্লাদিত অনুৰাগী। প্ৰাক্তন প্ৰেয়সী কেটৰিনাক অৰ্ধাঙ্গিনীৰ মৰ্যাদা দিব নোৱাৰিলে ভাইজানে। শুকুৰবাৰে বিবাহ পাশত আৱদ্ধ হ’ব কেটৰিনা-ভিক কৌশল। এনে বিৰহ-বেদনাৰ মাজতে কঁকাল পোনাইছে ছলমান খানে। শেহতীয়াকৈ, বলীউড ছুপাৰষ্টাৰজনে পুনৰ এজন গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ছলমান খান অভিনীত 'লাষ্ট: দ্য ফাইনেল ট্ৰুথ' ছবিখন চলিত বৰ্ষৰ ২৬ নৱেম্বৰত মুক্তি পাইছে। বৰ্তমান ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে ভাইজান। শেহতীয়াকৈ, বলীউড ছুপাৰষ্টাৰজনে ভাৰতীয় গুপ্তচৰ ৰবীন্দ্ৰ কৌশিকৰ জীৱনীমূলক ছবিত অভিনয় কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এইবাৰ 'ব্লেক টাইগাৰ' নামে জনাজাত এজন গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰিব ছলমান খানে। ইফালে শ্বাহৰুখ খানৰ আগন্তুক ছবি 'পাঠান'তো অনুৰাগীয়ে দেখিবলৈ পাব প্ৰিয় অভিনেতাজনক। লগতে তেওঁৰ অভিনীত 'এক থা টাইগাৰ' 'টাইগাৰ-৩' ৰ চিকুৱেল অহা বছৰ মুক্তি পাব। একপ্ৰকাৰ কেটৰিনাক জীৱনসংগী কৰি ল’ব নোৱাৰিলেও জীৱনটোত ছলমানে নতুনকৈ সজাব খুজিছে বুলিয়েই ধাৰণা কৰি লৈছে অনুৰাগীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু