--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সাংসদ গৰাকীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীৰ অধীনত জালালপুৰৰ পৰা চন্দ্ৰনাথপুৰলৈ এক সচেতনতামূলক বাইক ৰেলী উলিওৱা হয়।

ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সমস্যা । এই সমস্যা ৰোধৰ প্ৰচেষ্টাত কাছাৰৰ কাটিগড়া বিধান সভা সমষ্টিত "পথৰ বাৰ্তা, পথৰ যাত্ৰা" শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয় । 


পথ দূৰ্ঘটনা আৰু ট্ৰেফিক আইন সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে হাতত লোৱা হয় এই বিশেষ কাৰ্য্যসূচীৰ। ৰাষ্ট্ৰীয় পথ সুৰক্ষা অভিযানৰ অংশ হিচাপে অনুষ্ঠিত এই কাৰ্য্যসূচীৰ সক্ৰিয় নেতৃত্ব লয় সাংসদ পৰিমল শুক্লবৈদ্যই।


সাংসদ গৰাকীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীৰ অধীনত জালালপুৰৰ পৰা চন্দ্ৰনাথপুৰলৈ এক সচেতনতামূলক বাইক ৰেলী উলিওৱা হয়। ৰেলীৰ সমান্তৰালভাৱে কাটিগৰাৰ বিভিন্ন স্থানত পথসভাও অনুষ্ঠিত কৰা হয় । 



এই পথসভাত সাংসদ পৰিমল শুক্লবৈদ্যই জনগণক উদ্দেশ্যি কয় যে ," ভাৰতত প্ৰতিবছৰে প্ৰায় ৪ লাখ ৬০ হাজাৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই পথ দুৰ্ঘটনাত মৃত্যু ঘটে প্ৰায় ১ লাখ ৭২ হাজাৰ লোকৰ । " ইয়াৰ লগতে সাংসদ গৰাকীয়ে তেওঁৰ ভাষণৰ জৰিয়তে সকলোকে দায়িত্বশীল ভাৱে বাহন চলাবলৈ আৰু হেলমেট , চিটবেল্ট আদি ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়ে । অতিৰিক্ত গতি আৰু মদ্যপান অৱস্থাত বাহন নচলাবলৈও আহ্বান জনায় সাংসদ পৰিমল শুক্লবৈদ্যই । 


কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে বিজেপিৰ কালাই মণ্ডলৰ সভাপতি নিত্য গোপাল দাস, পশ্চিম কাটিগৰা মণ্ডল সভাপতি নিৰাপদ দেব , বৰিষ্ঠ বিজেপি নেতা সুখেন্দু কৰৰ লগতে অন্যান্য স্থানীয় নেতা কৰ্মী সকল । "পথৰ বাৰ্তা, পথৰ যাত্ৰা" শীৰ্ষক অভিযানে জনসাধাৰণৰ মাজত পথ সুৰক্ষা আৰু দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু