--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সাংসদ গৰাকীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীৰ অধীনত জালালপুৰৰ পৰা চন্দ্ৰনাথপুৰলৈ এক সচেতনতামূলক বাইক ৰেলী উলিওৱা হয়।

ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সমস্যা । এই সমস্যা ৰোধৰ প্ৰচেষ্টাত কাছাৰৰ কাটিগড়া বিধান সভা সমষ্টিত "পথৰ বাৰ্তা, পথৰ যাত্ৰা" শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয় । 


পথ দূৰ্ঘটনা আৰু ট্ৰেফিক আইন সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে হাতত লোৱা হয় এই বিশেষ কাৰ্য্যসূচীৰ। ৰাষ্ট্ৰীয় পথ সুৰক্ষা অভিযানৰ অংশ হিচাপে অনুষ্ঠিত এই কাৰ্য্যসূচীৰ সক্ৰিয় নেতৃত্ব লয় সাংসদ পৰিমল শুক্লবৈদ্যই।


সাংসদ গৰাকীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীৰ অধীনত জালালপুৰৰ পৰা চন্দ্ৰনাথপুৰলৈ এক সচেতনতামূলক বাইক ৰেলী উলিওৱা হয়। ৰেলীৰ সমান্তৰালভাৱে কাটিগৰাৰ বিভিন্ন স্থানত পথসভাও অনুষ্ঠিত কৰা হয় । 



এই পথসভাত সাংসদ পৰিমল শুক্লবৈদ্যই জনগণক উদ্দেশ্যি কয় যে ," ভাৰতত প্ৰতিবছৰে প্ৰায় ৪ লাখ ৬০ হাজাৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই পথ দুৰ্ঘটনাত মৃত্যু ঘটে প্ৰায় ১ লাখ ৭২ হাজাৰ লোকৰ । " ইয়াৰ লগতে সাংসদ গৰাকীয়ে তেওঁৰ ভাষণৰ জৰিয়তে সকলোকে দায়িত্বশীল ভাৱে বাহন চলাবলৈ আৰু হেলমেট , চিটবেল্ট আদি ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়ে । অতিৰিক্ত গতি আৰু মদ্যপান অৱস্থাত বাহন নচলাবলৈও আহ্বান জনায় সাংসদ পৰিমল শুক্লবৈদ্যই । 


কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে বিজেপিৰ কালাই মণ্ডলৰ সভাপতি নিত্য গোপাল দাস, পশ্চিম কাটিগৰা মণ্ডল সভাপতি নিৰাপদ দেব , বৰিষ্ঠ বিজেপি নেতা সুখেন্দু কৰৰ লগতে অন্যান্য স্থানীয় নেতা কৰ্মী সকল । "পথৰ বাৰ্তা, পথৰ যাত্ৰা" শীৰ্ষক অভিযানে জনসাধাৰণৰ মাজত পথ সুৰক্ষা আৰু দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ